الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা المعارج ৰ অনুবাদ
Verse 1
ﮮﮯﮰﮱ
ﯓ
ব্যক্তি এজনে আবেদন কৰিলে, এনে শাস্তি সম্পৰ্কে যিটো আপতিত হ’ব--
Verse 2
ﯔﯕﯖﯗ
ﯘ
কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।
Verse 3
ﯙﯚﯛﯜ
ﯝ
এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,
Verse 4
ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।
Verse 5
ﯪﯫﯬ
ﯭ
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।
Verse 6
ﯮﯯﯰ
ﯱ
সিহঁতে এই দিনক বহু দূৰত থকা বুলি ভাৱে।
Verse 7
ﯲﯳ
ﯴ
আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছো।
Verse 8
ﯵﯶﯷﯸ
ﯹ
সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,
Verse 9
ﯺﯻﯼ
ﯽ
আৰু পৰ্বতসমূহ হৈ যাব ৰঙ-বিৰঙৰ ঊণৰ দৰে,
Verse 10
ﯾﯿﰀﰁ
ﰂ
আৰু কোনো অন্তৰঙ্গ বন্ধুৱে অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,
Verse 11
সিহঁতক ইজনে-সিজনৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিনাৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,
Verse 12
ﭜﭝ
ﭞ
আৰু তাৰ স্ত্ৰী আৰু ভাতৃক,
Verse 13
ﭟﭠﭡ
ﭢ
আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,
Verse 14
ﭣﭤﭥﭦﭧﭨ
ﭩ
আৰু পৃথিৱীত যিসকল আছে সেই সকলোকে, যাতে এই বিনিময়ে তাক মুক্তি দিয়ে।
Verse 15
ﭪﭫﭬﭭ
ﭮ
কেতিয়াও নহয়, নিশ্চয় এইটো লেলিহান জুই,
Verse 16
ﭯﭰ
ﭱ
যিয়ে মূৰৰ ছাল খহাই পেলাব।
Verse 17
ﭲﭳﭴﭵ
ﭶ
জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
Verse 18
ﭷﭸ
ﭹ
আৰু সম্পদ সঞ্চয় কৰিছিল আৰু সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল।
Verse 19
ﭺﭻﭼﭽﭾ
ﭿ
নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।
Verse 20
ﮀﮁﮂﮃ
ﮄ
যেতিয়া তাক বিপদে স্পৰ্শ কৰে তেতিয়া সি অতিমাত্ৰা উৎকন্ঠিত হৈ পৰে।
Verse 21
ﮅﮆﮇﮈ
ﮉ
আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।
Verse 22
ﮊﮋ
ﮌ
কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,
Verse 23
ﮍﮎﮏﮐﮑ
ﮒ
যিসকলে নিজ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,
Verse 24
ﮓﮔﮕﮖﮗ
ﮘ
আৰু যিসকলৰ ধন-সম্পদত নিৰ্ধাৰিত হক্ব আছে,
Verse 25
ﮙﮚ
ﮛ
খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,
Verse 26
ﮜﮝﮞﮟ
ﮠ
আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।
Verse 27
ﮡﮢﮣﮤﮥﮦ
ﮧ
আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত--
Verse 28
ﮨﮩﮪﮫﮬ
ﮭ
নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তিৰ পৰা নিৰাপদ হৈ থকা নাযায়;
Verse 29
ﮮﮯﮰﮱ
ﯓ
আৰু যিসকলে নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী,
Verse 30
কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--
Verse 31
কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালঙ্ঘনকাৰী।
Verse 32
ﯧﯨﯩﯪﯫ
ﯬ
আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,
Verse 33
ﯭﯮﯯﯰ
ﯱ
আৰু যিসকলে নিজ সাক্ষ্যদানত অটল,
Verse 34
ﯲﯳﯴﯵﯶ
ﯷ
আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে,
Verse 35
ﯸﯹﯺﯻ
ﯼ
তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।
Verse 36
ﯽﯾﯿﰀﰁ
ﰂ
কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখুন তোমাৰ ফালে ঢপলীয়াই আহি আছে?
Verse 37
ﰃﰄﰅﰆﰇ
ﰈ
সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা, দলে দলে।
Verse 38
সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব?
Verse 39
ﰒﰓﰔﰕﰖﰗ
ﰘ
কেতিয়াও নহয়, নিশ্চয় সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেয়া সিহঁতে জানে।
Verse 40
এতেকে মই শপত কৰিছো উদয়স্থল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, অৱশ্যে আমি সক্ষম,
Verse 41
সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এনে কৰাত আমি অক্ষম নহয়।
Verse 42
এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যি দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিনৰ সন্মুখীন নোহোৱা পৰ্যন্ত।
Verse 43
সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাবিত হৈছে,
Verse 44
সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব এইটোৱে সেইদিন যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।
تقدم القراءة