الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা ق ৰ অনুবাদ
Verse 1
ﭑﭒﭓﭔ
ﭕ
ক্বা-ফ, শপত সন্মানিত কোৰআনৰ!
Verse 2
বৰং সিহঁতে বিস্মিত হৈছে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰত আহিছে; আৰু কাফিৰসকলে কয়, ‘এওঁ দেখুন এটা বিস্ময়কৰ বস্তু!’
Verse 3
‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হম তথাপিও (আমি পুনৰুত্থিত হমনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’
Verse 4
অৱশ্যে আমি জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে আৰু আমাৰ ওচৰত আছে সম্যক সংৰক্ষণকাৰী কিতাব।
Verse 5
প্ৰকৃততে সিহঁতৰ ওচৰত সত্য অহাৰ পিছত সিহঁতে সেয়া অস্বীকাৰ কৰিছে। এতেকে সিহঁত সংশয়যুক্ত বিষয়ত নিপতিত।
Verse 6
সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছো আৰু ইয়াক সুশোভিত কৰিছো আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই?
Verse 7
আৰু আমি পৃথিৱীক বিস্তৃত কৰিছো আৰু তাত স্থাপন কৰিছো পৰ্বতমালা। লগতে তাত উৎপন্ন কৰিছো নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰৰ উদ্ভিদ,
Verse 8
ﮙﮚﮛﮜﮝ
ﮞ
আল্লাহৰ অনুৰাগী প্ৰত্যেক বান্দাৰ বাবে জ্ঞান আৰু উপদেশস্বৰূপ।
Verse 9
আৰু আকাশৰ পৰা বৰ্ষণ কৰো আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰো বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা।
Verse 10
ﮪﮫﮬﮭﮮ
ﮯ
আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা,
Verse 11
বান্দাসকলৰ জীৱিকাস্বৰূপ। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰো মৃত চহৰক; এইদৰেই উত্থান ঘটিব।
Verse 12
সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও,
Verse 13
ﯤﯥﯦﯧ
ﯨ
আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও।
Verse 14
লগতে আইকাৰ অধিবাসী আৰু তুব্বা সম্প্ৰদায়ে, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল।
Verse 15
আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছো নেকি! বৰং নতুন সৃষ্টিৰ বিষয়ে সিহঁত সন্দেহত পতিত।
Verse 16
অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈয়ো অধিক ওচৰত।
Verse 17
যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে (তাৰ আমল) লিপিবদ্ধ কৰিবলৈ গ্ৰহণ কৰে।
Verse 18
সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত আছে সংৰক্ষণকাৰী।
Verse 19
আৰু সঁচাকৈয়ে মৃত্যু যন্ত্ৰণা যথাযথ ভাৱে আহি পালে। এইটোৱেই সেইটো, যিটোৰ পৰা তুমি পলায়ন কৰিব বিচাৰিছিলা।
Verse 20
আৰু শিঙাত ফুঁ দিয়া হ’ব। এইটোৱে হৈছে প্ৰতিশ্ৰুত দিন।
Verse 21
ﮆﮇﮈﮉﮊﮋ
ﮌ
আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।
Verse 22
অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছো। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।
Verse 23
ﮚﮛﮜﮝﮞﮟ
ﮠ
আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত।
Verse 24
ﮡﮢﮣﮤﮥﮦ
ﮧ
আদেশ কৰা হ’ব, তোমালোক উভয়ে জাহান্নামত নিক্ষেপ কৰা প্ৰত্যেক উদ্ধত কাফিৰক,
Verse 25
ﮨﮩﮪﮫ
ﮬ
কল্যাণকৰ কামত প্ৰবল বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী আৰু সন্দেহ পোষণকাৰী।
Verse 26
যিয়ে আল্লাহৰ লগত আনক ইলাহৰূপে গ্ৰহণ কৰিছিল, তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।
Verse 27
তাৰ সঙ্গী চয়তানে ক’ব, ‘হে আমাৰ ৰব! মই তাক বিদ্ৰোহী কৰি তোলা নাছিলো। বৰং সি নিজেই আছিল ঘোৰ বিভ্ৰান্ত’।
Verse 28
আল্লাহে ক’ব, ‘তোমালোকে মোৰ সন্মুখত বাক-বিতণ্ডা নকৰিবা, মই তোমালোকক আগতেই সতৰ্ক কৰিছিলো।
Verse 29
মোৰ ওচৰত কথা পৰিবৰ্তন নহয় আৰু মই বান্দাসকলৰ প্ৰতি অন্যায়কাৰীও নহয়।
Verse 30
সেইদিনা আমি জাহান্নামক সুধিম, ‘তুমি পৰিপূৰ্ণ হৈছানে’? জাহান্নামে ক’ব, ‘আৰু কিবা আছেনে’?
Verse 31
ﰁﰂﰃﰄﰅ
ﰆ
আৰু জান্নাতক মুত্তাক্বীসকলৰ নিকটৱৰ্তী কৰা হ’ব, কোনো দূৰত্ব নাথাকিব।
Verse 32
ﰇﰈﰉﰊﰋﰌ
ﰍ
ইয়াৰে প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। প্ৰত্যেকজন আল্লাহ অভিমুখী, সংৰক্ষণশীলসকলৰ বাবে,
Verse 33
যিসকলে নেদেখাকৈ ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে।
Verse 34
ﰖﰗﰘﰙﰚﰛ
ﰜ
তেওঁলোকক কোৱা হ’ব, ‘শান্তিৰ সৈতে তোমালোকে তাত প্ৰৱেশ কৰা; এইটোৱে অনন্ত জীৱনৰ দিন’।
Verse 35
ﰝﰞﰟﰠﰡﰢ
ﰣ
তাত তেওঁলোকে যিটো কামনা কৰিব সেইটোৱে পাব, লগতে আমাৰ ওচৰত আছে আৰু অধিক।
Verse 36
আৰু আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো, যিসকল শক্তি-সামৰ্থৰ ক্ষেত্ৰত আছিল ইহঁততকৈ অধিক প্ৰবল, সিহঁতে দেশ-বিদেশে ঘূৰি ফুৰিছিল; তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিলনে বাৰু?
Verse 37
নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে।
Verse 38
আৰু অৱশ্যে আমি আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলো সৃষ্টি কৰিছো কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাই।
Verse 39
এতেকে সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত,
Verse 40
ﮊﮋﮌﮍﮎ
ﮏ
লগতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু ছালাতৰ পিছত।
Verse 41
মনোযোগ সহকাৰে শুনা, যিদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব,
Verse 42
সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞঁৰ, সেই দিনটোৱেই পুনৰুত্থানৰ দিন।
Verse 43
ﮡﮢﮣﮤﮥﮦ
ﮧ
নিশ্চয় আমিয়েই জীৱন দান কৰো আৰু আমিয়েই মৃত্যু ঘটাওঁ, আৰু আমাৰ ফালেই (সকলোৰে) প্ৰত্যাৱৰ্তন।
Verse 44
যিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিদীৰ্ণ হ’ব, আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এইটোৱে এনেকুৱা এটা সমাবেশ যিটো আমাৰ বাবে অতি সহজ।
Verse 45
সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।
تقدم القراءة