سورة المرسلات

الترجمة الأسامية

الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা المرسلات ৰ অনুবাদ

الترجمة الأسامية

Verse 1
শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,
Verse 2
তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,
Verse 3
শপত প্ৰচণ্ড সঞ্চালনকাৰীৰ,
Verse 4
তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,
Verse 5
তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে---
Verse 6
ওজৰ-আপত্তি দূৰীকৰণ আৰু সতৰ্ক কৰাৰ বাবে,
Verse 7
নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অৱশ্যে সংঘটিত হ’ব।
Verse 8
যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,
Verse 9
আৰু যেতিয়া আকাশখন বিদীৰ্ণ কৰা হ’ব,
Verse 10
আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণবিচূৰ্ণ কৰা হ’ব,
Verse 11
আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,
Verse 12
কোনটো দিনৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?
Verse 13
বিচাৰ দিনৰ বাবে।
আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?
Verse 15
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
Verse 16
আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?
Verse 17
তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।
Verse 18
অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰো।
Verse 19
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
আমি তোমালোকক ঘৃণনীয় পানীৰ পৰা সৃষ্টি কৰা নাইনে?
Verse 21
তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছো,
Verse 22
এটা নিৰ্দিষ্ট সময় লৈকে,
Verse 23
তাৰ পিছত আমি পৰিমাপ কৰিছো, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!
Verse 24
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
Verse 25
আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?
Verse 26
জীৱিতসকল আৰু মৃতসকলৰ বাবে?
আৰু আমি তাত স্থাপন কৰিছো সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছো তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।
Verse 28
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।
যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,
যিটো ছাঁ শীতল নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,
Verse 32
নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,
Verse 33
এনেকুৱা যেন হালধীয়া উটৰ শ্ৰেণী,
Verse 34
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
Verse 35
এইটো এনেকুৱা দিন যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,
Verse 36
আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।
Verse 37
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
‘এইটো ফয়চালাৰ দিন আমি একত্ৰিত কৰিছো তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।
এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।
Verse 40
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,
Verse 42
আৰু সিহঁতৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।
(সিহঁতক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;
Verse 44
সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকো।
Verse 45
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।
Verse 47
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা সিহঁতে ৰুকু’ নকৰে’।
Verse 49
সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
Verse 50
এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব?
تقدم القراءة