سورة الهمزة

الترجمة الأسامية

الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الهمزة ৰ অনুবাদ

الترجمة الأسامية

Verse 1
দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।
Verse 2
যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।
Verse 3
সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱি কৰি ৰাখিব।
কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।
Verse 5
আৰু তুমি জানানে, হুতামা কি?
Verse 6
ই আল্লাহৰ প্ৰজ্বলিত জুই।
Verse 7
যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।
Verse 8
নিশ্চয় ই সিহঁতক আৱদ্ধ কৰি ৰাখিব।
Verse 9
ওখ ওখ স্তম্ভসমূহত।
تقدم القراءة