হে মুমিনসকল! তোমালোকে যেতিয়া এজনে আনজনৰ লগত নিৰ্ধাৰিত সময়ৰ বাবে ঋণ আদান-প্ৰদান কৰিবা তেতিয়া সেইটো লিখি ৰাখিবা; তোমালোকৰ মাজত কোনো লেখকে যাতে সেইটো ন্যায়ভাৱে লিখি দিয়ে; আৰু কোনো লেখকে যেন লিখিবলৈ অস্বীকাৰ নকৰে, যেনেকৈ আল্লাহে তাক শিক্ষা দিছে। এতেকে সি যেন লিখে; আৰু যি ব্যক্তিৰ ওপৰত হক আছে (ঋণগ্ৰহীতা) সি যেন লিখাৰ বিষয়বস্তু কৈ দিয়ে আৰু সি যেন তেওঁৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰে; আৰু তাৰ পৰা একো যাতে হ্ৰাস নকৰে (ব্যতিক্ৰম নকৰে)। তাৰ পিছত যাৰ ওপৰত হক আছে (ঋণগ্ৰহীতা) যদি নিৰ্বোধ বা দুৰ্বল হয় অথবা লিখাৰ বিষয়বস্তু সি কৈ দিব নোৱাৰে তেন্তে তাৰ অভিভাৱকে যেন ন্যায়ভাৱে লিখাৰ বিষয়বস্তু কৈ দিয়ে; আৰু তোমালোকে তোমালোকৰ মাজৰ দুজন পুৰুষক সাক্ষী থোৱা, এতেকে যদি দুজন পুৰুষ নাথাকে তেন্তে এজন পুৰুষ আৰু দুজনী নাৰীক সাক্ষী থোৱা যিসকলক তোমালোকে সাক্ষী হিচাপে পছন্দ কৰা, যাতে নাৰীসকলৰ মাজৰ কোনোবাই পাহৰি গ'লে এজনীয়ে আনজনীক স্মৰণ কৰাই দিব পাৰে; আৰু সাক্ষীসকলক যেতিয়া মাতা হ'ব তেতিয়া সিহঁতে যেন অস্বীকাৰ নকৰে; আৰু সেইটো (ঋণ আদান-প্ৰদান) সৰু ডাঙৰ যিটোৱেই হওক, নিৰ্ধাৰিত সময় লিখিবলৈ তোমালোকে কোনো ধৰণৰ বিৰক্ত নহ'বা। এইটোৱেই আল্লাহৰ ওচৰত ন্যায় আৰু সাক্ষ্যদানৰ বাবে দৃঢ়তৰ আৰু তোমালোকৰ মাজত সন্দেহ স্থান নোপোৱাৰ বাবে অধিক উপযুক্ত। কিন্তু তোমালোকে পৰস্পৰে যি নগদ ব্যৱসায় পৰিচালনা কৰা সেইটো তোমালোকে নিলিখিলেও কোনো দোষ নাই, আৰু তোমালোকে যেতিয়া পৰস্পৰে বেচা-কিনা কৰা তেতিয়া সাক্ষী ৰাখিবা; আৰু কোনো লেখক আৰু সাক্ষীক ক্ষতিগ্ৰস্ত কৰা নহ’ব, আৰু যদি তোমালোকে ক্ষতিগ্ৰস্ত কৰা তেন্তে এইটো হ'ব তোমালোকৰ লগত অনাচাৰ। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু আল্লাহে তোমালোকক শিক্ষা দিব আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
الترجمة الأسامية