سورة الفاتحة

الترجمة الأسامية

الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الفاتحة ৰ অনুবাদ

الترجمة الأسامية

Verse 1
(আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
Verse 2
সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে
Verse 3
যিজন পৰম কৰুণাময়, পৰম দয়ালু
Verse 4
বিচাৰ দিৱসৰ মালিক
Verse 5
আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ
Verse 6
আমাক সৰল পথৰ হিদায়ত দিয়া
তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়
تقدم القراءة