الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা القيامة ৰ অনুবাদ
Verse 1
ﮊﮋﮌﮍ
ﮎ
মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ,
Verse 2
ﮏﮐﮑﮒ
ﮓ
মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ,
Verse 3
ﮔﮕﮖﮗﮘ
ﮙ
মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?
Verse 4
ﮚﮛﮜﮝﮞﮟ
ﮠ
কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।
Verse 5
ﮡﮢﮣﮤﮥ
ﮦ
বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে।
Verse 6
ﮧﮨﮩﮪ
ﮫ
সি প্ৰশ্ন কৰে, কিয়ামতৰ দিনটো কেতিয়া আহিব?
Verse 7
ﮬﮭﮮ
ﮯ
যেতিয়া চকু স্থিৰ হৈ যাব,
Verse 8
ﮰﮱ
ﯓ
আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব,
Verse 9
ﯔﯕﯖ
ﯗ
আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-
Verse 10
ﯘﯙﯚﯛﯜ
ﯝ
সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?
Verse 11
ﯞﯟﯠ
ﯡ
কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।
Verse 12
ﯢﯣﯤﯥ
ﯦ
সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।
Verse 13
ﯧﯨﯩﯪﯫﯬ
ﯭ
সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে।
Verse 14
ﯮﯯﯰﯱﯲ
ﯳ
বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,
Verse 15
ﯴﯵﯶ
ﯷ
যদিও সি নানা অজুহাত দেখুৱায়।
Verse 16
ﯸﯹﯺﯻﯼﯽ
ﯾ
ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।
Verse 17
ﯿﰀﰁﰂ
ﰃ
নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
Verse 18
ﰄﰅﰆﰇ
ﰈ
এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰা,
Verse 19
ﰉﰊﰋﰌ
ﰍ
তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই।
Verse 20
ﭑﭒﭓﭔ
ﭕ
কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা;
Verse 21
ﭖﭗ
ﭘ
আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
Verse 22
ﭙﭚﭛ
ﭜ
সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
Verse 23
ﭝﭞﭟ
ﭠ
সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
Verse 24
ﭡﭢﭣ
ﭤ
আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,
Verse 25
ﭥﭦﭧﭨﭩ
ﭪ
সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।
Verse 26
ﭫﭬﭭﭮ
ﭯ
নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব,
Verse 27
ﭰﭱﭲﭳ
ﭴ
আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?
Verse 28
ﭵﭶﭷ
ﭸ
তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।
Verse 29
ﭹﭺﭻ
ﭼ
আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।
Verse 30
ﭽﭾﭿﮀ
ﮁ
সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।
Verse 31
ﮂﮃﮄﮅ
ﮆ
এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।
Verse 32
ﮇﮈﮉ
ﮊ
বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
Verse 33
ﮋﮌﮍﮎﮏ
ﮐ
তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,
Verse 34
ﮑﮒﮓ
ﮔ
দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!
Verse 35
ﮕﮖﮗﮘ
ﮙ
আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!
Verse 36
ﮚﮛﮜﮝﮞ
ﮟ
মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?
Verse 37
ﮠﮡﮢﮣﮤﮥ
ﮦ
সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?
Verse 38
ﮧﮨﮩﮪﮫ
ﮬ
তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।
Verse 39
ﮭﮮﮯﮰﮱ
ﯓ
তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে।
Verse 40
তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?
تقدم القراءة