الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الإنفطار ৰ অনুবাদ
Verse 1
ﭑﭒﭓ
ﭔ
যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,
Verse 2
ﭕﭖﭗ
ﭘ
আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,
Verse 3
ﭙﭚﭛ
ﭜ
আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,
Verse 4
ﭝﭞﭟ
ﭠ
আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,
Verse 5
ﭡﭢﭣﭤﭥ
ﭦ
তেতিয়া প্ৰত্যেকেই জানিব, সি কি আগলৈ পঠিয়াইছে আৰু পিছত কি ৰাখি আহিছে।
Verse 6
ﭧﭨﭩﭪﭫﭬ
ﭭ
হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?
Verse 7
ﭮﭯﭰﭱ
ﭲ
যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,
Verse 8
ﭳﭴﭵﭶﭷﭸ
ﭹ
আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।
Verse 9
ﭺﭻﭼﭽ
ﭾ
কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;
Verse 10
ﭿﮀﮁ
ﮂ
আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;
Verse 11
ﮃﮄ
ﮅ
সন্মানিত লেখক বৃন্দ;
Verse 12
ﮆﮇﮈ
ﮉ
তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।
Verse 13
ﮊﮋﮌﮍ
ﮎ
নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সূখ-শান্তিত।
Verse 14
ﮏﮐﮑﮒ
ﮓ
আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।
Verse 15
ﮔﮕﮖ
ﮗ
সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব;
Verse 16
ﮘﮙﮚﮛ
ﮜ
আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।
Verse 17
ﮝﮞﮟﮠﮡ
ﮢ
আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?
Verse 18
ﮣﮤﮥﮦﮧﮨ
ﮩ
আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?
Verse 19
সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।
تقدم القراءة