الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الحشر ৰ অনুবাদ
Verse 1
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।
তেৱেঁই আহলে কিতাবসকলৰ মাজত যিসকলে কুফৰী কৰিছিল সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁতে ওলাই যাব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰত আল্লাহৰ আযাব এনে ঠাইৰ পৰা আহিলে যিটো সিহঁতেও কল্পনা কৰিব পৰা নাছিল; আৰু তেওঁ সিহঁতৰ অন্তৰত আতঙ্কৰ সঞ্চাৰ কৰিলে। ফলত সিহঁতে সিহঁতৰ ঘৰ-দুৱাৰ নিজ হাতে আৰু মুমিনসকলৰ হাতেৰে ধ্বংস কৰিলে; এতেকে হে দৃষ্টিমান ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা।
Verse 3
আৰু আল্লাহে সিহঁতৰ নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেও তেওঁ সিহঁতক পৃথিৱীতেই (আন কোনো) শাস্তি দিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি।
Verse 4
এয়া এই বাবে যে, নিশ্চয় সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰিছিল;আৰু কোনোবাই আল্লাহৰ বিৰুদ্ধাচাৰণ কৰিলে, তেন্তে নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
Verse 5
তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা, সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমে; যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে।
Verse 6
আৰু আল্লাহে ইয়াহুদীসকলৰ পৰা তেওঁৰ ৰাছুলক যি ‘ফায়’ (ধন-সম্পদ) অৰ্পন কৰিছে, তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা; বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰ্তৃত্ব প্ৰদান কৰে; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
আল্লাহে জনবসতিৰ অধিবাসীসকলৰ পৰা তেওঁৰ ৰাছুলক ‘ফায়’ হিচাপে যি প্ৰদান কৰিছে সেয়া আল্লাহৰ বাবে আৰু ৰাছুলৰ বাবে আৰু আত্মীয়-স্বজনৰ বাবে, ইয়াতীমসকল আৰু মিছকীনসকলৰ বাবে লগতে মুছাফিৰসকলৰ বাবে, যাতে ধন-সম্পদ কেৱল তোমালোকৰ মাজৰ বিত্তশালীসকলৰ মাজতেই আবৰ্তন কৰি নাথাকে। ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থকা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
Verse 8
এই সম্পদ সেইসকল দৰিদ্ৰ মুহাজীৰৰ বাবে যিসকলক নিজ ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ পৰা বিতাৰিত কৰা হৈছে। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টিৰ অন্বেষণ কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এওঁলোকেই সত্যবাদী।
Verse 9
আৰু তেওঁলোকৰ বাবেও, যিসকলে মুহাজিৰসকলৰ আগমনৰ আগতে এই নগৰীক নিবাস হিচাপে গ্ৰহণ কৰিছে আৰু ঈমান আনিছে, তেওঁলোকে তেওঁলোকৰ ওচৰত হিজৰত কৰি অহা মানুহবিলাকক ভালপায় আৰু মুহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে নিজ অন্তৰত কোনো হিংসা পোষণ নকৰে, আৰু তেওঁলোকে অভাৱ থকা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে। প্ৰকৃততে যিসকলক অন্তৰৰ কৃপণতাৰ পৰা ৰক্ষা কৰা হৈছে, তেওঁলোকেই সাফল্যমণ্ডিত।
Verse 10
আৰু যিসকল তেওঁলোকৰ পিছত আহিছে তেওঁলোকে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক আৰু আমাৰ পূৰ্বে ঈমান পোষণ কৰা আমাৰ ভাতৃসকলক ক্ষমা কৰি দিয়া; আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অন্তৰত কোনো বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি দয়াবান, পৰম দয়ালু’।
Verse 11
তুমি মুনাফিকসকলৰ প্ৰতি লক্ষ্য কৰা নাইনে? সিহঁতে আহলে কিতাবসকলৰ মাজৰ পৰা যিসকলে কুফৰী কৰিছে সিহঁতৰ সেইসকল ভাতৃক কয়, ‘তোমালোকে যদি বহিষ্কৃত হোৱা, তেন্তে আমিও তোমালোকৰ লগত নিশ্চয় দেশ ত্যাগ কৰিম আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো আনুগত্য নকৰিম আৰু তোমালোকৰ লগত যুদ্ধ হ’লে আমি নিশ্চয় তোমালোকৰ সহায় কৰিম’। কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁত ঘোৰ মিছলীয়া।
Verse 12
প্ৰকৃততে যদি সিহঁত (ইয়াহুদীসকল) বহিষ্কৃত হয় তেন্তে ইহঁতে (মুনাফিকসকলে) কেতিয়াও সিহঁতৰ লগত ওলাই নাযাব আৰু সিহঁতৰ লগত যুদ্ধ কৰা হ’লে ইহঁতে কেতিয়াও সহায় নকৰিব আৰু যদি সিহঁতক কোনো সহায় কৰিবলৈ আহেও তেন্তে সিহঁত নিশ্চয় পৃষ্ঠপ্ৰদৰ্শন কৰিব; তাৰ পিছত সিহঁতে কোনো সহায়েই নাপাব।
Verse 13
প্ৰকৃতপক্ষে সিহঁতৰ অন্তৰত আল্লাহতকৈ তোমালোকৰ ভয়হে বেছি। এয়া এই বাবে যে, সিহঁত এটা জ্ঞানবোধ নথকা সম্প্ৰদায়।
Verse 14
সিহঁত সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব, যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা বেৰৰ আঁৰ লৈহে কৰিব; সিহঁত পাৰস্পাৰিক বিৰোধিতাত অতি কঠোৰ। তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবা; কিন্তু সিহঁতৰ অন্তৰসমূহত মিল নাই; এইটো এই বাবেই যে, সিহঁত এটা নিৰ্বোধ সম্প্ৰদায়।
Verse 15
ইহঁত সেইসকল লোকৰ দৰেই, যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Verse 16
ইহঁতে চয়তানৰ দৰে, সি মানুহক কয়, ‘কুফৰী কৰা’; তাৰ পিছত যেতিয়া সি কুফৰী কৰে তেতিয়া সি কয়, ‘তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰো’।
Verse 17
ফলত সিহঁত দুজনৰ পৰিণাম হ’ব যে, সিহঁত দুজনেই জাহান্নামী; তাত সিহঁত চিৰস্থায়ী হ’ব আৰু এইটোৱে যালিমসকলৰ প্ৰতিদান।
Verse 18
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে, সি অহাকালিৰ বাবে কি প্ৰেৰণ কৰিছে; আৰু তোমালোকে আল্লাহক ভয় কৰা; তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত।
Verse 19
তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব।
Verse 20
জাহান্নামৰ অধিবাসী আৰু জান্নাতৰ অধিবাসী কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।
Verse 21
যদি আমি এই কোৰআনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন, আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰো মানুহৰ বাবে যাতে সিহঁতে চিন্তা-গৱেষণা কৰে।
Verse 22
তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয়সমূহৰ জ্ঞানী; তেওঁ পৰম কৰুণাময় পৰম দয়ালু।
Verse 23
তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান।
Verse 24
তেৱেঁই আল্লাহ, স্ৰষ্টা উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
تقدم القراءة