الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা المزّمّل ৰ অনুবাদ
Verse 1
ﭑﭒ
ﭓ
হে বস্ত্ৰাবৃত!
Verse 2
ﭔﭕﭖﭗ
ﭘ
ৰাতি ছালাত আদায় কৰা, কিছু অংশৰ বাহিৰে,
Verse 3
ﭙﭚﭛﭜﭝ
ﭞ
আধা ৰাতি বা তাতোকৈ অলপ কম;
Verse 4
ﭟﭠﭡﭢﭣﭤ
ﭥ
অথবা তাতোকৈ অলপ বেছি। আৰু স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা।
Verse 5
ﭦﭧﭨﭩﭪ
ﭫ
নিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম।
Verse 6
নিশ্চয় ৰাতি-জাগৰণ আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু বাকস্ফুৰণত অধিক উপযোগী।
Verse 7
ﭵﭶﭷﭸﭹﭺ
ﭻ
নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা।
Verse 8
ﭼﭽﭾﭿﮀﮁ
ﮂ
আৰু তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিবেশ কৰা।
Verse 9
তেৱেঁই পূৱ আৰু পশ্চিমৰ ৰব, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে তেওঁকেই তুমি কাৰ্য সম্পাদনকাৰীৰূপে গ্ৰহণ কৰা।
Verse 10
আৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা।
Verse 11
ﮕﮖﮗﮘﮙﮚ
ﮛ
আৰু বিলাস সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া।
Verse 12
ﮜﮝﮞﮟ
ﮠ
নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই,
Verse 13
ﮡﮢﮣﮤﮥ
ﮦ
আৰু আছে কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি।
Verse 14
যিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ’ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালীময়ত পৰিণত হ’ব।
Verse 15
নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো যেনেকৈ ফিৰআউনৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছিলো।
Verse 16
ﯝﯞﯟﯠﯡﯢ
ﯣ
কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছে, সেয়ে আমি তাক শাস্তি বিহিছো।
Verse 17
এতেকে তোমালোকে যদি কুফৰি কৰা তেন্তে তোমালোকে সেই দিনটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যি দিৱসে শিশুসকলক বৃদ্ধত পৰিণত কৰিব,
Verse 18
সেই দিনা আকাশখন বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব।
Verse 19
নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।
Verse 20
নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত আৰু তোমাৰ লগত থকাসকলৰ এটা দলেও থিয় দিয়ে। আৰু আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিলে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত পাবা। ই উৎকৃষ্টতম আৰু পুৰষ্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
تقدم القراءة