سورة الغاشية

الترجمة الأسامية

الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الغاشية ৰ অনুবাদ

الترجمة الأسامية

Verse 1
তোমাৰ ওচৰত আচ্ছন্নকাৰী (কিয়ামতৰ) সংবাদ আহিছেনে?
Verse 2
সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত,
Verse 3
কৰ্মক্লান্ত, পৰিশ্ৰান্ত,
Verse 4
সিহঁত প্ৰৱেশ কৰিব জ্বলন্ত জুইত;
Verse 5
উত্তপ্ত উতলা নিজৰাৰ পানী পান কৰিবলৈ দিয়া হ’ব;
সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,
ই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব।
Verse 8
আৰু সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল,
Verse 9
নিজ কৰ্মৰ সাফল্যত পৰিতৃপ্ত,
Verse 11
তাত সিহঁতে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব,
Verse 12
তাত থাকিব প্ৰবাহমান নিজৰা,
Verse 13
তাত থাকিব উন্নত শয্যাসমূহ,
Verse 14
আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ,
Verse 15
আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ,
Verse 16
আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ,
ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে?
Verse 18
আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে?
Verse 19
আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে?
Verse 20
আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে?
Verse 21
এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা,
Verse 22
তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।
Verse 23
কিন্তু কোনোবাই মুখ ঘুৰাই ল’লে অথবা কুফৰী কৰিলে,
Verse 24
তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব।
Verse 25
নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
Verse 26
আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।
تقدم القراءة