الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা المجادلة ৰ অনুবাদ
Verse 1
আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা; যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
Verse 2
তোমালোকৰ মাজত যিসকলে নিজ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়, বৰং সিহঁতৰ মাক কেৱল সেইসকল তিৰোতা যিসকলে সিহঁতক জন্ম দিছে; আৰু নিশ্চয় সিহঁতে অসংগত আৰু অসত্য কথা কৈছে; নিশ্চয় আল্লাহ অধিক পাপ মোচনকাৰী আৰু বৰ ক্ষমাশীল।
Verse 3
আৰু যিসকলে সিহঁতৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, আৰু পিছত সিহঁতৰ উক্তি প্ৰত্যাহাৰ কৰে, তেন্তে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে এজন দাস মুক্ত কৰিব লাগিব, ইয়াৰ দ্বাৰা তোমালোকক উপদেশ দিয়া হৈছে; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।
Verse 4
কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম পালন কৰিব লাগিব;আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব;এই বিধান এই বাবে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰী সকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 5
নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা হ’ব যেনেকৈ অপদস্ত কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক; আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছো; আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি--
Verse 6
যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুজ্জীৱিত কৰি উঠাব, তাৰ পিছত সিহঁতে যি আমল কৰিছিল সেয়া তেওঁ সিহঁতক জনাই দিব; আল্লাহে সেইবোৰ হিচাপ কৰি ৰাখিছে যদিও সিহঁতে পাহৰি গৈছে; আৰু আল্লাহ প্ৰতিটো বস্তুৰ প্ৰত্যক্ষদৰ্শী।
তুমি লক্ষ্য কৰা নাইনে যে, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া আল্লাহে জানে? তিনিজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য’ত চতুৰ্থজন হিচাপে তেওঁ নাথাকে আৰু পাঁচজনৰ মাজতো নহয় য’ত ষষ্টজন হিচাপে তেওঁ নাথাকে। সিহঁত ইয়াতকৈ কম হওঁক বা বেছি হওঁক তেওঁ সিহঁতৰ লগতে আছে সিহঁত য’তেই নাথাকক কিয়। তাৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে জনাই দিব। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলক গোপন পৰামৰ্শ কৰিবলৈ নিষেধ কৰা হৈছিল? তাৰ পিছতো সিহঁতে সেইটোৱে পুনৰাবৃত্তি কৰিলে যিটো কৰিবলৈ সিহঁতক নিষেধ কৰা হৈছিল; আৰু সিহঁতে দুষ্কাৰ্য, সীমালঙ্ঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণৰ বাবে গোপন পৰামৰ্শ কৰে। আৰু সিহঁতে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে তোমাক এনে কথাৰ দ্বাৰা অভিবাদন জনায় যিটোৰ দ্বাৰা আল্লাহে তোমাক অভিবাদন জনোৱা নাই। সিহঁতে মনে মনে কয়, ‘আমি যি কওঁ তাৰ বাবে আল্লাহে আমাক কিয় শাস্তি নিদিয়ে’? জাহান্নামেই সিহঁতৰ বাবে যথেষ্ট, য’ত সিহঁতে প্ৰৱেশ কৰিব, আৰু কিমান যে নিকৃষ্ট সেই গন্তব্যস্থল!
Verse 9
হে ঈমান্দাৰসকল! তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰিবা তেতিয়া যাতে তোমালোকে গুনাহ, সীমালঙ্ঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণ সম্পৰ্কে গোপন পৰামৰ্শ নকৰা। আৰু তোমালোকে সৎকৰ্ম আৰু তাক্বৱা অৱলম্বনৰ বিষয়ে গোপন পৰামৰ্শ কৰা, লগতে আল্লাহক ভয় কৰা, যাৰ ওচৰত তোমালোকক সমবেত কৰা হ’ব।
Verse 10
গোপন পৰামৰ্শ কেৱল চয়তানৰ প্ৰৰোচনাত হয়, যাতে মুমিনসকলে কষ্ট পায়। কিন্তু আল্লাহৰ অনুমতিবিহীন চয়তানে তেওঁলোকৰ সামান্যতম ক্ষতি সাধন কৰিবলৈয়ো সক্ষম নহয়। এতেকে মুমিনসকলে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।
Verse 11
হে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহে তোমালোকৰ বাবে ঠাই প্ৰশস্ত কৰি দিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।
Verse 12
হে মুমিনসকল! তোমালোকে যেতিয়া ৰাছুলৰ সৈতে অকলশৰীয়াকৈ কথা ক’ব বিচৰা, তেতিয়া তোমালোকে এনে কথা কোৱাৰ আগতে কিবা ছাদক্বা পেচ কৰা, এইটোৱে তোমালোকৰ বাবে শ্ৰেয় আৰু পৰিশোধক; কিন্তু যদি তোমালোকে সক্ষম নোহোৱা তেন্তে নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।
Verse 13
তোমালোকে ভয় পালা নেকি যে, অকলশৰীয়া পৰামৰ্শৰ আগতে ছাদক্বা পেচ কৰিব লাগিব বুলি? যেতিয়া তোমালোকে এইটো কৰিব নোৱাৰিলা, আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, তেন্তে তোমালোকে ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।
Verse 14
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিহঁতে এনে এটা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হৈছে? সিহঁত তোমালোকৰ দলভূক্ত নহয়; আৰু সিহঁতে জানি বুজি মিছা কথাত শপত খায়।
Verse 15
আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে কঠোৰ শাস্তি। নিশ্চয় সিহঁতে যি কৰিছিল সেয়া কিমান যে গৰ্হিত!
Verse 16
সিহঁতে নিজ শপতবোৰক ঢাল হিচাপে গ্ৰহণ কৰিছে, তাৰ পিছত সিহঁতে আল্লাহৰ পথত বাধা প্ৰদান কৰিছে। ফলত সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
Verse 17
আল্লাহৰ শাস্তিৰ বিপৰীতে সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি সিহঁতৰ কোনো কামত নাহিব; সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।
Verse 18
সেইদিনা আল্লাহে সিহঁত সকলোকে পুনৰুত্থিত কৰিব, তেতিয়া সিহঁতে আল্লাহৰ ওচৰত এনেকুৱা শপত কৰিব যেনেকুৱা শপত তোমালোকৰ ওচৰত কৰে আৰু সিহঁতে ভাৱে যে, সিহঁতে ভাল কিবা এটা কৰি আছে। সাৱধান! নিশ্চয় সিহঁতেই প্ৰকৃত মিছলীয়া।
Verse 19
চয়তানে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে; আৰু সিহঁতক আল্লাহৰ স্মৰণ পাহৰাই দিছে। ইহঁতেই চয়তানৰ দল। নিশ্চয় চয়তানৰ দলেই ক্ষতিগ্ৰস্ত।
Verse 20
নিশ্চয় যিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতেই হ’ব চৰম লাঞ্ছিতসকলৰ অন্তৰ্ভুক্ত।
Verse 21
আল্লাহে লিখি ৰাখিছে যে, ‘নিশ্চয় ময়েই বিজয়ী হ’ম আৰু মোৰ ৰাছুলসকলেও বিজয়ী হ’ব’। নিশ্চয় আল্লাহ মহাশক্তিমান, মহাপৰাক্ৰমশালী।
আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি নাপাবা, যিসকলে এনে লোকক ভালপায় যিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে--- যদিও সিহঁত তেওঁলোকৰ পিতা অথবা পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওঁক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনে জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এওঁলোকেই আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।
تقدم القراءة