الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الرّوم ৰ অনুবাদ
Verse 1
ﮫ
ﮬ
আলিফ-লাম-মীম।
Verse 2
ﮭﮮ
ﮯ
ৰোমানসকল পৰাজিত হৈছে,
Verse 3
নিকটৱৰ্তী অঞ্চলত, কিন্তু সিহঁতে সিহঁতৰ এই পৰাজয়ৰ পিছত শীঘ্ৰেই বিজয়ী হ’ব,
Verse 4
কিছু বছৰৰ ভিতৰতেই। আগৰ আৰু পিছৰ সকলো ফয়চালা আল্লাহৰেই; আৰু সেইদিনা মুমিনসকল আনন্দিত হ’ব,
Verse 5
আল্লাহৰ সহায়ত। তেওঁ যাক ইচ্ছা সহায় কৰে আৰু তেৱেঁই প্ৰবলপৰাক্ৰমী, পৰম দয়ালু।
Verse 6
এইটো আল্লাহৰেই প্ৰতিশ্ৰুতি, আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে, কিন্তু অধিকাংশ মানুহেই নাজানে।
Verse 7
সিহঁতে পাৰ্থিৱ জীৱনৰ বাহ্য দিশ সম্পৰ্কে অৱগত, আৰু সিহঁত আখিৰাত সম্বন্ধে উদাসীন।
Verse 8
সিহঁতে নিজৰ অন্তৰত ভাবি নাচায় নেকি? আল্লাহে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু সৃষ্টি কৰিছে যথাযথভাৱে আৰু এটা নিৰ্দিষ্ট সময়ৰ বাবে। কিন্তু মানুহৰ মাজত বহুতেই নিজ প্ৰতিপালকৰ সাক্ষাত সম্পৰ্কে অবিশ্বাসী।
Verse 9
সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে দেখিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ দশা কি হৈছিল, শক্তিত সিহঁত আছিল ইহঁততকৈয়ো প্ৰবল, সিহঁতে মাটি চহাইছিল, আৰু সিহঁতে ইহঁতৰ আবাদতকৈয়ো বেছি আবাদ কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণসহ আহিছিল। প্ৰকৃততে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
Verse 10
এতেকে যিসকলে অসৎকৰ্ম কৰিছিল সিহঁতৰ পৰিণাম বেয়া হৈছিল, কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু সেয়া লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল।
Verse 11
আল্লাহেই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব, তাৰ পিছত তোমালোকক তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
Verse 12
ﯝﯞﯟﯠﯡ
ﯢ
আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা অপৰাধীবিলাক হতাশ হৈ পৰিব।
Verse 13
আৰু (আল্লাহৰ লগত কৰা) সিহঁতৰ শ্বৰিকসকল সিহঁতৰ বাবে ছুপাৰিছকাৰী নহব আৰু সিহঁতে সিহঁতৰ শ্বৰিককৃত উপাস্যবোৰৰ অস্বীকাৰকাৰী হ’ব।
Verse 14
ﯭﯮﯯﯰﯱ
ﯲ
আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা সিহঁত বিভক্ত হৈ পৰিব।
Verse 15
এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে জান্নাতত সূখ-শান্তিত থাকিব;
Verse 16
আৰু যিসকলে কুফৰী কৰিছে লগতে আমাৰ আয়াতসমূহ আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে, পৰিণামত সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।
Verse 17
ﭝﭞﭟﭠﭡﭢ
ﭣ
এতেকে তোমালোকে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, যেতিয়া তোমালোকে সন্ধাত উপনীত হোৱা আৰু পোৱা সজাগ হোৱা,
Verse 18
আবেলি আৰু যেতিয়া তোমালোকে দুপুৰীয়াত উপনীত হোৱা। তেওঁৰ বাবেই সকলো প্ৰশংসা আকাশসমূহত আৰু পৃথিৱীত।
Verse 19
তেৱেঁই নিৰ্জীৱৰ পৰা সজীৱ উলিয়াই আনে আৰু তেৱেঁই জীৱিতৰ পৰা মৃতক উলিয়াই আনে। আৰু তেৱেঁই ভূমিক তাৰ মৃত্যুৰ পিছত আকৌ পুনৰ্জীৱিত কৰে। এইদৰেই তোমালোককো উলিয়াই আনা হ’ব।
Verse 20
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকে এতিয়া মানুহ হৈ সৰ্বত্ৰ সিচৰিত হৈ পৰিছা।
Verse 21
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ পৰা প্ৰশান্তি লাভ কৰা আৰু তেৱেঁই তোমালোকৰ মাজত পাৰস্পৰিক প্ৰেম আৰু স্নেহ সৃষ্টি কৰিছে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে।
Verse 22
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি লগতে তোমালোকৰ ভাষা আৰু বৰ্ণৰ বৈচিত্ৰতা। নিশ্চয় ইয়াত জ্ঞানীসকলৰ বাবে আছে বহুতো নিদৰ্শন।
Verse 23
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিনত তোমালোকৰ নিদ্ৰা, লগতে তেওঁৰ অনুগ্ৰহৰ পৰা তোমালোকৰ (জীৱিকা) অন্বেষণ। নিশ্চয় ইয়াৰ মাজত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে শুনা পায়।
Verse 24
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকক ভয় আৰু আশাৰ সঞ্চাৰকৰূপে বিদ্যুত দেখুৱায়, আৰু আকাশৰ পৰা পানী বৰ্ষায় আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে অনুধাৱন কৰে।
Verse 25
তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱী স্থিতিশীল হৈ থাকে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠাৰ বাবে এবাৰ আহ্বান কৰিব তেতিয়া তোমালোকে ওলাই আহিবা।
Verse 26
আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। সকলো তেওঁৰেই অনুগত।
Verse 27
তেৱেঁই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব; আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 28
আল্লাহে তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰাই এটা উপমা দাঙি ধৰিছে, (কোৱাচোন) আমি তোমালোকক যি জীৱিকা দান কৰিছো, তাত তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ কোনোবাই অংশীদাৰ নে? ফলত তোমালোকে এই বিষয়ত সমান নেকি? তোমালোকে সিহঁতক সেইদৰে ভয় কৰা নেকি যিদৰে তোমালোকে পৰস্পৰে পৰস্পৰক ভয় কৰা? এইদৰেই আমি নিদৰ্শনাৱলী বিস্তাৰিত বৰ্ণনা কৰো সেই সম্প্ৰদায়ৰ বাবে, যিসকলে অনুধাৱন কৰে।
Verse 29
বৰং যালিমসকলে অজ্ঞতাবশত সিহঁতৰ নিজ কামনা-বাসনাৰ অনুসৰণ কৰে, এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে, তাক হিদায়ত দিবলৈনো কোন আছে? আৰু সিহঁতৰ কোনো সহায়কাৰীও নাই।
Verse 30
এতেকে তুমি একনিষ্ঠ হৈ নিজ মুখমণ্ডলক দ্বীনত প্ৰতিষ্ঠিত ৰখা। আল্লাহৰ ফিতৰত (স্বাভাৱিক ৰীতি বা দ্বীন ইছলাম), যাৰ ওপৰত (চলাৰ উপযুক্ত কৰি) তেওঁ মানুহক সৃষ্টি কৰিছে; আল্লাহৰ সৃষ্টিৰ কোনো পৰিবৰ্তন নাই। এইটোৱেই সুপ্ৰতিষ্ঠিত দ্বীন; কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।
Verse 31
তোমালোকে বিশুদ্ধ চিত্তে তেওঁৰেই অভিমুখী হোৱা আৰু কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা আৰু ছালাত কায়েম কৰা; আৰু মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
Verse 32
যিসকলে নিজৰ দ্বীনক বিভক্ত কৰিছে আৰু বিভিন্ন দলত পৰিণত হৈছে (সিহঁতৰ অন্তৰ্ভুক্ত নহ'বা)। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈয়ে উৎফুল্লিত।
Verse 33
আৰু মানুহক যেতিয়া দুঃখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সিহঁতে নিজ প্ৰতিপালকৰ পিনে বিনীতভাৱে উভতি আহি কেৱল তেওঁকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ সোৱাদ লবলৈ দিয়ে, তেতিয়া সিহঁতৰ এটা দলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে;
Verse 34
ফলত আমি সিহঁতক যি প্ৰদান কৰিছো, তাৰ প্ৰতি সিহঁতে অকৃতজ্ঞ হয়। এতেকে তোমালোকে ভোগ কৰি লোৱা, অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিবা (ইয়াৰ পৰিণাম)!
Verse 35
আমি সিহঁতৰ ওচৰত এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছো নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ অনুমতি দিয়ে?
Verse 36
আৰু যেতিয়া আমি মানুহক ৰহমতৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সিহঁতে সেইটো লৈ উৎফুল্লিত হয় আৰু যদি সিহঁতৰ কৃতকৰ্মৰ বাবে কোনো অনিষ্ট সাধন হয় তেতিয়া সিহঁত নিৰাশ হৈ পৰে।
Verse 37
সিহঁতে লক্ষ্য কৰা নাইনে যে, আল্লাহে যাক ইচ্ছা তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিত কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
Verse 38
এতেকে আত্মীয়-স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে মিছকীন আৰু মুছাফিৰসকলোকো। যিসকলে আল্লাহৰ সন্তুষ্টি কামনা কৰে তেওঁলোকৰ বাবে এইটো অতি উত্তম আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।
Verse 39
আৰু মানুহৰ সম্পদ বৃদ্ধি পাব বুলি তোমালোকে যি সুত দিয়া, আল্লাহৰ দৃষ্টিত কিন্তু সেয়া ধন-সম্পদ বৃদ্ধি নকৰে। আনহাতে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে তোমালোকে যি যাকাত প্ৰদান কৰা (সেইটোৱেহে সম্পদ বৃদ্ধি কৰে) এতেকে তেওঁলোকেহে প্ৰকৃত সমৃদ্ধশালী।
Verse 40
আল্লাহেই সেই সত্তা যিজনে তোমালোকক সৃষ্টি কৰিছে তাৰ পিছত তোমালোকক জীৱিকা দান কৰিছে। তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব তাৰ পিছত তেৱেঁই আকৌ তোমালোকক জীৱিত কৰিব। তোমালোকে অংশী কৰা বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিজনে এইবোৰৰ কিবা এটা কৰিব পাৰে? সিহঁতে যিবোৰ অংশী কৰে তেওঁ সেইবোৰৰ পৰা পৱিত্ৰ মহিমাময় আৰু অতি উৰ্দ্ধত।
Verse 41
মানুহৰেই কৃতকৰ্মৰ ফলত স্থলত আৰু সাগৰত বিপৰ্যয়ে দেখা দিছে; ফলত তেওঁ সিহঁতক সিহঁতৰে কিছুমান কামৰ শাস্তি আস্বাদন কৰায়, যাতে সিহঁতে উভতি আহে।
Verse 42
কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল!’ সিহঁতৰ অধিকাংশই আছিল মুশ্বৰিক।
Verse 43
এতেকে তুমি সৰল-সঠিক দ্বীনত নিজকে প্ৰতিষ্ঠিত ৰখা, আল্লাহৰ তৰফৰ পৰা সেই দিন অহাৰ পূৰ্বেই, যিটো দিন অনিবাৰ্য। সেই দিনা মানুহ বিভক্ত হৈ পৰিব।
Verse 44
যিয়ে কুফৰী কৰে, কুফৰীৰ শাস্তি তাৰেই প্ৰাপ্য; আৰু যিসকলে সৎকৰ্ম কৰে তেওঁলোকে নিজৰ বাবেই ৰচনা কৰে সুখ-শয্যা।
Verse 45
যাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পুৰষ্কৃত কৰিব পাৰে। নিশ্চয় তেওঁ কাফিৰসকলক পছন্দ নকৰে।
Verse 46
আৰু তেওঁৰ নিদৰ্শনসমূহৰ মাজত আছে যে, তেৱেঁই বতাহ প্ৰেৰণ কৰে (বৰষুণৰ) সুসংবাদ দিয়াৰ বাবে আৰু তোমালোকক তেওঁৰ কিছুমান ৰহমত আস্বাদন কৰোৱাৰ বাবে, যাতে তেওঁৰ নিৰ্দেশত নৌযানসমূহ বিচৰণ কৰে আৰু যাতে তোমালোকে তেওঁৰ অনুগ্ৰহৰ কিছু সন্ধান কৰিব পাৰা, আৰু যাতে তোমালোকে কৃতজ্ঞ হোৱা।
Verse 47
আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে ৰাছুলসকলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছিলো। এতেকে তেওঁলোকে সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ফলত আমি অপৰাধী বিলাকৰ পৰা প্ৰতিশোধ লৈছিলো। আমাৰ দায়িত্ব কেৱল মুমিনসকলক সহায় কৰা।
Verse 48
আল্লাহেই সেই সত্তা যিজনে বতাহ প্ৰেৰণ কৰে, ফলত ই মেঘমালাক সঞ্চালিত কৰে, তাৰ পিছত তেওঁ ইয়াক যেনে ইচ্ছা আকাশত প্ৰসাৰিত কৰি দিয়ে, আৰু ইয়াক খণ্ড-বিখণ্ড কৰি দিয়ে, ফলত তুমি দেখিবলৈ পোৱা তাৰ মাজৰ পৰা ওলাই আহে বৰষুণৰ টোপাল, তাৰ পিছত যেতিয়া তেওঁ ইয়াক তেওঁৰ বান্দাসকলৰ মাজত যিসকলৰ ওচৰত ইচ্ছা পৌঁচাই দিয়ে তেতিয়া সিহঁত আনন্দিত হয়,
Verse 49
যদিও ইতিপূৰ্বে সিহঁতৰ প্ৰতি বৰষুণ অহাৰ আগত সিহঁত আছিল একান্ত নিৰাশ।
Verse 50
এতেকে তুমি আল্লাহৰ অনুগ্ৰহৰ ফল সম্পৰ্কে চিন্তা কৰা, কিদৰে তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় এইদৰেই আল্লাহে মৃতক জীৱিত কৰিব, আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
Verse 51
আৰু যদি আমি এনেকুৱা বতাহ প্ৰেৰণ কৰো যাৰ ফলত সিহঁতে দেখিবলৈ পায় যে, শস্য হালধীয়া বৰ্ণ ধাৰণ কৰিছে, তেতিয়া সিহঁত অকৃতজ্ঞ হৈ পৰে।
Verse 52
এতেকে নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, বধিৰোকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁত পৃষ্ঠপ্ৰদৰ্শন কৰি গুচি যায়।
Verse 53
আৰু তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা হিদায়তত আনিব নোৱাৰিবা। যিসকলে আমাৰ আয়াতসমূহত ঈমান পোষণ কৰে কেৱল তেওঁলোককেই তুমি শুনাব পাৰিবা; কাৰণ তেওঁলোক আত্মসমৰ্পণকাৰী।
Verse 54
আল্লাহেই সেই সত্তা যিজনে তোমালোকক সৃষ্টি কৰে দুৰ্বল বস্তুৰ পৰা, আৰু তেৱেঁই দুৰ্বলতাৰ পিছত শক্তি দান কৰে; শক্তিৰ পিছত আকৌ দুৰ্বলতা আৰু বাৰ্ধক্য দিয়ে। তেওঁ যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে আৰু তেৱেঁই সৰ্বজ্ঞ, সৰ্বক্ষম।
Verse 55
আৰু যিদিনা কিয়ামত সংঘটিত হব সেইদিনা অপৰাধী বিলাকে শপত খাই কব যে, সিহঁতে এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইদৰেই সিহঁতে পথভ্ৰষ্ট হৈছিল।
Verse 56
আৰু যিসকলক জ্ঞান আৰু ঈমান দিয়া হৈছে তেওঁলোকে ক’ব, ‘অৱশ্যে তোমালোকে আল্লাহৰ লিখা অনুযায়ী পুনৰুত্থানৰ দিন লৈকে অৱস্থান কৰিছা। এতেকে এইটোৱেই পুনৰুত্থানৰ দিন কিন্তু তোমালোকে জনা নাছিলা’।
Verse 57
এতেকে যিসকলে যুলুম কৰিছে সেইদিনা সিহঁতৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব আৰু সিহঁতক তিৰষ্কৃত হোৱাৰ (মাধ্যমত আল্লাহৰ সন্তুষ্টি লাভৰ) সুযোগো দিয়া নহ’ব।
Verse 58
আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে সকলো ধৰণৰ দৃষ্টান্ত দাঙি ধৰিছো। তুমি যদি সিহঁতৰ ওচৰত কোনো নিদৰ্শন উপস্থিত কৰা, তেন্তে যিসকলে কুফৰী কৰিছে সিহঁতে অৱশ্যে ক’ব, ‘তোমালোক হৈছা বাতিলপন্থী’।
Verse 59
এইদৰেই আল্লাহে মোহৰ মাৰি দিয়ে সিহঁতৰ অন্তৰত যিসকলে নাজানে।
Verse 60
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু যিসকলে দৃঢ় বিশ্বাসী নহয় সিহঁতে যেন তোমাক বিচলিত কৰিব নোৱাৰে।
تقدم القراءة