الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الملك ৰ অনুবাদ
Verse 1
বৰকতময় তেওঁ যাৰ হাতত সৰ্বময় কৰ্তৃত্ব; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
Verse 2
যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোনে আটাইতকৈ উত্তম আমল কৰিব পাৰে? তেওঁ পৰাক্ৰমশালী, অতিক্ষমাশীল।
Verse 3
যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘুৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে?
Verse 4
তাৰ পিছত আকৌ তুমি দ্বিতীয়বাৰ দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালে উভতি আহিব।
Verse 5
নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছো আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছো আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছো জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি।
Verse 6
আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি; আৰু কিমান যে নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।
Verse 7
যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব। আৰু ই উথলি উঠিব।
Verse 8
ক্ৰোধত ই ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব, ইয়াৰ প্ৰহৰীসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত কোনো সতৰ্ককাৰী অহা নাছিল নে’?
Verse 9
সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰত সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলো আৰু কৈছিলো, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’।
Verse 10
আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোহেঁতেন’।
Verse 11
ﯷﯸﯹﯺﯻ
ﯼ
ফলত সিহঁতে নিজৰ অপৰাধ স্বীকাৰ কৰিব। এতেকে ধ্বংস জ্বলন্ত জুইৰ অধিবাসীসকলৰ বাবে।
Verse 12
নিশ্চয় যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান।
Verse 13
আৰু তোমালোকে তোমালোকৰ কথা গোপনে কোৱা অথবা প্ৰকাশ্যভাৱে কোৱা, নিশ্চয় তেওঁ অন্তৰসমূহত যি আছে সেই বিষয়ে সম্যক অৱগত।
Verse 14
যিজনে সৃষ্টি কৰিছে, তেৱেঁই নাজানিবনে? অথচ তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।
Verse 15
তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে, এতেকে তোমালোকে ইয়াৰ পথ-প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা; আৰু তেওঁৰ ওচৰতেই পুনৰুত্থান।
Verse 16
তোমালোকে তেওঁৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে তেওঁ তোমালোকক পৃথিৱীসহ (পুতি পেলাই) ধ্বংস কৰিব আৰু হঠাৎ ই (পৃথিৱীখন) থৰ থৰকৈ কঁপিবলৈ ধৰিব?
Verse 17
অথবা তোমালোকে ইয়াৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে, তেওঁ তোমালোকৰ ওপৰত শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা পঠাব? তেতিয়া তোমালোকে জানিবলৈ পাবা কেনেকুৱা আছিল মোৰ সতৰ্কবাণী!
Verse 18
আৰু নিশ্চয় সিহঁতৰ পুৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল। ফলত কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (ইয়াৰ শাস্তি)?
Verse 19
সিহঁতে সিহঁতৰ ওপৰত (উৰি ফুৰা) চৰাইবোৰৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিবোৰে পাখী মেলি দিয়ে আৰু সংকুচিত কৰে? পৰম কৰুণাময় আল্লাহেই এইবোৰক স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।
Verse 20
পৰম কৰুণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সৈন্যবাহিনী আছেনে, যিসকলে তোমালোকক সহায় কৰিব? কাফিৰসকল আছে মাথোন প্ৰবঞ্চনাৰ মাজত।
Verse 21
কোন আছে এনেকুৱা, যিজনে তোমালোকক জীৱিকা দান কৰিব যদি তেওঁ তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে? বৰং সিহঁত অবাধ্যতা আৰু বিমুখতাত আবিচল হৈ আছে।
Verse 22
যি ব্যক্তি নত হৈ মুখৰ ওপৰত ভৰ দি খোজ কাঢ়ে, সিয়েই অধিক হিদায়ত প্ৰাপ্ত, নে সেই ব্যক্তি, যিজনে পোন হৈ সৰল পথত খোজ কাঢ়ে?
Verse 23
কোৱা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে শ্ৰৱণ আৰু দৃষ্টিশক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
Verse 24
কোৱা, তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰি প্ৰসাৰিত কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোকক সমবেত কৰা হ'ব।
Verse 25
আৰু সিহঁতে কয়, 'তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব'?।
Verse 26
কোৱা, এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰী মাত্ৰ।
Verse 27
তাৰ পিছত যেতিয়া সিহঁতে ইয়াক নিচেই ওচৰত দেখা পাব তেতিয়া কাফিৰসকলৰ চেহাৰা ম্লান হৈ পৰিব আৰু কোৱা হ’ব, ‘এইটোৱেই হৈছে সেইটো, যিটো তোমালোকে দাবী কৰিছিলা’।
Verse 28
কোৱা, কোৱাচোন তোমালোকে.. যদি আল্লাহে মোক আৰু মোৰ সঙ্গীসকলক ধ্বংস কৰি দিয়ে অথবা আমাৰ প্ৰতি দয়া প্ৰদৰ্শন কৰে, তেন্তে কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব?
Verse 29
কোৱা, তেৱেঁই পৰম কৰুণাময়। আমি তেওঁৰ ওপৰতেই ঈমান আনিছো আৰু তেওঁৰ ওপৰতেই ভৰসা কৰিছো। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোনে স্পষ্ট বিভ্ৰান্তিত আছে।
Verse 30
কোৱা, তোমালোকে ভাবিছানে, যদি তোমালোকৰ পানী ভূগৰ্ভত গুচি যায়, তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব?
تقدم القراءة