الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা التكوير ৰ অনুবাদ
Verse 1
ﭙﭚﭛ
ﭜ
সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব,
Verse 2
ﭝﭞﭟ
ﭠ
আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব,
Verse 3
ﭡﭢﭣ
ﭤ
পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব,
Verse 4
ﭥﭦﭧ
ﭨ
আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব,
Verse 5
ﭩﭪﭫ
ﭬ
আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব,
Verse 6
ﭭﭮﭯ
ﭰ
আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব,
Verse 7
ﭱﭲﭳ
ﭴ
আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব,
Verse 8
ﭵﭶﭷ
ﭸ
আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব,
Verse 9
ﭹﭺﭻ
ﭼ
কি অপৰাধত তাইক হত্যা কৰা হৈছিল?
Verse 10
ﭽﭾﭿ
ﮀ
আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব,
Verse 11
ﮁﮂﮃ
ﮄ
আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব,
Verse 12
ﮅﮆﮇ
ﮈ
আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব,
Verse 13
ﮉﮊﮋ
ﮌ
আৰু জান্নাতক যেতিয়া নিকটবৰ্তী কৰা হ’ব,
Verse 14
ﮍﮎﮏﮐ
ﮑ
তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।
Verse 15
ﮒﮓﮔ
ﮕ
এতেকে মই শপত কৰিছো আৱৰ্তনশীল নক্ষত্ৰবোৰৰ,
Verse 16
ﮖﮗ
ﮘ
যিবোৰ গতিশীল, অদৃশ্য,
Verse 17
ﮙﮚﮛ
ﮜ
আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,
Verse 18
ﮝﮞﮟ
ﮠ
আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়,
Verse 19
ﮡﮢﮣﮤ
ﮥ
নিশ্চয় এই কোৰআন সন্মানিত ৰাছুলে লৈ অহা বাণী।
Verse 20
ﮦﮧﮨﮩﮪﮫ
ﮬ
যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন,
Verse 21
ﮭﮮﮯ
ﮰ
মান্যবৰ, তাত তেওঁ বিশ্বস্ত।
Verse 22
ﮱﯓﯔ
ﯕ
আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়,
Verse 23
ﯖﯗﯘﯙ
ﯚ
আৰু তেওঁ তেওঁক স্পষ্ট দিগন্তত দেখিছে,
Verse 24
ﯛﯜﯝﯞﯟ
ﯠ
আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে।
Verse 25
ﯡﯢﯣﯤﯥ
ﯦ
আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়।
Verse 26
ﯧﯨ
ﯩ
এতেকে তোমালোকে কোনফালে গতি কৰিছা?
Verse 27
ﯪﯫﯬﯭﯮ
ﯯ
এইটো কেৱল সমগ্ৰ জগতবাসীৰ বাবে উপদেশ বাণী,
Verse 28
ﯰﯱﯲﯳﯴ
ﯵ
তাৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।
Verse 29
তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়া লৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।
تقدم القراءة