الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা يس ৰ অনুবাদ
Verse 1
ﭬ
ﭭ
ইয়া-ছীন,
Verse 2
ﭮﭯ
ﭰ
জ্ঞানগৰ্ভ কোৰআনৰ শপত!
Verse 3
ﭱﭲﭳ
ﭴ
নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত,
Verse 4
ﭵﭶﭷ
ﭸ
সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
Verse 5
ﭹﭺﭻ
ﭼ
এই কোৰআন প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।
Verse 6
যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাই, সেয়ে সিহঁত উদাসীন।
Verse 7
অৱশ্যে সিহঁতৰ অধিকাংশৰ ওপৰত (আল্লাহৰ) বাণী অৱধাৰিত হৈছে, সেয়ে সিহঁত ঈমান পোষণ নকৰিব।
Verse 8
নিশ্চয় আমি সিহঁতৰ ডিঙিত থুঁতৰি লৈকে গলাবান্ধ (শিকলি) মেৰিয়াই দিছো, ফলত সিহঁত উৰ্দ্ধমুখী হৈ গৈছে।
Verse 9
আৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছো, তাৰ পিছত আমি সিহঁতক ঢাকি দিছো, ফলত সিহঁতে দেখিবলৈ নাপায়।
Verse 10
তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা, সিহঁতৰ বাবে উভয়ে সমান; সিহঁতে ঈমান পোষণ নকৰিব।
Verse 11
তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰআনৰ অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈয়ে ভয় কৰে। এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰষ্কাৰৰ সুসংবাদ দিয়া।
Verse 12
নিশ্চয় আমিয়েই মৃতক জীৱিত কৰো আৰু লিখি ৰাখো যি সিহঁতে আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছত এৰি যায়। আমি প্ৰত্যেক বস্তুকেই সুস্পষ্ট কিতাপত সংৰক্ষণ কৰি ৰাখিছো।
Verse 13
সিহঁতৰ ওচৰত বৰ্ণনা কৰা এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত; যেতিয়া সিহঁতৰ ওচৰত ৰাছুলসকল আহিছিল।
Verse 14
যেতিয়া আমি সিহঁতৰ ওচৰত প্ৰেৰণ কৰিছিলো দুজন ৰাছুল, তেতিয়া সিহঁতে তেওঁলোকক অবিশ্বাস কৰিছিল, তাৰ পিছত আমি তেওঁলোকক তৃতীয় এজনৰ দ্বাৰা শক্তিশালী কৰিছিলো। তেওঁলোকে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো’।
Verse 15
সিহঁতে ক’লে, ‘তোমালোকে দেখুন আমাৰ দৰেই মানুহ, পৰম কৰুণাময়ে একো অৱতীৰ্ণ কৰা নাই। তোমালোকে কেৱল মিছা কথাহে কৈছা’।
Verse 16
ﭶﭷﭸﭹﭺﭻ
ﭼ
তেওঁলোকে ক’লে, ‘আমাৰ প্ৰতিপালকে জানে, নিশ্চয় আমি তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো’।
Verse 17
ﭽﭾﭿﮀﮁ
ﮂ
‘আৰু স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে আমাৰ দায়িত্ব’।
Verse 18
সিহঁতে ক’লে, ‘নিশ্চয় আমি তোমালোকক অমঙ্গলৰ কাৰণ হিচাপেহে গণ্য কৰো, যদি তোমালোকে বিৰত নোহোৱা তেন্তে অৱশ্যে আমি তোমালোকক শিল দলিয়াই হত্যা কৰিম আৰু আমাৰ ফালৰ পৰা তোমালোকক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব’।
Verse 19
তেওঁলোকে ক’লে, ‘তোমালোকৰ অমঙ্গল তোমালোকৰেই লগত; তোমালোকক উপদেশ দিয়া হৈছে বুলিয়েই এনেকৈ কৈছা নেকি? বৰং তোমালোক এটা সীমালঙ্ঘনকাৰী সম্প্ৰদায়’।
Verse 20
আৰু নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ৰাছুলসকলৰ অনুসৰণ কৰা;
Verse 21
‘অনুসৰণ কৰা তেওঁলোকৰ যিসকলে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰে আৰু তেওঁলোক সৎপথপ্ৰাপ্ত।
Verse 22
‘আৰু মোৰ কি যুক্তি আছে যে, মই তেওঁৰ ইবাদত নকৰিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰত তোমালোকক উভতাই নিয়া হ’ব।
Verse 23
‘মই তেওঁৰ বাহিৰে আন কোনো ইলাহ গ্ৰহণ কৰিম নেকি? ৰহমানে মোৰ কোনো ক্ষতি কৰিব বিচাৰিলে সিহঁতৰ ছুপাৰিছ মোৰ কোনো কামত নাহিব আৰু সিহঁতে মোক উদ্ধাৰো কৰিব নোৱাৰিব।
Verse 24
ﯪﯫﯬﯭﯮ
ﯯ
‘এনে কৰিলে নিশ্চয় মই স্পষ্ট বিভ্ৰান্তিত পতিত হম।
Verse 25
ﯰﯱﯲﯳ
ﯴ
‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছো, এতেকে তোমালোকে মোৰ কথা শুনা’।
Verse 26
তেওঁক কোৱা হ’ল, ‘জান্নাতত প্ৰৱেশ কৰা’। তেওঁ ক’লে, ‘হায়! মোৰ সম্প্ৰদায়ে যদি জানিলেহেঁতেন,
Verse 27
‘যাৰ বিনিময়ত মোৰ প্ৰতিপালকে মোক ক্ষমা কৰি দিছে আৰু মোক সন্মানিত কৰিছে’।
Verse 28
আমি তেওঁৰ (মৃত্যুৰ) পিছত তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আকাশৰ পৰা কোনো বাহিনী প্ৰেৰণ কৰা নাই আৰু সেয়া প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজনো নাছিল।
Verse 29
সেয়া আছিল কেৱল এটা বিকট শব্দ। ফলত সিহঁত নিথৰ নিস্তব্দ হৈ গ’ল।
Verse 30
পৰিতাপ বান্দাসকলৰ বাবে; সিহঁতৰ ওচৰত যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়া সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে।
Verse 31
সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো? নিশ্চয় সিহঁত সিহঁতৰ ওচৰত উভতি নাহিব।
Verse 32
ﮂﮃﮄﮅﮆﮇ
ﮈ
সিহঁত সকলোকে একত্ৰিত কৰি আমাৰ ওচৰত উপস্থিত কৰোৱা হ’ব।
Verse 33
আৰু মৃত ভূমি সিহঁতৰ বাবে এটা নিদৰ্শন, যাক আমি সঞ্জীৱিত কৰিছো আৰু তাৰ পৰা শস্য উৎপন্ন কৰিছো, যিবোৰ সিহঁতে খায়।
Verse 34
আৰু তাত আমি সৃষ্টি কৰিছো খেজুৰ আৰু আঙুৰৰ উদ্যান আৰু তাত আমি প্ৰবাহিত কৰিছো কিছুমান প্ৰস্ৰৱন,
Verse 35
যাতে সিহঁতে তাৰ ফলমূল খাব পাৰে, অথচ সিহঁতে নিজ হাতেৰে সৃষ্টি কৰা নাই। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?
Verse 36
পৱিত্ৰ আৰু মহান তেওঁ, যিজনে সকলোকে যোৰ যোৰকৈ সৃষ্টি কৰিছে, মাটিৰ পৰা উৎপন্ন উদ্ভিদেই হওঁক বা সিহঁতৰ নিজ প্ৰজাতিৰেই হওঁক (নাৰী আৰু পুৰুষ) আৰু সেইবোৰ বস্তুৰ মাজতো যিবোৰক সিহঁতে নাজানে।
Verse 37
আৰু ৰাতিও সিহঁতৰ বাবে এটা নিদৰ্শন, আমি তাৰ পৰা দিনক অপসাৰিত কৰো, তেতিয়া সিহঁত অন্ধকাৰাচ্ছন্ন হৈ পৰে।
Verse 38
আৰু সূৰ্যই ভ্ৰমণ কৰে তাৰ নিৰ্দিষ্ট গন্তব্যৰ ফালে, এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ (আল্লাহ)ৰ নিৰ্ধাৰণ।
Verse 39
আৰু চন্দ্ৰৰ বাবে আমি নিৰ্দিষ্ট কৰিছো বিভিন্ন মনজিল, অৱশেষত সেইটো শুকান বেকা, পুৰনি খেজুৰ ঠানিৰ আকাৰত উভতি যায়।
Verse 40
সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষে সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত সাঁতুৰি আছে।
Verse 41
সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে, আমি সিহঁতৰ বংশধৰবিলাকক বোজাই নৌযানত আৰোহণ কৰিছিলো;
Verse 42
ﭚﭛﭜﭝﭞﭟ
ﭠ
আৰু সিহঁতৰ বাবেও অনুৰূপ যানবাহন সৃষ্টি কৰিছো যাতে সিহঁতে আৰোহণ কৰে।
Verse 43
আৰু আমি ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰো, তেতিয়া সিহঁতৰ কোনো উদ্ধাৰকাৰী নাথাকিব আৰু সিহঁতে পৰিত্ৰাণো নাপাব,
Verse 44
ﭫﭬﭭﭮﭯﭰ
ﭱ
একমাত্ৰ আমাৰ কৰুণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু কিছু সময়ৰ বাবে উপভোগৰ সুযোগ দিয়া হয়।
Verse 45
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ সন্মুখত যি আছে আৰু তোমালোকৰ পিছত যি আছে সেই সম্পৰ্কে তাক্বৱা অৱলম্বন কৰা; যাতে তোমালোকৰ প্ৰতি ৰহমত কৰা হয়’,
Verse 46
আৰু যেতিয়াই সিহঁতৰ প্ৰতিপালকৰ নিদৰ্শনসমূহৰ মাজৰ পৰা কোনো নিদৰ্শন সিহঁতৰ ওচৰত আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
Verse 47
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্য দান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খোৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’।
Verse 48
সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?
Verse 49
সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাত আছে, যিটোৱে সিহঁতক বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাত আক্ৰমণ কৰিব।
Verse 50
তেতিয়া সিহঁতে অছিয়ত কৰাৰো সমৰ্থ নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকেও উভতি আহিব নোৱাৰিব।
Verse 51
আৰু যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়াই সিহঁতে কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে দৌৰি গুচি আহিব।
Verse 52
সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও সত্যহে কৈছিল’।
Verse 53
এইটো হ’ব কেৱল এটা বিকট শব্দ; তেতিয়াই ইহঁত সকলোকে উপস্থিত কৰা হ’ব আমাৰ সন্মুখত,
Verse 54
এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহব আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
Verse 55
নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত মগ্ন থাকিব,
Verse 56
তেওঁলোকে আৰু তেওঁলোকৰ স্ত্ৰীসকল সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব।
Verse 57
ﭡﭢﭣﭤﭥﭦ
ﭧ
তাত থাকিব তেওঁলোকৰ বাবে ফলমূল, আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই পাব,
Verse 58
ﭨﭩﭪﭫﭬ
ﭭ
অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)।
Verse 59
ﭮﭯﭰﭱ
ﭲ
আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’।
Verse 60
হে আদম সন্তান! মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু?
Verse 61
ﮃﮄﮅﮆﮇﮈ
ﮉ
আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই সৰল পথ।
Verse 62
আৰু চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে?
Verse 63
ﮔﮕﮖﮗﮘ
ﮙ
এইটোৱেই সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল।
Verse 64
ﮚﮛﮜﮝﮞ
ﮟ
তোমালোকে যে কুফৰী কৰিছিলা তাৰ বাবে আজি তোমালোকে ইয়াত দগ্ধ হোৱা।
Verse 65
আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ।
Verse 66
আৰু আমি ইচ্ছা কৰিলে অৱশ্যে সিহঁতৰ চকুবোৰক লোপ কৰি দিলোহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰিলেও (কোনো কামত নাহিব) কাৰণ কেনেকৈনো দেখা পাব!
Verse 67
আৰু আমি ইচ্ছা কৰিলে সিহঁতৰ নিজ নিজ স্থানত সিহঁতৰ আকৃতি পৰিবৰ্তন কৰি দিলোহেঁতেন, ফলত সিহঁতে আগুৱাইয়ো যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন।
Verse 68
আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰো, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে?
Verse 69
আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইটো কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;
Verse 70
যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে আৰু কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়।
Verse 71
সিহঁতে লক্ষ্য কৰা নাইনে যে, আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তুও সৃষ্টি কৰিছো। সিহঁতেই সেইবোৰৰ মালিক।
Verse 72
ﭞﭟﭠﭡﭢﭣ
ﭤ
আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছো। ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে।
Verse 73
আৰু সিহঁতৰ বাবে এইবোৰৰ মাজত আছে বহুতো উপকাৰ লগতে আছে পানীয় উপাদান। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?
Verse 74
অথচ সিহঁতে আল্লাহৰ পৰিবৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে, সিহঁতে সাহায্যপ্ৰাপ্ত হ’ব।
Verse 75
কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ’ব।
Verse 76
এতেকে সিহঁতৰ কথায় যেন তোমাক চিন্তিত নকৰে, নিশ্চয় আমি জানো যি সিহঁতে গোপন কৰে আৰু যি সিহঁতে প্ৰকাশ কৰে।
Verse 77
মানুহে লক্ষ্য কৰা নাইনে যে, আমি তাক সৃষ্টি কৰিছো শুক্ৰবিন্দুৰ পৰা, অথচ পিছত সি প্ৰকাশ্য বিতণ্ডাকাৰী হৈ পৰে।
Verse 78
আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘অস্থিৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’?
Verse 79
কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।
Verse 80
তেৱেঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে, ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা।
Verse 81
যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ আকৌ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে? নিশ্চয় হয়। তেওঁ মহাস্ৰষ্টা, সৰ্বজ্ঞ।
Verse 82
তেওঁৰ বিষয়টো এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে, তেতিয়া কেৱল কয়, ‘হ’, ফলত সেইটো হৈ যায়।
Verse 83
এতেকে পৱিত্ৰ আৰু মহান সেই সত্তা, যাৰ হাতত প্ৰত্যেক বিষয়ৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।
تقدم القراءة