الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা المطفّفين ৰ অনুবাদ
Verse 1
ﯖﯗ
ﯘ
ধ্বংস সিহঁতৰ বাবে যিহঁতে জোখ-মাখত কম দিয়ে,
Verse 2
ﯙﯚﯛﯜﯝﯞ
ﯟ
যিহঁতে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,
Verse 3
ﯠﯡﯢﯣﯤ
ﯥ
আৰু যেতিয়া সিহঁতক মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।
Verse 4
ﯦﯧﯨﯩﯪ
ﯫ
সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব?
Verse 5
ﭑﭒ
ﭓ
মহাদিৱসত।
Verse 6
ﭔﭕﭖﭗﭘ
ﭙ
যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।
Verse 7
ﭚﭛﭜﭝﭞﭟ
ﭠ
কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা ছিজ্জিনত আছে।
Verse 8
ﭡﭢﭣﭤ
ﭥ
আৰু কিহে তোমাক জনাব ছিজ্জিন কি?
Verse 9
ﭦﭧ
ﭨ
চিহ্নিত আমলনামা।
Verse 10
ﭩﭪﭫ
ﭬ
সেইদিনা ধ্বংস অস্বীকাৰকাৰীসকলৰ বাবে,
Verse 11
ﭭﭮﭯﭰ
ﭱ
যিহঁতে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।
Verse 12
আৰু কেৱল প্ৰত্যেক পাপিষ্ঠ সীমালঙ্ঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।
Verse 13
আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।
Verse 14
কেতিয়াও নহয়, সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰ ধৰিছে।
Verse 15
ﮍﮎﮏﮐﮑﮒ
ﮓ
কেতিয়াও নহয়, নিশ্চয় সিহঁত সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।
Verse 16
ﮔﮕﮖﮗ
ﮘ
তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব;
Verse 17
তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।
Verse 18
ﮡﮢﮣﮤﮥﮦ
ﮧ
কেতিয়াও নহয়, নিশ্চয় পূ্ণ্যবানলোকসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।
Verse 19
ﮨﮩﮪﮫ
ﮬ
আৰু কিহে তোমাক জনাব ইল্লিয়্যীন কি?
Verse 20
ﮭﮮ
ﮯ
চিহ্নিত আমলনামা।
Verse 21
ﮰﮱ
ﯓ
সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াৰ অবলোকন কৰে।
Verse 22
ﯔﯕﯖﯗ
ﯘ
নিশ্চয় পূণ্যবানসকলেই থাকিব পৰম সূখ-শান্তিত,
Verse 23
ﯙﯚﯛ
ﯜ
সুসজ্জিত আসনত বহি দৰ্শন কৰিব।
Verse 24
ﯝﯞﯟﯠﯡ
ﯢ
তুমি সিহঁতৰ মুখমণ্ডলত সূখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা,
Verse 25
ﯣﯤﯥﯦ
ﯧ
সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;
Verse 26
আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগীতা কৰা উচিত।
Verse 27
ﯰﯱﯲ
ﯳ
আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ,
Verse 28
ﯴﯵﯶﯷ
ﯸ
(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে পান কৰিব।
Verse 29
নিশ্চয় যিহঁতে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল,
Verse 30
ﰂﰃﰄﰅ
ﰆ
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।
Verse 31
ﰇﰈﰉﰊﰋﰌ
ﰍ
আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উত্ফল্লিত হৈ উভতিছিল,
Verse 32
ﰎﰏﰐﰑﰒﰓ
ﰔ
আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।
Verse 33
ﰕﰖﰗﰘ
ﰙ
অথচ সিহঁতক মুমিনসকলৰ তত্ত্ববধায়ক হিচাপে পঠোৱা হোৱা নাই।
Verse 34
ﭑﭒﭓﭔﭕﭖ
ﭗ
এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।
Verse 35
ﭘﭙﭚ
ﭛ
সুসজ্জিত আসনত বহি সিহঁতে চাই থাকিব।
Verse 36
ﭜﭝﭞﭟﭠﭡ
ﭢ
কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে?
تقدم القراءة