الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الطور ৰ অনুবাদ
Verse 1
ﮞ
ﮟ
শপত তুৰ পৰ্বতৰ,
Verse 2
ﮠﮡ
ﮢ
শপত কিতাবৰ যিটো লিপিবদ্ধ আছে,
Verse 3
ﮣﮤﮥ
ﮦ
উন্মুক্ত পাতত।
Verse 4
ﮧﮨ
ﮩ
শপত আবাদ গৃহৰ,
Verse 5
ﮪﮫ
ﮬ
শপত সুউচ্চ চাদৰ,
Verse 6
ﮭﮮ
ﮯ
শপত তৰঙ্গ-বিক্ষুব্ধ উত্তাল সাগৰৰ--
Verse 7
ﮰﮱﯓﯔ
ﯕ
নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অৱশ্যম্ভাৱী,
Verse 8
ﯖﯗﯘﯙ
ﯚ
ইয়াৰ প্ৰতিৰোধকাৰী কোনো নাই।
Verse 9
ﯛﯜﯝﯞ
ﯟ
যিদিনা প্ৰবলভাৱে আকাশখন প্ৰকম্পিত হ’ব,
Verse 10
ﯠﯡﯢ
ﯣ
আৰু পৰ্বতসমূহ দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব;
Verse 11
ﯤﯥﯦ
ﯧ
এতেকে সৰ্বনাশ সেইদিন অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 12
ﯨﯩﯪﯫﯬ
ﯭ
যিহঁতে খেল-ধেমালিৰ ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে।
Verse 13
ﯮﯯﯰﯱﯲﯳ
ﯴ
সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে ঠেলি-হেচি লৈ যোৱা হ’ব,
Verse 14
ﯵﯶﯷﯸﯹﯺ
ﯻ
‘এইটোৱে সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।
Verse 15
ﭑﭒﭓﭔﭕﭖ
ﭗ
এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা!
Verse 16
তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।
Verse 17
ﭦﭧﭨﭩﭪ
ﭫ
নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্যৰ ভিতৰত,
Verse 18
তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা,
Verse 19
ﭵﭶﭷﭸﭹﭺ
ﭻ
‘তোমালোকে যি আমল কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।
Verse 20
তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকু বিশিষ্টা হুৰৰ লগত;
Verse 21
আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজ কৃতকৰ্মৰ বাবে দায়ী।
Verse 22
ﮚﮛﮜﮝﮞ
ﮟ
আৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস যিটো তেওঁলোকে কামনা কৰিব।
Verse 23
তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপ কামও নাথাকিব।
Verse 24
আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘুৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেন সুৰক্ষিত মুকুতা।
Verse 25
ﯓﯔﯕﯖﯗ
ﯘ
আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সুধিব,
Verse 26
তেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতি পূৰ্বে আমাৰ পৰিয়াল বৰ্গৰ মাজত শঙ্কিত অৱস্থাত আছিলো’।
Verse 27
ﯡﯢﯣﯤﯥﯦ
ﯧ
তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে।
Verse 28
নিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলো; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু।
Verse 29
এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়।
Verse 30
সিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছো।
Verse 31
ﰄﰅﰆﰇﰈﰉ
ﰊ
কোৱা, ‘তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষাকাৰীসকলৰ অন্তৰ্ভূক্ত হ’লো’।
Verse 32
সিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালঙ্ঘনকাৰী সম্প্ৰদায়?
Verse 33
নে সিহঁতে কয়, ‘এই কোৰআন এওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁত ঈমান নানিব।
Verse 34
ﭣﭤﭥﭦﭧﭨ
ﭩ
তেন্তে সিহঁতে যদি সত্যবাদী, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন!
Verse 35
সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা?
Verse 36
নে সিহঁতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।
Verse 37
তোমাৰ প্ৰতিপালকৰ গোপন ভাণ্ডাৰ সিহঁতৰ ওচৰতে নেকি, নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী?
Verse 38
নে সিহঁতৰ ওচৰত মৈ আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন!
Verse 39
ﮏﮐﮑﮒﮓ
ﮔ
নে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে?
Verse 40
তুমি সিহঁতৰ ওচৰত প্ৰতিদান বিচৰা নেকি যে, সিহঁতে ইয়াক এটা দুৰ্বহ বোজা বুলি ভাবে?
Verse 41
ﮝﮞﮟﮠﮡ
ﮢ
নে সিহঁতৰ ওচৰত অদৃশ্যৰ জ্ঞান আছে, যিটো সিহঁতে লিখে?
Verse 42
নে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰে? এতেকে যিহঁতে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ।
Verse 43
নে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ।
Verse 44
আৰু আকাশৰ কোনো টুকুৰা ভাঙি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’।
Verse 45
এতেকে সিহঁতক এৰি দিয়া সেইদিন পৰ্যন্ত, যিদিনা সিহঁত বজ্ৰাঘাতত আক্ৰান্ত হ’ব।
Verse 46
সেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব।
Verse 47
আৰু নিশ্চয় যিহঁতে অন্যায় কৰিছে সিহঁতৰ বাবে আছে ইয়াৰ বাহিৰেও আৰু শাস্তি। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।
Verse 48
আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ ওপৰত ধৈৰ্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি থিয় হোৱা।
Verse 49
ﰋﰌﰍﰎﰏ
ﰐ
আৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত।
تقدم القراءة