ترجمة معاني سورة طه باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
الترجمة الإنجليزية - صحيح انترناشونال
المنتدى الإسلامي
الترجمة الإنجليزية
الترجمة الفرنسية - المنتدى الإسلامي
نبيل رضوان
الترجمة الإسبانية
محمد عيسى غارسيا
الترجمة الإسبانية - المنتدى الإسلامي
الترجمة الإسبانية (أمريكا اللاتينية) - المنتدى الإسلامي
المنتدى الإسلامي
الترجمة البرتغالية
حلمي نصر
الترجمة الألمانية - بوبنهايم
عبد الله الصامت
الترجمة الألمانية - أبو رضا
أبو رضا محمد بن أحمد بن رسول
الترجمة الإيطالية
عثمان الشريف
الترجمة التركية - مركز رواد الترجمة
فريق مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة التركية - شعبان بريتش
شعبان بريتش
الترجمة التركية - مجمع الملك فهد
مجموعة من العلماء
الترجمة الإندونيسية - شركة سابق
شركة سابق
الترجمة الإندونيسية - المجمع
وزارة الشؤون الإسلامية الأندونيسية
الترجمة الإندونيسية - وزارة الشؤون الإسلامية
وزارة الشؤون الإسلامية الأندونيسية
الترجمة الفلبينية (تجالوج)
مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة الفارسية - دار الإسلام
فريق عمل اللغة الفارسية بموقع دار الإسلام
الترجمة الفارسية - حسين تاجي
حسين تاجي كله داري
الترجمة الأردية
محمد إبراهيم جوناكري
الترجمة البنغالية
أبو بكر محمد زكريا
الترجمة الكردية
حمد صالح باموكي
الترجمة البشتوية
زكريا عبد السلام
الترجمة البوسنية - كوركت
بسيم كوركورت
الترجمة البوسنية - ميهانوفيتش
محمد مهانوفيتش
الترجمة الألبانية
حسن ناهي
الترجمة الأوكرانية
ميخائيلو يعقوبوفيتش
الترجمة الصينية
محمد مكين الصيني
الترجمة الأويغورية
محمد صالح
الترجمة اليابانية
روايتشي ميتا
الترجمة الكورية
حامد تشوي
الترجمة الفيتنامية
حسن عبد الكريم
الترجمة الكازاخية - مجمع الملك فهد
خليفة الطاي
الترجمة الكازاخية - جمعية خليفة ألطاي
جمعية خليفة الطاي الخيرية
الترجمة الأوزبكية - علاء الدين منصور
علاء الدين منصور
الترجمة الأوزبكية - محمد صادق
محمد صادق محمد
الترجمة الأذرية
علي خان موساييف
الترجمة الطاجيكية - عارفي
فريق متخصص مكلف من مركز رواد الترجمة بالشراكة مع موقع دار الإسلام
الترجمة الطاجيكية
خوجه ميروف خوجه مير
الترجمة الهندية
مولانا عزيز الحق العمري
الترجمة المليبارية
عبد الحميد حيدر المدني
الترجمة الغوجراتية
رابيلا العُمري
الترجمة الماراتية
محمد شفيع أنصاري
الترجمة التلجوية
مولانا عبد الرحيم بن محمد
الترجمة التاميلية
عبد الحميد الباقوي
الترجمة السنهالية
فريق مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
الترجمة الخميرية
جمعية تطوير المجتمع الاسلامي الكمبودي
الترجمة النيبالية
جمعية أهل الحديث المركزية
الترجمة التايلاندية
مجموعة من جمعية خريجي الجامعات والمعاهد بتايلاند
الترجمة الصومالية
محمد أحمد عبدي
الترجمة الهوساوية
الترجمة الأمهرية
محمد صادق
الترجمة اليورباوية
أبو رحيمة ميكائيل أيكوييني
الترجمة الأورومية
الترجمة التركية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفرنسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الإندونيسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفيتنامية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة البوسنية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الإيطالية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفلبينية (تجالوج) للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفارسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
Dr. Ghali - English translation
Muhsin Khan - English translation
Pickthall - English translation
Yusuf Ali - English translation
Azerbaijani - Azerbaijani translation
Sadiq and Sani - Amharic translation
Farsi - Persian translation
Finnish - Finnish translation
Muhammad Hamidullah - French translation
Korean - Korean translation
Maranao - Maranao translation
Abdul Hameed and Kunhi Mohammed - Malayalam translation
Salomo Keyzer - Flemish (Dutch) translation
Norwegian - Norwegian translation
Samir El - Portuguese translation
Polish - Polish translation
Romanian - Romanian translation
Elmir Kuliev - Russian translation
Albanian - Albanian translation
Tatar - Tatar translation
Japanese - Japanese translation
محمد جوناگڑھی - Urdu translation
Ma Jian - Chinese translation
Turkish - Turkish translation
King Fahad Quran Complex - Thai translation
Ali Muhsin Al - Swahili translation
Abdullah Muhammad Basmeih - Malay translation
Hamza Roberto Piccardo - Italian translation
Indonesian - Indonesian translation
Bubenheim & Elyas - German / Deutsch translation
Bosnian - Bosnian translation
Hasan Efendi Nahi - Albanian translation
Sherif Ahmeti - Albanian translation
Sahih International - English translation
Czech - Czech translation
Abul Ala Maududi(With tafsir) - English translation
Tajik - Tajik translation
Alikhan Musayev - Azerbaijani translation
Muhammad Saleh - Uighur; Uyghur translation
Abdul Haleem - English translation
Mufti Taqi Usmani - English translation
Muhammad Karakunnu and Vanidas Elayavoor - Malayalam translation
Sheikh Isa Garcia - Spanish; Castilian translation
Divehi - Divehi; Dhivehi; Maldivian translation
Abubakar Mahmoud Gumi - Hausa translation
Mahmud Muhammad Abduh - Somali translation
Knut Bernström - Swedish translation
Jan Trust Foundation - Tamil translation
Mykhaylo Yakubovych - Ukrainian translation
Uzbek - Uzbek translation
Diyanet Isleri - Turkish translation
Ministry of Awqaf, Egypt - Russian translation
Abu Adel - Russian translation
Burhan Muhammad - Kurdish translation
Dr. Mustafa Khattab, The Clear Quran - English translation
Dr. Mustafa Khattab - English translation
الترجمة الإنجليزية - مركز رواد الترجمة
الترجمة الفرنسية - محمد حميد الله
الترجمة البوسنية - مركز رواد الترجمة
الترجمة الصربية - مركز رواد الترجمة - جار العمل عليها
الترجمة الألبانية - مركز رواد الترجمة - جار العمل عليها
الترجمة اليابانية - سعيد ساتو
الترجمة الفيتنامية - مركز رواد الترجمة
الترجمة التاميلية - عمر شريف
الترجمة السواحلية - عبد الله محمد وناصر خميس
الترجمة اللوغندية - المؤسسة الإفريقية للتنمية
الترجمة الإنكو بامبارا - ديان محمد
الترجمة العبرية
الترجمة الإنجليزية للمختصر في تفسير القرآن الكريم
الترجمة الروسية للمختصر في تفسير القرآن الكريم
الترجمة البنغالية للمختصر في تفسير القرآن الكريم
الترجمة الصينية للمختصر في تفسير القرآن الكريم
الترجمة اليابانية للمختصر في تفسير القرآن الكريم
ترجمة معاني القرآن الكريم - عادل صلاحي
عادل صلاحي
ﰡ
آية رقم 1
ﭵ
ﭶ
ত্বা-হা
آية رقم 2
ﭷﭸﭹﭺﭻ
ﭼ
আমি তোমাক দুখ-কষ্টত পতিত কৰিবলৈ তোমাৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা নাই;
آية رقم 3
ﭽﭾﭿﮀ
ﮁ
বৰং যিয়ে ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছো),
آية رقم 4
ﮂﮃﮄﮅﮆﮇ
ﮈ
যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে তেওঁৰ তৰফৰ পৰা নাযিলকৃত,
آية رقم 5
ﮉﮊﮋﮌ
ﮍ
পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে।
آية رقم 6
আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে লগতে ভূগৰ্ভত যি আছে সেই সকলো তেওঁৰেই।
آية رقم 7
আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অতি গোপন সকলো বিষয়ে জানে।
آية رقم 8
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই।
آية رقم 9
ﮭﮮﮯﮰ
ﮱ
আৰু মুছাৰ বৃত্তান্ত তোমাৰ ওচৰত আহি পাইছেনে?
آية رقم 10
তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছো। আশা কৰো মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰো’।
آية رقم 11
ﯦﯧﯨﯩ
ﯪ
যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মুছা!
آية رقم 12
‘নিশ্চয় ময়েই তোমাৰ ৰব, এতেকে তোমাৰ জোতাযোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা।
آية رقم 13
ﭑﭒﭓﭔﭕ
ﭖ
‘আৰু মই তোমাক মনোনীত কৰিছো। সেয়ে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা।
آية رقم 14
‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।
آية رقم 15
‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰো যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিয়া যায়।
آية رقم 16
‘এতেকে যি ব্যক্তি কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ঈমান আনাৰ পৰা বিৰত নাৰাখে, অন্যথা তুমি ধ্বংস হৈ যাবা।
آية رقم 17
ﭹﭺﭻﭼ
ﭽ
‘আৰু হে মুছা! তোমাৰ সোঁ হাতত সেইটো কি’?
آية رقم 18
তেওঁ ক’লে, ‘এইডাল মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।
آية رقم 19
ﮌﮍﮎ
ﮏ
আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।
آية رقم 20
ﮐﮑﮒﮓﮔ
ﮕ
তাৰ পিছত তেওঁ সেইডাল নিক্ষেপ কৰিলে, লগে লগে সেয়া এডাল সাপ হৈ দৌৰিব ধৰিলে,
آية رقم 21
আল্লাহে ক’লে, ‘তুমি এইটো ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থাত উভতাই দিম।
آية رقم 22
‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, সেয়া আৰু এটা নিদৰ্শনস্বৰূপ কোনো ধৰণৰ ত্ৰুটিবিহীন উজ্জ্বল হৈ ওলাই আহিব।
آية رقم 23
ﮫﮬﮭﮮ
ﮯ
‘এইটো এই বাবে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।
آية رقم 24
ﮰﮱﯓﯔﯕ
ﯖ
‘ফিৰআউনৰ ওচৰত যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।
آية رقم 25
ﯗﯘﯙﯚﯛ
ﯜ
মুছাই ক’লে, ‘হে মোৰ ৰব! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।
آية رقم 26
ﯝﯞﯟ
ﯠ
‘আৰু মোৰ কাম সহজ কৰি দিয়া,
آية رقم 27
ﯡﯢﯣﯤ
ﯥ
‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া-
آية رقم 28
ﯦﯧ
ﯨ
‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।
آية رقم 29
ﯩﯪﯫﯬﯭ
ﯮ
‘আৰু মোৰ পৰিয়ালৰ পৰা মোৰ বাবে এজন সাহায্যকাৰী নিৰ্ধাৰণ কৰি দিয়া;
آية رقم 30
ﯯﯰ
ﯱ
‘মোৰ ভাই হাৰূনক;
آية رقم 31
ﯲﯳﯴ
ﯵ
‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা,
آية رقم 32
ﯶﯷﯸ
ﯹ
‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা,
آية رقم 33
ﯺﯻﯼ
ﯽ
‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰো,
آية رقم 34
ﯾﯿ
ﰀ
‘আৰু অধিক পৰিমাণে স্মৰণ কৰিব পাৰো।
آية رقم 35
ﰁﰂﰃﰄ
ﰅ
‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।
آية رقم 36
ﰆﰇﰈﰉﰊ
ﰋ
তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।
آية رقم 37
ﰌﰍﰎﰏﰐ
ﰑ
‘আৰু অৱশ্যে আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলো;
آية رقم 38
ﭑﭒﭓﭔﭕﭖ
ﭗ
‘যেতিয়া আমি তোমাৰ মাকক যি জনাবলগীয়া আছিল সেয়া জনাইছিলো,
آية رقم 39
‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক সাগৰত উটুৱাই দিয়া, যাতে সাগৰে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ শত্ৰুৱে আৰু তাৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলো, আৰু যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।
آية رقم 40
‘যেতিয়া তোমাৰ বায়েৰে খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (যেতিয়া গৈ পালে) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলো, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাঙি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলো আৰু আমি তোমাক বহু পৰীক্ষা কৰিছো। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছত তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।
آية رقم 41
ﮖﮗ
ﮘ
‘আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি লৈছো।
آية رقم 42
‘তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহ লৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা,
آية رقم 43
ﮢﮣﮤﮥﮦ
ﮧ
‘তোমালোকে দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।
آية رقم 44
‘তোমালোকে তাৰ লগত কোমল ভাৱে কথা কবা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব’।
آية رقم 45
তেওঁলোকে ক’লে, ‘হে আমাৰ ৰব! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।
آية رقم 46
তেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছো, মই শুনো আৰু দেখোঁ’।
آية رقم 47
এতেকে তোমালোকে তাৰ ওচৰত যোৱা আৰু কোৱা, ‘আমি দুয়ো তোমাৰ প্ৰতিপালকৰ ৰাছুল, সেয়ে আমাৰ লগত বনী ইছৰাঈলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা, আমি তোমাৰ ওচৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন লৈ আহিছো; আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক।
آية رقم 48
‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে মিছা আৰোপ কৰে আৰু মুখ ঘূৰাই লয়’।
آية رقم 49
ﰉﰊﰋﰌ
ﰍ
ফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব কোন’?
آية رقم 50
মুছাই ক’লে, ‘তেৱেঁই আমাৰ ৰব, যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।
آية رقم 51
ﰘﰙﰚﰛﰜ
ﰝ
ফিৰআউনে ক’লে, ‘তেনেহ’লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি’?
آية رقم 52
মুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’।
آية رقم 53
‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰো।
آية رقم 54
তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা; নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে।
آية رقم 55
আমি তোমাক মাটিৰ পৰাই সৃষ্টি কৰিছো, তালৈকেই তোমালোকক উভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।
آية رقم 56
ﮇﮈﮉﮊﮋﮌ
ﮍ
আৰু অৱশ্যে আমি তাক আমাৰ প্ৰত্যেক নিদৰ্শন দেখুৱাইছিলো; কিন্তু সি মিছা আৰোপ কৰিছে আৰু অমান্য কৰিছে।
آية رقم 57
সি ক’লে, ‘হে মুছা! তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি’?
آية رقم 58
‘তেনেহ’লে অৱশ্যে আমিও তোমাৰ ওচৰত অনুৰূপ যাদু উপস্থিত কৰিম, সেয়ে এটা মধ্যৱৰ্তী স্থানত আমাৰ আৰু তোমাৰ মাজত এটা সময় নিৰ্ধাৰণ কৰা, সেইটো আমিও লঙ্ঘন নকৰিম আৰু তুমিও লঙ্ঘন নকৰিবা’।
آية رقم 59
মুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।
آية رقم 60
ﮮﮯﮰﮱﯓﯔ
ﯕ
লগে লগে ফিৰআউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল।
آية رقم 61
মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’।
آية رقم 62
ﯧﯨﯩﯪﯫ
ﯬ
তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক-বিতণ্ডা কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে।
آية رقم 63
সিহঁতে ক’লে, ‘এই দুজন অৱশ্যে যাদুকৰ, সিহঁতে সিহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।
آية رقم 64
‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।
آية رقم 65
সিহঁতে ক’লে, ‘হে মুছা! হয় তুমি আগতে নিক্ষেপ কৰা নহলে আমিয়ে প্ৰথম নিক্ষেপকাৰী হম’।
آية رقم 66
মুছাই ক’লে, ‘বৰং তোমালোকেই (আগতে) নিক্ষেপ কৰা’। ফলত (সিহঁতে নিক্ষেপ কৰাৰ) লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনে লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে।
آية رقم 67
ﭫﭬﭭﭮﭯ
ﭰ
তেতিয়া মুছাই তেওঁৰ অন্তৰত অলপ ভীতি অনুভৱ কৰিলে।
آية رقم 68
ﭱﭲﭳﭴﭵﭶ
ﭷ
আমি ক’লো, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা।
آية رقم 69
‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেয়া খাই পেলাব। সিহঁতে যি কৰিছে সেয়া কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’তে নাহক কিয়, কেতিয়াও সফল নহ’ব’।
آية رقم 70
ফলত যাদুকৰসকলে ছাজদাৱনত হ’ল, সিহঁতে ক’লে, ‘আমি হাৰূন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলো’।
آية رقم 71
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। সেয়ে অৱশ্যে মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।
آية رقم 72
সিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত লব লগা আছে লোৱা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা’।
آية رقم 73
‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছো, যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা সেয়া ক্ষমা কৰি দিয়ে, আৰু আল্লাহ শ্ৰেষ্ঠ ও স্থায়ী’।
آية رقم 74
নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব অৱশ্যে তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।
آية رقم 75
আৰু যিসকলে তেওঁৰ ওচৰত সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবেই আছে উচ্চ মৰ্যাদা।
آية رقم 76
স্থায়ী জান্নাত, যাৰ তলত নদী প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰষ্কাৰ যিসকলে পৰিশুদ্ধ হয়।
آية رقم 77
আৰু আমি অৱশ্যে মুছাৰ প্ৰতি অহী কৰিছিলো এই কথা কৈ যে, মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা, পিচফালৰ পৰা আহি ধৰাৰ আশংকা নকৰিবা আৰু ভয়ও নকৰিবা।
آية رقم 78
তাৰ পিছত ফিৰআউনে তাৰ সৈন্যবাহিনী লৈ তেওঁলোকৰ পিচ ল’লে, ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই নিলে।
آية رقم 79
ﭭﭮﭯﭰﭱ
ﭲ
কাৰণ ফিৰআউনে তাৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল আৰু সৎপথ দেখুৱা নাছিল।
آية رقم 80
হে বনী ইছৰাঈল! অৱশ্যে আমি তোমালোকক শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলো, আৰু আমিয়ে তোমালোকক প্ৰতিশ্ৰুতি দিছিলো তূৰ পৰ্বতৰ সোঁ ফালে, আৰু তোমালোকৰ ওপৰত মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলো,
آية رقم 81
তোমালোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা পৱিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমালঙ্ঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ’ব; আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় অৱশ্যে সি ধ্বংস হৈ যায়।
آية رقم 82
আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে।
آية رقم 83
ﮟﮠﮡﮢﮣﮤ
ﮥ
হে মুছা! তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে?
آية رقم 84
মুছাই ক’লে, ‘সিহঁত মোৰ পিছে পিছে আছেই দেখুন, হে মোৰ ৰব! মই তোমাৰ ওচৰত খৰখেদা কৈ আহিছো যাতে তুমি সন্তুষ্ট হোৱা’।
آية رقم 85
তেওঁ ক’লে, ‘তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছো, আৰু ছামেৰীয়ে সিহঁতক পথভ্ৰষ্ট কৰিছে’।
آية رقم 86
তাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিল নে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপতিত হোৱাটো কামনা কৰা? সেই কাৰণে তোমালোকে মোক দিয়া অঙ্গীকাৰ ভঙ্গ কৰিলানে’?
آية رقم 87
সিহঁতে ক’লে, ‘আমি আপোনাক দিয়া অঙ্গীকাৰ নিজে ইচ্ছা কৰি ভঙ্গ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল। সেয়ে আমি সেইবোৰ জুইত নিক্ষেপ কৰিছো, এইদৰে ছামেৰীয়েও (তাত অলপ মাটি) নিক্ষেপ কৰিছিল।
آية رقم 88
‘তাৰ পিছত সি সিহঁতৰ বাবে এটা দামুৰী সাজিলে, এটা অৱয়ব, যিটো গৰুৰ দৰে হাম্বা হাম্বা কৰিছিল’। তেতিয়া সিহঁতে কৈছিল, ‘এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু সি (মুছাই) পাহৰি গৈছে’।
آية رقم 89
সিহঁতে দেখা নাইনে, ই যে সিহঁতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু সিহঁতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰো ক্ষমতা নাৰাখে?
آية رقم 90
অৱশ্যে হাৰূনে সিহঁতক আগতেই কৈছিল, ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ ৰব অতি দয়ালু; সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা’।
آية رقم 91
সিহঁতে কৈছিল, ‘আমাৰ ওচৰত মুছা উভতি নহা লৈকে আমি ইয়াৰ পূজা পাঠৰ পৰা বিৰত নহওঁ’।
آية رقم 92
মুছাই ক’লে, ‘হে হাৰূন! আপুনি যেতিয়া দেখিছিল যে সিহঁত পথভ্ৰষ্ট হৈছে তথাপিও আপোনাক কিহে বিৰত ৰাখিছিল--
آية رقم 93
ﮏﮐﮑﮒﮓ
ﮔ
‘যে আপুনি মোৰ অনুসৰণ নকৰিলে? তেন্তে আপুনি মোৰ আদেশ অমান্য কৰিলে নেকি’?
آية رقم 94
হাৰূনে ক’লে, ‘হে মোৰ সহোদৰ! তুমি মোৰ দাড়ি আৰু চুলিত নধৰিবা। নিশ্চয় মই আশংকা কৰিছিলো যে, তুমি কবা, ‘আপুনিয়ে বনী ইছৰাঈলৰ মাজত বিভেদ সৃষ্টি কৰিছে আৰু মোৰ কথাত যত্নবান হোৱা নাই’।
آية رقم 95
ﮩﮪﮫﮬ
ﮭ
মুছাই ক’লে, ‘হে ছামেৰী! তোমাৰ কি অৱস্থা’?
آية رقم 96
সি ক’লে, ‘মই যি দেখিছিলো সিহঁতে সেয়া দেখা নাই, তাৰ পিছত মই সেই দূতৰ পদচিহ্নৰ পৰা এক মুঠি মাটি লৈছিলো, সেইটোৱে মই নিক্ষেপ কৰিছিলো, আৰু মোৰ মনে মোৰ বাবে এইটো কৰিবলৈ শোভনীয় কৰি দিছিল’।
آية رقم 97
মুছাই ক’লে, ‘যোৱা, তুমি ওৰে জীৱন এইটোৱে কৈ থাকিবা, ‘মই অস্পৃশ্য’, আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময়, যিটো কেতিয়াও ব্যতিক্ৰম নহ’ব। লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভষ্ম কৰিম, তাৰ পিছত সেয়া বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম’।
آية رقم 98
তোমালোকৰ ইলাহ কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সকলো বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত।
آية رقم 99
পূৰ্বে যি সংঘটিত হৈছে তাৰে কিছু সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰো, আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছো উপদেশবাণী (কোৰআন)।
آية رقم 100
ইয়াৰ পৰা যিয়ে বিমুখ হ’ব, নিশ্চয় সি কিয়ামতৰ দিনা মহাভাৰ বহন কৰিব।
آية رقم 101
তাত সিহঁত স্থায়ী হ’ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ’ব!
آية رقم 102
যিদিনা শিঙাত ফুঁ দিয়া হ’ব আৰু সেইদিনা আমি অপৰাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম।
آية رقم 103
ﭼﭽﭾﭿﮀﮁ
ﮂ
সেইদিনা সিহঁতে পৰস্পৰে ফুচ-ফুচাই ক’ব, ‘তোমালোকে মাত্ৰ দহ দিন অৱস্থান কৰিছিলা’।
آية رقم 104
আমি ভালদৰেই জানো সিহঁতে কি ক’ব, সিহঁতৰ মাজত যিয়ে অপেক্ষাকৃত উত্তমপথত আছিল (বিবেকবান ব্যক্তি) সি ক’ব, ‘তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা’।
آية رقم 105
আৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে। কোৱা, ‘মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি বিক্ষিপ্ত কৰি দিব।
آية رقم 106
ﮘﮙﮚ
ﮛ
‘তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব,
آية رقم 107
ﮜﮝﮞﮟﮠﮡ
ﮢ
‘য’ত তুমি খলা-বমা দেখা নাপাবা’।
آية رقم 108
সেইদিনা সিহঁতে আহ্বানকাৰীৰ অনুসৰণ কৰিব, এই বিষয়ে কোনোৱেই ইফাল-সিফাল কৰিব নোৱাৰিব। ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব; সেয়ে মৃদু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা।
آية رقم 109
ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ’ব, তাৰ বাহিৰে আন কাৰো ছুপাৰিছ সেইদিনা কোনো কামত নাহিব।
آية رقم 110
সিহঁতৰ সন্মুখত আৰু পিচফালে যি আছে, সেয়া তেওঁ অৱগত, কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক বেষ্টন কৰিব নোৱাৰে।
آية رقم 111
আৰু চিৰঞ্জীৱ, চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ’ব আৰু অৱশ্যে সি ব্যৰ্থ হ’ব, যিয়ে যুলুম বহন কৰিব।
آية رقم 112
আৰু যিয়ে মুমিন হৈ সৎকৰ্ম কৰিব, তাৰ বাবে অবিচাৰৰ আৰু কোনো ক্ষতিৰ আশংকা নাই।
آية رقم 113
আৰু এইদৰেই আমি আৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিছো আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছো, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে।
آية رقم 114
এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ ৰব! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।
آية رقم 115
আৰু অৱশ্যে ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলো, কিন্তু তেওঁ পাহৰি গৈছিল, আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলো।
آية رقم 116
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; সি অমান্য কৰিলে।
آية رقم 117
তাৰ পিছত আমি ক’লো, ‘হে আদম! নিশ্চয় ই তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।
آية رقم 118
নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।
آية رقم 119
ﮐﮑﮒﮓﮔﮕ
ﮖ
‘আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহ’বা, ৰ’দতো আক্ৰান্ত নহ’বা’।
آية رقم 120
তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়’?
آية رقم 121
অৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।
آية رقم 122
ﯗﯘﯙﯚﯛﯜ
ﯝ
তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।
آية رقم 123
তেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰত সৎপথৰ নিৰ্দেশ আহি পায় যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।
آية رقم 124
‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।
آية رقم 125
সি ক’ব, ‘হে মোৰ ৰব! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলো’।
آية رقم 126
তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰত আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি সেয়া এৰি দিছিলা ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।
آية رقم 127
আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলী বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু কঠোৰ লগতে অধিক স্থায়ী।
آية رقم 128
এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালে নে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠী ধ্বংস কৰিছো যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেক সম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।
آية رقم 129
যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলেহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ’লেহেঁতেন।
آية رقم 130
সেয়ে সিহঁতে যি কয়, সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰৰ আগত তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা।
آية رقم 131
আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছো, সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰাৰ বাবে। আৰু তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।
آية رقم 132
তুমি তোমাৰ পৰিয়ালবৰ্গক ছালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰো, আমিয়েই তোমাক জীৱিকা দান কৰো; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।
آية رقم 133
আৰু সিহঁতে কয়, ‘সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰত কোনো নিদৰ্শন লৈ নাহে কিয়’? সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে?
آية رقم 134
আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোহেঁতেন, তেন্তে অৱশ্যে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ ৰব! তুমি আমাৰ ওচৰত ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোহেঁতেন’।
آية رقم 135
কোৱা, ‘প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকেও প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎপথ অৱলম্বন কৰিছে’।
تقدم القراءة