الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الأحزاب ৰ অনুবাদ
Verse 1
হে নবী আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু কাফিৰ, মুনাফিকসকলৰ আনুগত্য নকৰিবা। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Verse 2
আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী হয় কেৱল তাৰেই অনুসৰণ কৰা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।
Verse 3
আৰু তুমি কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।
Verse 4
আল্লাহে কোনো মানুহৰেই অভ্যন্তৰত দুটা হৃদয় সৃষ্টি কৰা নাই। তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিবিলাকৰ লগত তোমালোকে যিহাৰ কৰা, তেওঁ সিহঁতক তোমালোকৰ মাতৃ কৰি দিয়া নাই আৰু তোমালোকৰ তোলনীয়া পুত্ৰ বিলাককো তেওঁ তোমালোকৰ প্ৰকৃত পুত্ৰ কৰি দিয়া নাই। এইবোৰ তোমালোকৰ মুখৰ কথাহে। আল্লাহে কেৱল সত্য কথাই কয় আৰু তেৱেঁই সৰল পথ নিৰ্দেশ কৰে।
Verse 5
তোমালোকে সিহঁতক (তোলনীয়া পুত্ৰক) সিহঁতৰ পিতৃৰ পৰিচয়েৰে মাতিবা; আল্লাহৰ ওচৰত এইটোৱেই বেছি ন্যায়সংগত। এতেকে যদি তোমালোকে সিহঁতৰ পিতৃৰ পৰিচয় নাজানা তেন্তে সিহঁত তোমালোকৰ দ্বীনি ভাই আৰু বন্ধু। এই বিষয়ে তোমালোকে কোনো অনিচ্ছাকৃত ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়; কিন্তু তোমালোকৰ অন্তৰে যিটো ইচ্ছাকৃতভাৱে কৰিছে (সেয়া অপৰাধ); আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 6
মুমিনসকলৰ ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈয়ো বেছি ঘনিষ্ট, আৰু তেওঁৰ স্ত্ৰীসকল তেওঁলোকৰ মাতৃ। আল্লাহৰ বিধান অনুযায়ী মুমিন আৰু মুহাজিৰসকলতকৈ আত্মীয়-স্বজনসকল পৰস্পৰে বেছি ওচৰত। কিন্তু তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱৰ প্ৰতি কল্যাণমূলক কিবা কৰিব বিচাৰিলে সেয়া সূকীয়া কথা। এয়া কিতাবত লিপিবদ্ধ আছে।
Verse 7
আৰু স্মৰণ কৰা, যেতিয়া আমি নবীসকলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিলো আৰু তোমাৰ পৰাও, লগতে নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা ইবনে মাৰয়ামৰ পৰাও। আমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিছিলো দৃঢ় অঙ্গীকাৰ,
Verse 8
সত্যবাদীসকলক সিহঁতৰ সত্যবাদিতা সম্পৰ্কে সুধিবলৈ। আৰু তেওঁ কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 9
হে মুমিনসকল! তোমালোকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যেতিয়া শত্ৰু বাহিনী তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তাৰ পিছত আমি সিহঁতৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলো ঘূৰ্ণীবতাহ লগতে এনেকুৱা সৈন্যবাহিনী যিটো তোমালোকে দেখা নাছিলা। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
Verse 10
যেতিয়া সিহঁতে তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তোমালোকৰ ওপৰৰ পৰা আৰু নিম্নফালৰ পৰা, তেতিয়া তোমালোকৰ চকু থৰ লাগিছিল আৰু তোমালোকৰ প্ৰাণ কণ্ঠাগত হৈ পৰিছিল, আৰু তোমালোকে আল্লাহ সম্পৰ্কে নানাবিধ ধাৰণা পোষণ কৰিছিলা।
Verse 11
ﮖﮗﮘﮙﮚﮛ
ﮜ
তেতিয়া মুমিনসকলক পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোক ভীষণভাৱে প্ৰকম্পিত হৈছিল।
Verse 12
আৰু স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছিল সিহঁতে কৈছিল, ‘আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক যি প্ৰতিশ্ৰুতি দিছিল সেয়া প্ৰতাৰণাৰ বাহিৰে আন একো নহয়’।
Verse 13
আৰু যেতিয়া সিহঁতৰ এটা দলে কৈছিল, ‘হে ইয়াছৰিবৰ অধিবাসীসকল! (ইয়াত ৰাছুলৰ ওচৰত প্ৰতিৰোধ কৰাৰ বাবে) তোমালোকৰ কোনো স্থান নাই। এতেকে তোমালোকে (ঘৰলৈ) উভতি যোৱা’, আৰু সিহঁতৰ মাজৰ এটা দলে নবীৰ ওচৰত অব্যাহতি বিচাৰি প্ৰাৰ্থনা কৰি কৈছিল, ‘আমাৰ ঘৰ-দুৱাৰসমূহ অৰক্ষিত’; অথচ সেইবোৰ অৰক্ষিত নাছিল, আচলতে পলাই যোৱাটোহে আছিল সিহঁতৰ মূল উদ্দেশ্য।
Verse 14
আৰু যদি বিভিন্ন ফালৰ পৰা সিহঁতৰ বিৰুদ্ধে শত্ৰুসকল প্ৰৱেশ কৰিলেহেঁতেন, তাৰ পিছত সিহঁতক শ্বিৰ্ক কৰাৰ বাবে আহ্বান জনোৱা হ’লে সিহঁতে অৱশ্যে সেয়া কৰিলেহেঁতেন, সিহঁতে সেইটো কৰিবলৈ অকণো পলম নকৰিলেহেঁতেন।
Verse 15
অৱশ্যে সিহঁতে পূৰ্বে আল্লাহৰ লগত অঙ্গীকাৰ কৰিছিল যে, সিহঁতে পৃষ্ঠ প্ৰদৰ্শন নকৰিব। আৰু আল্লাহৰ লগত কৰা অঙ্গীকাৰ সম্পৰ্কে অৱশ্যে (সিহঁতক) সোধা হ’ব।
Verse 16
কোৱা, ‘যদি তোমালোকে মৃত্যু অথবা হত্যাৰ ভয়ত পলাব বিচাৰিছা, তেন্তে সেই পলায়ন তোমালোকৰ কোনো উপকাৰত নাহিব, কিন্তু তেনে ক্ষেত্ৰত তোমালোকক অকণমানহে ভোগ কৰিবলৈ সুযোগ দিয়া হ’ব’।
Verse 17
কোৱা, ‘কোনে তোমালোকক আল্লাহৰ পৰা ৰক্ষা কৰিব, যদি তেওঁ তোমালোকক কোনো ক্ষতি কৰিব বিচাৰে, নাইবা তোমালোকক ৰহমত দান কৰিব বিচাৰে’? আৰু সিহঁতে আল্লাহৰ বাহিৰে নিজৰ বাবে আন কোনো অভিভাৱক আৰু সহায়কাৰী নাপাব।
Verse 18
আল্লাহে অৱশ্যে জানে তোমালোকৰ মাজত কোনসকল বাধা প্ৰদানকাৰী আৰু কোন বিলাকে সিহঁতৰ ভাতৃক কয়, আমাৰ ফালে গুচি আহা, সিহঁতে অতি সামান্যহে যুদ্ধ কৰে,
Verse 19
তোমালোকৰ বিষয়ত ( সিহঁতৰ সহায় প্ৰদান আৰু বিজয় কামনাত) কৃপণতা কৰাৰ কাৰণে। এতেকে যেতিয়া ভীতি (বিপদ) আহিব তেতিয়া তুমি দেখিবা, সিহঁতে মৃত্যুৰ ভয়ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই তোমাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া বিপদ আঁতৰি যায় তেতিয়া সিহঁতে ধনৰ লালসাত তোমালোকক তীক্ষ্ণ ভাষাত বিদ্ধ কৰে। সিহঁতে ঈমান অনা নাই ফলত আল্লাহে সিহঁতৰ আমলসমূহ নিষ্ফল কৰিছে আৰু এইটো আল্লাহৰ বাবে অতি সহজ।
Verse 20
সিহঁতে ভাবে যে, সন্মিলিত বাহিনী গুচি যোৱা নাই। যদি সন্মিলিত বাহিনী আকৌ আহি পৰে, তেতিয়া সিহঁতে কামনা কৰিব যে, ভাল হ’লেহেঁতেন যদি সিহঁতে যাযাবৰ মৰুবাসীসকলৰ লগত থাকি তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন! আৰু যদি সিহঁতে তোমালোকৰ লগত অৱস্থান কৰিলেহেঁতেন তেন্তে নাম মাত্ৰহে যুদ্ধ কৰিলেহেঁতেন।
Verse 21
অৱশ্যে তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ, সেই ব্যক্তিৰ বাবে যিয়ে আশা কৰে আল্লাহ আৰু শেষ দিৱসৰ আৰু যিয়ে আল্লাহক বেছি বেছি স্মৰণ কৰে।
Verse 22
আৰু মুমিনসকলে যেতিয়া সন্মিলিত বাহিনীক দেখিলে, তেতিয়া তেওঁলোকে ক’লে, ‘এইটোৱেই সেই প্ৰতিশ্ৰুতি যিটো আমাক আল্লাহ আৰু তেওঁৰ ৰাছুলে দিছিল লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে সঁচাই কৈছিল’। এই ঘটনাই তেওঁলোকৰ ঈমান আৰু আনুগত্যহে বৃদ্ধি কৰিলে।
Verse 23
মুমিনসকলৰ মাজৰ কিছুমানে আল্লাহৰ লগত কৰা তেওঁলোকৰ অঙ্গীকাৰ পূৰ্ণ কৰিছে, তেওঁলোকৰ কিছুমানে (অঙ্গীকাৰ পূৰ্ণ কৰি) মৃত্যুবৰণ কৰিছে আৰু কিছুমান প্ৰতীক্ষাত আছে। তেওঁলোকে নিজ অঙ্গীকাৰত কোনো পৰিবৰ্তন কৰা নাই;
Verse 24
যাতে আল্লাহে সত্যবাদীসকলক তেওঁলোকৰ সত্যবাদিতাৰ বাবে পুৰষ্কৃত কৰিব পাৰে আৰু তেওঁ ইচ্ছা কৰিলে মুনাফিকসকলক শাস্তি দিব পাৰে নাইবা সিহঁতক ক্ষমা কৰি দিব পাৰে। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
Verse 25
আৰু আল্লাহে কাফিৰসকলক ক্ৰুদ্ধাৱস্থাত উভতাই দিলে, সিহঁতে কোনো কল্যাণ লাভ কৰা নাই। যুদ্ধত মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট। আল্লাহ সৰ্বশক্তিমান, প্ৰবল পৰাক্ৰমশালী।
Verse 26
আৰু কিতাবীসকলৰ মাজৰ যিবিলাকে সিহঁতক সহায় কৰিছিল, আল্লাহে সিহঁতক অৱতৰণ কৰালে সিহঁতৰ দূৰ্গসমূহৰ পৰা আৰু সিহঁতৰ অন্তৰসমূহত ভীতিৰ সঞ্চাৰ কৰিলে। ফলত তোমালোকে সিহঁতৰ কিছু সংখ্যক লোকক হত্যা কৰিছা আৰু কিছুমানক বন্দী কৰিছা।
Verse 27
আৰু তেৱেঁই তোমালোকক সিহঁতৰ ভূমি, ঘৰ-দুৱাৰ আৰু সিহঁতৰ ধন-সম্পদৰ উত্তৰাধিকাৰী কৰিলে, আৰু এনেকুৱা এটা ভূমিৰ (উত্তৰাধিকাৰী কৰিলে) য’ত তোমালোকে এতিয়াও পদাৰ্পণ কৰা নাই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাবান।
Verse 28
হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক কোৱা, ‘তোমালোকে যদি পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্যতা কামনা কৰা তেন্তে আহা, মই তোমালোকক ভোগ-বিলাসৰ ব্যৱস্থা কৰি দিওঁ আৰু সৌজন্যৰ সৈতে তোমালোকক বিদায় দিওঁ।
Verse 29
‘আৰু যদি তোমালোকে কামনা কৰা আল্লাহ, তেওঁৰ ৰাছুল আৰু আখিৰাতৰ আবাস, তেন্তে তোমালোকৰ মাজত যিসকলে সৎকৰ্মশীল আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে মহাপ্ৰতিদান’।
Verse 30
হে নবী-পত্নীসকল! তোমালোকৰ মাজৰ কোনোবাই প্ৰকাশ্য অশ্লীল কাম কৰিলে তেওঁৰ বাবে শাস্তি বৃদ্ধি কৰা হ’ব দ্বিগুণ আৰু এইটো আল্লাহৰ বাবে সহজ।
Verse 31
আৰু তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আৰু নেক আমল কৰিব আমি তাক দুবাৰ প্ৰতিদান দিম আৰু আমি তাৰ বাবে প্ৰস্তুত ৰাখিছো সন্মানজনক জীৱিকা।
Verse 32
হে নবী-পত্নীসকল! তোমালোক আন আন নাৰীৰ দৰে নহয়, যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে পৰ-পুৰুষৰ লগত কোমল কণ্ঠত কথা নকবা, কাৰণ এনে কৰিলে যাৰ অন্তৰত ব্যাধি আছে, সি প্ৰলুব্ধ হয়; আৰু তোমালোকে ন্যায়সংগত কথা কবা।
Verse 33
আৰু তোমালোকে নিজ ঘৰত অৱস্থান কৰিবা। প্ৰাচীন জাহেলী যুগৰ প্ৰদৰ্শনীৰ দৰে নিজকে প্ৰদৰ্শন কৰি নুফুৰিবা। তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত থাকা। হে নবী-পৰিয়াল! আল্লাহে তোমালোকৰ পৰা কেৱল অপৱিত্ৰতাক দূৰীভূত কৰিব বিচাৰে আৰু তোমালোকক সম্পূৰ্ণৰূপে পৱিত্ৰ কৰিব বিচাৰে।
Verse 34
আল্লাহৰ আয়াত আৰু হিকমতৰ পৰা যি তোমালোকৰ ঘৰত পাঠ কৰা হয়, সেয়া তোমালোকে স্মৰণ ৰাখিবা। নিশ্চয় আল্লাহ অতি সূক্ষ্মদৰ্শী, সম্যক অৱহিত।
Verse 35
নিশ্চয় মুছলিম পুৰুষ আৰু মুছলিম নাৰী, মুমিন পুৰুষ আৰু মুমিন নাৰী, আনুগত পুৰুষ আৰু আনুগত নাৰী, সত্যবাদী পুৰুষ আৰু সত্যবাদী নাৰী, ধৈৰ্যশীল পুৰুষ আৰু ধৈৰ্যশীল নাৰী, বিনীত পুৰুষ আৰু বিনীত নাৰী, দানশীল পুৰুষ আৰু দানশীল নাৰী, ছওম পালনকাৰী পুৰুষ আৰু ছওম পালনকাৰী নাৰী, যৌনাঙ্গ হিফাজতকাৰী পুৰুষ আৰু যৌনাঙ্গ হিফাজতকাৰী নাৰী, আল্লাহক অধিক স্মৰণকাৰী পুৰুষ আৰু আল্লাহক অধিক স্মৰণকাৰী নাৰী, তেওঁলোকৰ বাবে আল্লাহে ৰাখিছে ক্ষমা আৰু মহাপ্ৰতিদান।
Verse 36
আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো বিষয়ৰ ফয়চালা দিলে কোনো মুমিন পুৰুষ অথবা কোনো মুমিন নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ আন কোনো (সিদ্ধান্তৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিলে সি স্পষ্টভাৱে পথভ্ৰষ্ট হৈ গ’ল।
আৰু স্মৰণ কৰা, আল্লাহে যাক অনুগ্ৰহ কৰিছে আৰু তুমিও যাৰ প্ৰতি অনুগ্ৰহ কৰিছা, তুমি তাক কৈছিলা, তুমি তোমাৰ স্ত্ৰীৰ লগত সম্পৰ্ক বজায় ৰখা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। কিন্তু তুমি তোমাৰ অন্তৰত যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰি দিলে, তুমি মানুহক ভয় কৰিছিলা অথচ আল্লাহক ভয় কৰাটোহে তোমাৰ বেছি দৰকাৰ। তাৰ পিছত যেতিয়া যায়েদে তাৰ (স্ত্ৰীৰ) সৈতে প্ৰয়োজন শেষ কৰিলে (তালাক দিলে), তেতিয়া আমি তেওঁক (জয়নবক) তোমাৰ লগত বিয়া দিলো, যাতে মুমিনসকলৰ তোলনীয়া পুত্ৰৰ স্ত্ৰীক (স্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ) কোনো সমস্যা নহয়, যেতিয়া সিহঁতে (তোলনীয়া পুত্ৰসকলে) নিজ স্ত্ৰীৰ লগত প্ৰয়োজন শেষ কৰিব (তালাক দিব)। আল্লাহৰ আদেশ কাৰ্যকৰি হ’বই।
Verse 38
সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী।
Verse 39
তেওঁলোকে আল্লাহৰ বাণী প্ৰচাৰ কৰিছিল, আৰু তেওঁকে ভয় কৰিছিল আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। হিচাপ গ্ৰহণকাৰীৰূপে আল্লাহেই যথেষ্ট।
Verse 40
মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
Verse 41
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহক বেছি বেছি স্মৰণ কৰা,
Verse 42
ﰂﰃﰄ
ﰅ
আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
Verse 43
তেৱেঁই তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলে তোমালোকৰ বাবে দুআ কৰে, যাতে তেওঁ তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনে। তেওঁ মুমিনসকলৰ প্ৰতি পৰম দয়ালু।
Verse 44
যিদিনা তেওঁলোকে আল্লাহৰ লগত সাক্ষাত কৰিব, সেইদিনা তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’। তেওঁলোকৰ বাবে তেওঁ প্ৰস্তুত কৰিছে সন্মানজনক প্ৰতিদান।
Verse 45
হে নবী! অৱশ্যে আমি তোমাক সাক্ষী, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিছো;
Verse 46
ﭣﭤﭥﭦﭧﭨ
ﭩ
আৰু আল্লাহৰ অনুমতিক্ৰমে তেওঁৰ ফালে আহ্বানকাৰী আৰু উজ্জ্বল প্ৰদীপৰূপে।
Verse 47
আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে মহা অনুগ্ৰহ।
Verse 48
তুমি কাফিৰ আৰু মুনাফিকবিলাকৰ আনুগত্য নকৰিবা, সিহঁতৰ নিৰ্যাতন উপেক্ষা কৰা আৰু আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।
Verse 49
হে ঈমান্দাৰসকল! যেতিয়া তোমালোকে মুমিন নাৰীসকলক বিয়া কৰিবা, তাৰ পিছত সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক দিলে তোমালোকৰ বাবে সিহঁতৰ পালনীয় কোনো ইদ্দত নাই যিটো তোমালোকে গণনা কৰা। এতেকে তোমালোকে সিহঁতক অলপ সামগ্ৰী প্ৰদান কৰিবা আৰু সৌজন্যৰ সৈতে সিহঁতক বিদায় কৰিবা।
হে নবী! আমি তোমাৰ বাবে বৈধ কৰিছো তোমাৰ স্ত্ৰীসকলক, যিসকলক তুমি মোহৰ প্ৰদান কৰিছা আৰু বৈধ কৰিছো ফায় হিচাপে আল্লাহে তোমাক যি প্ৰদান কৰিছে সিহঁতৰ মাজৰ পৰা যিসকল তোমাৰ মালিকানাধীন হৈছে। আৰু বিবাহৰ বাবে বৈধ কৰিছো তোমাৰ দদাই-বৰপাইৰ জীয়েকহঁতক, জেঠাই-পেহীৰ জীয়েকহঁতক, মোমায়েৰৰ জীয়েকহঁতক আৰু তোমাৰ জেঠাই-মাহীৰ জীয়েকহঁতক, যিসকলে তোমাৰ লগত হিজৰত কৰিছে লগতে এনেকুৱা মুমিন নাৰীসকলোকো (বিবাহৰ বাবে বৈধ কৰিছো) যিয়ে নবীৰ বাবে নিজকে সমৰ্পন কৰে, যদি নবীয়ে তেওঁক বিয়া কৰিব বিচাৰে, এই বিধান বিশেষকৈ তোমাৰ বাবে, আন মুমিনসকলৰ বাবে নহয়; যাতে তোমাৰ কোনো অসুবিধা নহয়। সৰ্বসাধাৰণ মুমিনসকলৰ বাবে তেওঁলোকৰ স্ত্ৰী আৰু দাসীবিলাকৰ বিষয়ে আমি যি বিধি নিৰ্ধাৰণ কৰিছো সেয়া আমাৰ জনা আছে। আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 51
তুমি সিহঁতৰ মাজৰ পৰা যাক ইচ্ছা তোমাৰ ওচৰৰ পৰা দূৰৈত ৰাখিব পাৰা আৰু যাক ইচ্ছা তোমাৰ ওচৰত স্থান দিব পাৰা। তুমি যাক দূৰৈত ৰাখিছা তাক কামনা কৰিলে তোমাৰ কোনো অপৰাধ নাই। এই বিধান এই বাবে যে, এনে কৰিলে সিহঁতৰ চকু জুৰ পৰাৰ বেছি সম্ভাৱনা থাকিব আৰু সিহঁতে দুঃখ নাপাব আৰু সিহঁতক তুমি যি প্ৰদান কৰিবা সেইটোতেই সিহঁত প্ৰত্যেকেই সন্তুষ্ট হৈ থাকিব। তোমালোকৰ অন্তৰত যি আছে আল্লাহে সেয়া জানে আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।
Verse 52
ইয়াৰ পিছত তোমাৰ বাবে আন কোনো নাৰী বৈধ নহয় আৰু তোমাৰ স্ত্ৰীসকলৰ পৰিবৰ্তে আন স্ত্ৰী গ্ৰহণ কৰাও বৈধ নহয়, যদিও সিহঁতৰ সৌন্দৰ্যই তোমাক মুগ্ধ কৰে; কিন্তু তোমাৰ অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে। আল্লাহ সকলো বস্তুৰ ওপৰত তীক্ষ্ণ পৰ্যবেক্ষণকাৰী।
হে মুমিনসকল! তোমালোকে নবীৰ ঘৰসমূহত বিনা অনুমতিত প্ৰৱেশ নকৰিবা, অৱশ্যে যদি তোমালোকক খোৱাৰ অনুমতি দিয়া হয় তেন্তে (এনে সময়ত) প্ৰৱেশ কৰা যাতে খোৱাৰ বাবে অপেক্ষা কৰিবলগীয়া নহয়। এতেকে যেতিয়া তোমালোকক নিমন্ত্ৰণ কৰা হ’ব তেতিয়া তোমালোকে প্ৰৱেশ কৰিবা, কিন্তু খোৱা শেষ হ’লেই তোমালোকে গুচি যাবা, কথা-বতৰাত ব্যস্ত নহ’বা। নিশ্চয় তোমালোকৰ এই আচৰণে নবীক কষ্ট দিয়ে, কাৰণ তেওঁ তোমালোকক উঠাই দিবলৈ সংকোচ বোধ কৰে। কিন্তু আল্লাহে সত্য কথাত সংকোচ বোধ নকৰে। তোমালোকে তেওঁৰ পত্নীসকলৰ পৰা কিবা বিচাৰিলে পৰ্দাৰ আঁৰৰ পৰা বিচাৰিবা। এই বিধান তোমালোকৰ আৰু তেওঁলোকৰ হৃদয়ৰ বাবে বেছি পৱিত্ৰ। আল্লাহৰ ৰাছুলক কষ্ট দিয়া তোমালোকৰ বাবে উচিত নহয় আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিয়া কৰাটোও তোমালোকৰ বাবে কেতিয়াও বৈধ নহয়। নিশ্চয় আল্লাহৰ ওচৰত এইটো মহা অপৰাধ।
Verse 54
যদি তোমালোকে কিবা প্ৰকাশ কৰা অথবা গোপন কৰা (তেন্তে জানি থোৱা) নিশ্চয় আল্লাহ সৰ্ব বিষয়ে সৰ্বজ্ঞ।
Verse 55
নবীৰ স্ত্ৰীসকলৰ বাবে তেওঁলোকৰ পিতৃবৰ্গ, পুত্ৰসকল, ভাতৃসকল, ভতিজাসকল, ভাগিনসকল, লগৰ তিৰোতাসকল আৰু তেওঁলোকৰ দাস-দাসীসকলৰ সন্মুখত সেয়া পালন নকৰাটো কোনো অপৰাধ নহয়। হে নবী-পত্নীসকল! আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক প্ৰত্যক্ষদৰ্শী।
Verse 56
নিশ্চয় আল্লাহে নবীৰ প্ৰশংসা কৰে আৰু তেওঁৰ ফিৰিস্তাসকল নবীৰ বাবে দুআ আৰু ইছতিগফাৰ কৰে। হে ঈমান্দাৰসকল! তোমালোকেও নবীৰ প্ৰতি দৰুদ পাঠ কৰা আৰু তেওঁক যথাযথভাৱে ছালাম জনোৱা।
Verse 57
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক কষ্ট দিয়ে, আল্লাহে সিহঁতক পৃথিৱী আৰু আখিৰাতত লানত কৰিছে আৰু তেওঁ সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে লাঞ্ছনাদায়ক শাস্তি।
Verse 58
আৰু যিসকলে মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক বিনা অপৰাধত (যিটো সিহঁতে কৰা নাই তাৰ বাবে) কষ্ট দিয়ে, নিশ্চয় সিহঁতে অপবাদ আৰু সুস্পষ্ট পাপৰ বোজা বহন কৰিলে।
Verse 59
হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়ৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটো তেওঁলোকক চিনাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহ'ব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
Verse 60
যদি মুনাফিকসকল আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু চহৰত মিছা সংবাদ প্ৰচাৰকাৰীসকলে বিৰত নহয় তেন্তে অৱশ্যে আমি তোমাক সিহঁতৰ বিৰুদ্ধে প্ৰবল কৰিম; ইয়াৰ পিছত এই চহৰত সিহঁতে তোমাৰ প্ৰতিবেশীৰূপে অতি কম সময়হে থাকিব পাৰিব,
Verse 61
অভিশপ্ত হৈ; সিহঁতক য’তে পোৱা যাব ততেই ধৰা হ’ব আৰু নিৰ্দয়ভাৱে হত্যা কৰা হ’ব।
Verse 62
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা।
Verse 63
মানুহে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ইয়াৰ প্ৰকৃত জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে’। কিহে তোমাক জনাব? সম্ভৱত কিয়ামত অতি শীঘ্ৰেই হ’ব পাৰে।
Verse 64
নিশ্চয় আল্লাহে কাফিৰসকলক অভিশপ্ত কৰিছে আৰু সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছে জ্বলন্ত জুই;
Verse 65
তাত সিহঁত চিৰস্থায়ী হ’ব আৰু সিহঁতে কোনো অভিভাৱক নাপাব আৰু কোনো সহায়কাৰীও নাপাব।
Verse 66
যিদিনা সিহঁতৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ'ব, সেইদিনা সিহঁতে ক'ব, হায়! আমি যদি আল্লাহক মানিলোহেঁতেন আৰু ৰাছুলৰ আনুগত্য কৰিলোহেঁতেন!
Verse 67
সিহঁতে আৰু ক’ব, ‘হে আমাৰ ৰব! আমি আমাৰ নেতৃবৰ্গ আৰু বিশিষ্ট লোকসকলৰহে আনুগত্য কৰিছিলো আৰু সিহঁতেহে আমাক পথভ্ৰষ্ট কৰিছিল;
Verse 68
‘হে আমাৰ ৰব! তুমি সিহঁতক দ্বিগুণ শাস্তি দিয়া আৰু সিহঁতক মহা অভিসম্পাত দিয়া’।
Verse 69
হে ঈমান্দাৰসকল! মুছাক যিসকলে কষ্ট দিছে তোমালোকে সিহঁতৰ দৰে নহ'বা, এতেকে সিহঁতে যি ৰটনা কৰিছিল আল্লাহে তেওঁক তাৰ পৰা নিৰ্দোষ প্ৰমাণিত কৰিছিল; আৰু তেওঁ আছিল আল্লাহৰ ওচৰত মৰ্যাদাবান।
Verse 70
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সঠিক কথা কোৱা;
Verse 71
এনে কৰিলে তেওঁ তোমালোকৰ বাবে তোমালোকৰ আমলসমূহ সংশোধন কৰিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰিব। যি ব্যক্তি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, সি অৱশ্যে মহা সফলতা অৰ্জন কৰিলে।
Verse 72
নিশ্চয় আমি আকাশসমূহ, পৃথিৱী আৰু পৰ্বতমালাৰ প্ৰতিও এই আমানতৰ প্ৰস্তাৱ দিছিলো কিন্তু সিহঁতে এইটো (দায়িত্বভাৰ) বহন কৰিবলৈ অস্বীকাৰ কৰিলে আৰু সেয়া ল’বলৈ ভয় কৰিলে আৰু মানুহে সেয়া বহন কৰিলে; নিশ্চয় সি অত্যন্ত যালিম, অতি অজ্ঞ।
Verse 73
যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী লগতে মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰীক শাস্তি দিয়ে আৰু মুমিন পুৰুষ আৰু মুমিনা নাৰীক ক্ষমা কৰে। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।
تقدم القراءة