الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা المسد ৰ অনুবাদ
Verse 1
ﮈﮉﮊﮋﮌ
ﮍ
ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হৈছে।
Verse 2
ﮎﮏﮐﮑﮒﮓ
ﮔ
তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।
Verse 3
ﮕﮖﮗﮘ
ﮙ
অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।
Verse 4
ﮚﮛﮜ
ﮝ
আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,
Verse 5
ﮞﮟﮠﮡﮢ
ﮣ
তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছি।
تقدم القراءة