سورة الصافات

الترجمة الأسامية

الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الصافات ৰ অনুবাদ

الترجمة الأسامية

Verse 1
শপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ,
Verse 2
তাৰ পিছত কঠোৰ পৰিচালকসকলৰ,
Verse 3
আৰু উপদেশ গ্ৰন্থ তিলাৱতকাৰীসকলৰ,
Verse 4
নিশ্চয় তোমালোকৰ ইলাহ এজন,
যিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তুৰ ৰব আৰু উদয়স্থল সমূহৰো ৰব।
নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছো,
আৰু ৰক্ষা কৰিছো প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা।
ফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড),
সিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি।
কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ পিছে পিছে খেদি যায়।
এতেকে সিহঁতক সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁতে বেছি জটিল নে আমি আন যিবোৰ সৃষ্টি কৰিছো সেইবোৰ? আমি সিহঁতক দেখুন আলতীয়া মাটিৰ পৰা সৃষ্টি কৰিছো।
Verse 12
বৰং তুমি বিস্ময় বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে।
Verse 13
আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে।
Verse 14
আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে।
আৰু কয়, ‘এইটো দেখুন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।
‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে?
Verse 17
‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?
Verse 18
কোৱা, ‘হয়, আৰু তোমালোক হ’বা লাঞ্ছিত’।
এতেকে সেয়া কেৱল এটা মাত্ৰ প্ৰচণ্ড ধমক, তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব।
আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটো দেখুন প্ৰতিদান দিৱস’।
এইটোৱেই ফয়চালাৰ দিন, যি বিষয়ে তোমালোকে অবিশ্বাস কৰিছিলা।
(ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল,
আল্লাহৰ বাহিৰে, আৰু সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া,
Verse 24
‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব।
Verse 25
‘কি হ’ল তোমালোকৰ, তোমালোকে কিয় ইজনে সিজনৰ সহায় কৰা নাই এতিয়া’?
Verse 26
প্ৰকৃততে সিহঁত হ’ব আজি আত্মসমৰ্পনকাৰী।
আৰু সিহঁতে ইজনে সিজনৰ মুখা-মখী হৈ সোধ-পোছ কৰিব,
সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকেই আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’।
সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা,
‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়।
‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য হিচাপে সাব্যস্ত হৈছে, নিশ্চয় আমি শাস্তি আস্বাদন কৰিম।
Verse 32
‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলো, কাৰণ আমি নিজেও আছিলো বিভ্ৰান্ত’।
তাৰ পিছত নিশ্চয় সিহঁত আটায়ে সেইদিনা শাস্তিত অংশীদাৰ হ’ব।
Verse 34
নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰো।
সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল।
আৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’?
বৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো সত্য বুলি স্বীকাৰ কৰিছে।
Verse 38
নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তিৰ আস্বাদনকাৰী হবা,
আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল পাবা,
Verse 40
কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।
Verse 41
তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা),
Verse 42
ফলমূল; আৰু তেওঁলোক হ’ব সন্মানিত,
Verse 43
নিয়ামতেৰে ভৰা জান্নাতত,
Verse 44
মুখা-মুখী হৈ আসনত বহিব।
তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ,
Verse 46
শুভ্ৰ উজ্জ্বল, যিবোৰ হ’ব পানকাৰী সকলৰ বাবে সুস্বাদু।
তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতোৱালো নহ’ব।
Verse 48
তেওঁলোকৰ ওচৰত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)।
Verse 49
তেওঁলোক যেনিবা আচ্ছাদিত কণী।
তাৰ পিছত তেওঁলোকে পৰস্পৰে মুখা-মুখী হৈ সোধ-পোছ কৰিব।
তেওঁলোকৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল,
Verse 52
সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে,
‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’?
Verse 54
আল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’?
তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত;
তেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসহে কৰিছিলা,
‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে দেখুন ময়ো (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন।
Verse 58
(যিকে নহওঁক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয়,
‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহব!’
নিশ্চয় এইটোৱেই সেই মহাসফলতা।
Verse 61
এনেকুৱা সফলতাৰ বাবেই আমলকাৰী সকলে আমল কৰা উচিত,
(কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম?
Verse 63
নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছো,
এই গছ উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা,
Verse 65
ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ,
নিশ্চয় সিহঁতে এইটো ভক্ষণ কৰিব আৰু সেইটোৰ দ্বাৰাই পেট ভৰাব।
ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ।
তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে।
Verse 69
নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পাইছিল পথভ্ৰষ্ট,
Verse 70
তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত দ্ৰুত গতি কৰিছিল।
অৱশ্যে সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল,
Verse 72
অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলো।
এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল!
Verse 74
কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ।
আৰু অৱশ্যে নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলো!
তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলো।
Verse 77
আৰু তেওঁৰ বংশধৰ সকলকেই আমি অৱশিষ্ট ৰাখিছিলো,
Verse 78
আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছো।
সমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওঁক।
Verse 80
নিশ্চয় আমি এইদৰেই সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো।
Verse 81
নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।
Verse 82
তাৰ পিছত আমি আনবিলাকক ডুবাই মাৰিছিলো।
আৰু নিশ্চয় ইব্ৰাহীম তেওঁৰ অনুসাৰী সকলৰেই অন্তৰ্ভুক্ত।
স্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল,
যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰিছা?
‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি?
Verse 87
‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’?
Verse 88
তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে দৃষ্টিপাত কৰিলে।
Verse 89
আৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’।
Verse 90
তাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁৰ পৰা আঁতৰি গ’ল।
তাৰ পিছত তেওঁ চাইচিতি সিহঁতৰ উপাস্যবোৰৰ ওচৰত গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’?
Verse 92
‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’?
Verse 93
তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে।
Verse 94
তেতিয়া (ঘূৰি আহি) মানুহে তেওঁৰ ফালে ঢাপলি মেলিলে।
Verse 95
তেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’?
Verse 96
‘অথচ আল্লাহেই সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোৱো তেৱেঁই সৃষ্টি কৰিছে’।
সিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’।
এইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলো।
তেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছো, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব,
Verse 100
‘হে মোৰ ৰব! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’।
Verse 101
তাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলো।
এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলো যে, মই তোমাক যবেহ কৰি আছো, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীল সকলৰ অন্তৰ্ভুক্ত পাব’।
Verse 103
এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে,
Verse 104
তেতিয়া আমি তেওঁক মাতি ক’লো, ‘হে ইব্ৰাহীম!
‘তুমি দেখুন সপোনৰ আদেশ সঁচাই পালন কৰিলা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো’।
Verse 106
নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা।
Verse 107
আৰু আমি তেওঁক মুক্ত কৰিলো এটা মহা কুৰবানীৰ বিনিময়ত।
Verse 108
আৰু আমি তেওঁৰ বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।
Verse 109
শান্তি বৰ্ষিত হওঁক ইব্ৰাহীমৰ ওপৰত।
Verse 110
এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰষ্কৃত কৰো।
Verse 111
নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম;
Verse 112
আৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলো, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম।
আৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলো আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী।
Verse 114
আৰু অৱশ্যে আমি অনুগ্ৰহ কৰিছিলো মূছা আৰু হাৰূনৰ প্ৰতি,
Verse 115
আৰু তেওঁলোক উভয়কে লগতে তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলো মহাসংকটৰ পৰা।
Verse 116
আৰু আমি সহায় কৰিছিলো তেওঁলোকক, ফলত তেওঁলোকে বিজয়ী হৈছিল।
Verse 117
আৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলো।
Verse 118
আৰু উভয়কে আমি পৰিচালিত কৰিছিলো সৰল পথত।
Verse 119
আৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।
Verse 120
মুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওঁক ছালাম (শান্তি আৰু নিৰাপত্তা)।
Verse 121
এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰষ্কৃত কৰো।
Verse 122
নিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত।
Verse 123
আৰু ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
Verse 124
যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
Verse 125
‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক,
Verse 126
‘আল্লাহ, তেৱেঁই তোমালোকৰ ৰব, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো ৰব’।
Verse 127
কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক অৱশ্যে (শাস্তিৰ বাবে) উপস্থিত কৰা হ’ব।
Verse 128
কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ।
Verse 129
আৰু আমি তেওঁৰ বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।
Verse 130
শান্তি বৰ্ষিত হওঁক ইলিয়াছৰ ওপৰত।
Verse 131
নিশ্চয় এইদৰেই আমি সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো।
Verse 132
নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।
Verse 133
আৰু নিশ্চয় লূতো আছিল ৰাছুল সকলৰ অন্তৰ্ভুক্ত।
Verse 134
স্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলো,
Verse 135
কেৱল পিছত ৰৈ যোৱা সকলৰ অন্তৰ্ভুক্ত এজনী বৃদ্ধাৰ বাহিৰে।
Verse 136
তাৰ পিছত অৱশিষ্টসকলক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলো।
Verse 137
আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংস প্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত,
Verse 138
আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে?
Verse 139
আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
Verse 140
স্মৰণ কৰা, যেতিয়া তেওঁ বোজাই নৌযানৰ পিনে পলাই গ’ল,
Verse 141
তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিলে আৰু তাত তেওঁ পৰাভূত সকলৰ অন্তৰ্ভুক্ত হ’ল।
Verse 142
তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলালে, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।
Verse 143
আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লেহেঁতেন,
তেন্তে তেওঁ পুনৰুত্থানৰ দিন লৈকে মাছৰ পেটতেই থাকিলেহেঁতেন।
Verse 145
অৱশেষত তেওঁক আমি নিক্ষেপ কৰিলো এটা তৃণহীন ঠাইত, আৰু তেওঁ আছিল অসুস্থ।
Verse 146
আৰু আমি তাৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলো,
আৰু তেওঁক আমি এক লাখ বা তাতোকৈ বেছি লোকৰ ওচৰত প্ৰেৰণ কৰিলো।
Verse 148
এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলো।
Verse 149
এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান’?
অথবা আমি ফিৰিস্তাসকলক নাৰীৰূপে সৃষ্টি কৰিছিলো নেকি যে, সেয়া সিহঁতে দেখিছিল?
Verse 151
জানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে,
Verse 152
‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া।
Verse 153
তেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি?
Verse 154
কি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা?
Verse 155
তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
Verse 156
নে তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে?
Verse 157
যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ কিতাব লৈ আহা।
সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)।
Verse 159
সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান,
Verse 160
কেৱল আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে।
Verse 161
নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে,
Verse 162
(একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা,
Verse 163
কেৱল প্ৰজ্জ্বলিত জুইত যিজন দগ্ধ হ’ব তাৰ বাহিৰে।
আৰু (জিব্ৰীলে ক’লে) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান,
Verse 165
‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান,
Verse 166
‘আৰু নিশ্চয় আমি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী’।
Verse 167
আৰু সিহঁতে (মক্কাবাসীবিলাকে) অৱশ্যে কৈছিল,
‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলেহেঁতেন,
Verse 169
‘তেন্তে অৱশ্যে আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোহেঁতেন’।
Verse 170
কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব।
Verse 171
নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে,
Verse 172
নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব।
Verse 173
আৰু নিশ্চয় আমাৰ সৈন্যবাহিনীয়েই বিজয়ী হ’ব।
Verse 174
এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা।
Verse 175
আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)।
Verse 176
সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি?
এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া সতৰ্ককৃত বিলাকৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব!
Verse 178
আৰু কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা।
Verse 179
তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)।
সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ ৰব পৱিত্ৰ আৰু মহান, সকলো ক্ষমতাৰ অধিকাৰী।
Verse 181
আৰু শান্তি বৰ্ষিত হওঁক ৰাছুলসকলৰ প্ৰতি।
Verse 182
আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য।
تقدم القراءة