الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الأنبياء ৰ অনুবাদ
Verse 1
মানুহৰ হিচাপ-নিকাচৰ সময় সমিপবৰ্তী, অথচ সিহঁতে উদাসিনতাত বিমুখ হৈ আছে।
Verse 2
যেতিয়াই সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে তেতিয়া সিহঁতে সেয়া কৌতুকচ্ছলত শুনে,
Verse 3
সিহঁতৰ অন্তৰ থাকে অমনোযোগী। আৰু যিসকল যালিম সিহঁতে গোপনে পৰামৰ্শ কৰে, ‘এওঁ দেখুন তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি-শুনি যাদুৰ কবলত পৰিবানে’?
Verse 4
তেওঁ (ৰাছুলে) ক’লে, ‘আকাশসমূহ আৰু পৃথিৱীৰ সকলো কথাই মোৰ প্ৰতিপালকৰ জনা আছে আৰু তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।
Verse 5
বৰং সিহঁতে কয়, ‘এইবোৰ অলীক কল্পনা, হয়তোবা সি এইবোৰ নিজেই ৰচনা কৰিছে নহয় সি এজন কবি। নহ’লে সি আমাৰ ওচৰত এটা নিদৰ্শন লৈ আহক যেনেকৈ পূৰ্বৱৰ্তীসকল নিদৰ্শনসহ প্ৰেৰিত হৈছিল’।
Verse 6
ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছো সেইবোৰ ঠাইৰ অধিবাসীসকল ঈমান পোষণ কৰা নাছিল; তেন্তে ইহঁতে ঈমান পোষণ কৰিবনে?
Verse 7
আৰু তোমাৰ পূৰ্বে আমি অহীসহ কেৱল পুৰুষসকলকেই প্ৰেৰণ কৰিছিলো; এতেকে যদি তোমালোকে নাজানা তেনেহ’লে জ্ঞানীসকলক সুধি লোৱা।
Verse 8
আৰু আমি তেওঁলোকক এনে কোনো দেহবিশিষ্ট কৰা নাছিলো যে, তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, আৰু তেওঁলোক চিৰঞ্জীৱীও নাছিল।
Verse 9
তাৰ পিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালো, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলো আৰু সীমালঙ্ঘনকাৰী বিলাকক ধ্বংস কৰিছিলো।
Verse 10
অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে?
Verse 11
আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছো, যাৰ অধিবাসীসকল আছিল যালিম আৰু সিহঁতৰ পিছত সৃষ্টি কৰিছো আন এটা জাতি!
Verse 12
এতেকে সিহঁতে যেতিয়া আমাৰ শাস্তি অহা বুলি অনুভৱ কৰিলে তেতিয়াই সিহঁতে তাৰ পৰা পলায়ন কৰিবলৈ ধৰিলে।
Verse 13
(সিহঁতক কোৱা হ’ল) ‘পলায়ন নকৰিবা, তোমালোকে য’ত ভোগ-বিলাসত মত্ত আছিলা সেই ঠাইলৈ আৰু তোমালোকে নিজৰ ঘৰ-দুৱাৰলৈ উভতি যোৱা, যাতে এই বিষয়ে তোমালোকক সুধিব পৰা যায়’।
Verse 14
ﭯﭰﭱﭲﭳ
ﭴ
সিহঁতে ক’লে, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি যালিম আছিলো’।
Verse 15
এতেকে সিহঁতৰ এই আৰ্তনাদ চলিয়ে আছিল যেতিয়ালৈকে আমি সিহঁতক দাই নিয়া শস্য আৰু নুমাই যোৱা জুইৰ দৰে কৰা নাছিলো।
Verse 16
আকাশ-পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেয়া আমি খেল-ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই।
Verse 17
খেল-ধেমালিৰ বস্তু সৃষ্টি কৰাই যদি আমাৰ অভিপ্ৰায় হ’লেহেঁতেন, তেন্তে আমি সেয়া আমাৰ পৰাই কৰিলোহেঁতেন; কিন্তু আমি সেয়া কৰা নাই।
Verse 18
বৰং আমি সত্যৰ দ্বাৰা অসত্যক আঘাত কৰো, ফলত ই অসত্যক চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু তৎক্ষণাত অসত্য নিচিহ্ন হৈ যায়, আৰু তোমালোকে আল্লাহক যি গুণেৰে আখ্যায়িত কৰিছা সেয়ে তোমালোকৰ বাবে আছে দুৰ্ভোগ!
Verse 19
আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই; আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয় আৰু বিৰক্তি বোধো নকৰে।
Verse 20
ﮰﮱﯓﯔﯕ
ﯖ
তেওঁলোকে দিনে-ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁলোকে ক্লান্তও নহয়।
Verse 21
সিহঁতে (কাফিৰসকলে) পৃথিৱীৰ পৰা যিবোৰক উপাস্য হিচাপে গ্ৰহণ কৰিছে সেইবোৰে কোনো মৃতক জীৱিত কৰিবলৈ সক্ষম নে?
Verse 22
যদি এই দুয়োৰ (আকাশ আৰু পৃথিৱীৰ) মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলেহেঁতেন, তেন্তে উভয়েই বিশৃংখল হৈ গ’লেহেঁতেন। এতেকে সিহঁতে যি বৰ্ণনা কৰে তাৰ পৰা আৰছৰ অধিপতি আল্লাহ অতি পৱিত্ৰ।
Verse 23
ﯮﯯﯰﯱﯲﯳ
ﯴ
তেওঁ যি কৰে সেই বিষয়ে তেওঁ জবাবদিহি নহ’ব; বৰং সিহঁতকেই প্ৰশ্ন কৰা হ’ব।
Verse 24
সিহঁতে তেওঁৰ বাহিৰে বহু ইলাহ গ্ৰহণ কৰিছে নেকি? কোৱা, ‘তোমালোকৰ প্ৰমাণ লৈ আহা। মোৰ লগত যি আছে এইটোৱে তাৰ উপদেশ আৰু এইটোৱে উপদেশ আছিল মোৰ পূৰ্বৱৰ্তীসকলৰ’। কিন্তু সিহঁতৰ বেছি ভাগেই প্ৰকৃত সত্য নাজানে; ফলত সিহঁত মুখ ঘূৰাই লয়।
Verse 25
আৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছো তেওঁৰ ওচৰত এইটোৱেই অহী কৰিছো যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।
Verse 26
আৰু সিহঁতে কয়, ‘ৰহমানে (আল্লাহে) সন্তান গ্ৰহণ কৰিছে’। তেওঁ পৱিত্ৰ মহান! বৰং তেওঁলোক তেওঁৰ সন্মানিত বান্দা।
Verse 27
ﭬﭭﭮﭯﭰﭱ
ﭲ
তেওঁলোকে তেওঁৰ আগধৰি নামাতে; তেওঁলোকে কেৱল তেওঁৰ আদেশ অনুসাৰেই কাম কৰে।
Verse 28
তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে। আৰু তেওঁলোকে ছুপাৰিছ কৰে কেৱল সিহঁতৰ বাবেই যিসকলৰ প্ৰতি তেওঁ সন্তুষ্ট আৰু তেওঁলোকে তেওঁৰ ভয়ত ভীত সন্ত্ৰস্ত।
Verse 29
আৰু তেওঁলোকৰ মাজত যিয়ে ক’ব, ‘আল্লাহৰ বাহিৰে ময়েই ইলাহ’, তাক আমি জাহান্নামৰ শাস্তিৰ প্ৰতিদান দিম; এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।
Verse 30
যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়ক পৃথক কৰি দিলো; আৰু প্ৰাণবান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলো; তথাপিও সিহঁতে ঈমান পোষণ নকৰিব নে?
Verse 31
আৰু পৃথিৱীত আমি সৃষ্টি কৰিছো সুদৃঢ় পৰ্বত, যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক-বৰক নকৰে, আৰু তাত আমি তৈয়াৰ কৰিছো প্ৰশস্ত পথ, যাতে সিহঁতে গন্তব্যস্থলত গৈ পায়।
Verse 32
আৰু আমি আকাশক কৰিছো সুৰক্ষিত চাদ; কিন্তু সিহঁতে আকাশত অৱস্থিত নিদৰ্শনাৱলীৰ পৰা মুখ ঘুৰাই লয়।
Verse 33
আৰু আল্লাহেই সৃষ্টি কৰিছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ; প্ৰত্যেকেই নিজ নিজ কক্ষপথত বিচৰণ কৰে।
Verse 34
আৰু আমি তোমাৰ পূৰ্বেও কোনো মানুহক চিৰজীৱী কৰা নাছিলো, গতিকে যদি তুমি মৃত্যুবৰণ কৰা তেন্তে সিহঁতে চিৰজীৱী হৈ থাকিব নেকি?
Verse 35
প্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰি থাকো, আৰু আমাৰ ওচৰতেই তোমালোকৰ উভতি আহিব লাগিব।
Verse 36
আৰু যিসকলে কুফৰী কৰে সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে কেৱল তোমাক উপহাসৰ পাত্ৰ হিচাপেহে গ্ৰহণ কৰে। সিহঁতে কয়, ‘এওঁৱেই সেইজন নেকি, যিয়ে তোমালোকৰ উপাস্যবোৰক লৈ সমালোচনা কৰে’?, অথচ সিহঁতেই ৰহমানৰ আলোচনাৰ বিৰোধিতা কৰে।
Verse 37
মানুহক সৃষ্টিয়ে কৰা হৈছে খৰধৰ প্ৰৱণতাৰে, অতিশীঘ্ৰে মই সিহঁতক মোৰ নিদৰ্শনাৱলী দেখুৱাম; সেয়ে তোমালোকে খৰখেদা নকৰিবা।
Verse 38
আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?
Verse 39
যদি কাফিৰসকলে সেই সময়ৰ কথা জানিলেহেঁতেন, যেতিয়া সিহঁতে সিহঁতৰ মুখমণ্ডল আৰু পিঠিৰ পৰা জুই প্ৰতিৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক সহায়ও কৰা নহ’ব (তেন্তে সিহঁতে সেই শাস্তিক খৰখেদাকৈ নিবিচাৰিলেহেঁতেন)।
Verse 40
বৰং সেয়া সিহঁতৰ ওপৰত আকস্মিকভাৱে আহিব আৰু সিহঁতক হতভম্ব কৰি দিব। ফলত সিহঁতে সেয়া ৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।
Verse 41
তোমাৰ পূৰ্বেও বহু ৰাছুলৰ লগত ঠাট্ৰা-বিদ্ৰূপ কৰা হৈছিল, পৰিণামত সিহঁতে যি বিষয়ে ঠাট্ৰা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰি লৈছিল।
Verse 42
কোৱা, ‘ৰাতিতে হওঁক বা দিনতে হওঁক ৰহমানৰ পৰা কোনে তোমালোকক ৰক্ষা কৰিব’? তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়।
Verse 43
তেন্তে সিহঁতৰ এনেকুৱাও কিছুমান ইলাহ আছে নেকি যিবোৰে আমাৰ পৰা সিহঁতক ৰক্ষা কৰিব পাৰে? ইহঁতে দেখুন নিজকেই সহায় কৰিব নোৱাৰে আৰু আমাৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈয়ো সিহঁতে কোনো আশ্ৰয়দানকাৰী নাপাব।
Verse 44
বৰং আমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ দান কৰিছিলো, লগতে সিহঁতৰ আয়ু কালও আছিল দীঘলীয়া। সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীখনক চাৰিওফালৰ পৰা সংকুচিত কৰি আনি আছো। তথাপিও সিহঁতেই বিজয়ী হ’বনে?
Verse 45
কোৱা, ‘মই কেৱল অহীৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰো’; কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে।
Verse 46
আৰু তোমাৰ প্ৰতিপালকৰ শাস্তিৰ অকণমানো যদি সিহঁতক স্পৰ্শ কৰে তেন্তে অৱশ্যে সিহঁতে কৈ উঠিব, ‘হায়! দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি যালিম আছিলো!
Verse 47
আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি শস্য দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট।
Verse 48
অৱশ্যে আমি মুছা আৰু হাৰূনক দান কৰিছিলো ফুৰক্বান, যিটো মুত্তাক্বীসকলৰ বাবে জ্যোতি আৰু উপদেশ--
Verse 49
যিসকলে নেদেখাকৈয়ে তেওঁলোকৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকে কিয়ামত সম্পৰ্কে ভীত-সন্ত্ৰস্ত।
Verse 50
আৰু এইটো হৈছে বৰকতময় উপদেশ, যিটো আমি অৱতীৰ্ণ কৰিছো। তথাপিও তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে?
Verse 51
আৰু আমি ইয়াৰ আগত ইব্ৰাহীমক শুভবুদ্ধি আৰু সঠিক জ্ঞান দান কৰিছিলো আৰু আমি তেওঁৰ বিষয়ে আছিলো সম্যক পৰিজ্ঞাত।
Verse 52
যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক ক’লে, ‘এই মূৰ্তিবোৰ কি, যিবোৰৰ পূজাত তোমালোক আসক্ত হৈছা!’
Verse 53
ﯔﯕﯖﯗﯘ
ﯙ
সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰোতে দেখিছো’।
Verse 54
তেওঁ ক’লে, ‘অৱশ্যে তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলেও স্পষ্ট বিভ্ৰান্তিত আছা’।
Verse 55
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত সত্য লৈ আহিছা নেকি, নে তুমি আমাৰ লগত ধেমালি কৰিছা?
Verse 56
তেওঁ ক’লে, ‘বৰং তোমালোকৰ ৰব সেইজনেই যিজন আকাশসমূহ আৰু পৃথিৱীৰ ৰব, যিয়ে এইবোৰ সৃষ্টি কৰিছে, আৰু এই বিষয়ে মই অন্যতম সাক্ষী’।
Verse 57
‘আৰু আল্লাহৰ শপত! তোমালোকে গুচি যোৱাৰ পিছত মই তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে অৱশ্যে কৌশল অৱলম্বন কৰিম’।
Verse 58
তাৰ পিছত তেওঁ মূৰ্তিসমূহ চূৰ্ণ-বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে; যাতে সিহঁতে তাৰ ওচৰলৈ উভতি যায়।
Verse 59
সিহঁতে ক’লে, ‘আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে? সি নিশ্চয় অন্যতম যালিম’।
Verse 60
কিছুমানে ক’লে, ‘আমি এজন যুৱকক এইবোৰৰ সমালোচনা কৰোতে শুনিছো; যাক ইব্ৰাহীম বুলি কোৱা হয়’।
Verse 61
সিহঁতে ক’লে, ‘তেনেহ’লে তাক জন সন্মুখত উপস্থিত কৰা, যাতে সিহঁতে সাক্ষ্য হয়’।
Verse 62
ﭴﭵﭶﭷﭸﭹ
ﭺ
সিহঁতে ক’লে, ‘হে ইব্ৰাহীম! তুমিয়ে আমাৰ উপাস্যবোৰৰ সৈতে এই কাম কৰিছা নেকি’?
Verse 63
তেওঁ ক’লে, ‘বৰং ইহঁতৰ এই প্ৰধানজনেই কিজানি এই কাম কৰিছে, এতেকে এইবোৰক সুধি চোৱা, যদি ইহঁত কথা ক’ব পাৰে’।
Verse 64
তেতিয়া সিহঁতে নিজেই পুনৰ বিবেচনা কৰি দেখিলে আৰু ইজনে সিজনক ক’লে, ‘নিশ্চয় তোমালোকেই আচল অন্যায়কাৰী’।
Verse 65
তাৰ পিছত সিহঁতৰ শিৰ নত হ’ল আৰু ক’লে, ‘তুমি দেখুন জানাই যে, ইহঁতে কথা কব নোৱাৰে’।
Verse 66
তেওঁ ক’লে, ‘তেনেহ’লে তোমালোকে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰা নেকি যিটোৱে তোমালোকৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে?
Verse 67
‘ধিক তোমালোকৰ প্ৰতি আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰৰ প্ৰতি! তথাপিও তোমালোকে নুবুজানে’?
Verse 68
সিহঁতে ক’লে, ‘যদি তোমালোকে কিবা কৰিব বিচৰা তেন্তে ইয়াক জুইত পুৰি মাৰি পেলোৱা আৰু তোমালোকৰ উপাস্যবোৰৰ সহায় কৰা’।
Verse 69
আমি ক’লো, ‘হে জুই! তুমি ইব্ৰাহীমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা’।
Verse 70
ﯟﯠﯡﯢﯣ
ﯤ
আৰু সিহঁতে তেওঁৰ ক্ষতি সাধন কৰাৰ ইচ্ছা কৰিছিল। কিন্তু আমি সিহঁতকেই বেছি ক্ষতিগ্ৰস্ত কৰি দিলো।
Verse 71
আৰু আমি তেওঁক আৰু লূতক উদ্ধাৰ কৰি লৈ গ’লো সেই দেশত, য’ত সৃষ্টি জগতৰ বাবে আমি কল্যাণ ৰাখিছো।
Verse 72
আৰু আমি তেওঁক (ইব্ৰাহীমক) দান কৰিছিলো ইছহাক্ব লগতে অতিৰিক্ত পুৰষ্কাৰস্বৰূপে দান কৰিছিলো ইয়াকূবক; আৰু প্ৰত্যেককে কৰিছিলো সৎকৰ্মপৰায়ণ।
Verse 73
আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলো, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, ছালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলো; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।
Verse 74
আৰু লূতক আমি দান কৰিছিলো প্ৰজ্ঞা আৰু জ্ঞান, আৰু তেওঁক আমি উদ্ধাৰ কৰিছিলো এনে এটা জনপদৰ পৰা যাৰ অধিবাসীবিলাক লিপ্ত আছিল অশ্লীল কামত; নিশ্চয় সিহঁত আছিল এটা বেয়া ফাছিক্ব সম্প্ৰদায়।
Verse 75
আৰু তেওঁক আমি আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলো; তেওঁ আছিল সৎকৰ্মপৰায়ণ সকলৰ অন্যতম।
Verse 76
আৰু স্মৰণ কৰা নূহৰ কথা; ইতিপূৰ্বে তেওঁ যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলো আৰু তেওঁৰ লগতে তেওঁৰ পৰিয়ালবৰ্গকো মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলো,
Verse 77
আৰু আমি তেওঁক সহায় কৰিছিলো সেই সম্প্ৰদায়ৰ বিৰুদ্ধে যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল; নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়। এই কাৰণেই আমি সিহঁত আটাইকে ডুবাই মাৰিছিলো।
Verse 78
লগতে স্মৰণ কৰা দাউদ আৰু ছুলাইমানক, যেতিয়া তেওঁলোকে শস্যক্ষেত্ৰ সম্পৰ্কে বিচাৰ কৰিছিল; যি শস্যক্ষেত্ৰত ৰাতি মানুহৰ ভেৰা-ছাগলী প্ৰৱেশ কৰিছিল; আৰু আমি তেওঁলোকৰ বিচাৰ পৰ্যবেক্ষণ কৰি আছিলো।
Verse 79
এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলো আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলো, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলো, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলো এইবোৰৰ কৰ্তা।
Verse 80
আৰু আমি তেওঁক তোমালোকৰ বাবেই বৰ্ম নিৰ্মাণৰ শিক্ষা দিছিলো, যাতে ই যুদ্ধত তোমালোকক ৰক্ষা কৰে; গতিকে তোমালোকে কৃতজ্ঞ হ’বা নে?
Verse 81
আৰু প্ৰবল বায়ুক ছুলাইমানৰ বশীভূত কৰি দিছিলো; যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছো; আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমিয়েই সম্যক জ্ঞানী।
Verse 82
আৰু চয়তানসকলৰ মাজৰ পৰাও (কিছুমানক তেওঁৰ বশীভূত কৰিছিলো), সিহঁতে তেওঁৰ বাবে ডুবাৰুৰ কাম কৰিছিল, ইয়াৰ বাহিৰেও ভিন ভিন কাম কৰিছিল; আৰু আমিয়েই সিহঁতৰ ৰক্ষাকাৰী আছিলো।
Verse 83
আৰু স্মৰণ কৰা আইয়ূবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই দুখ-কষ্টত পতিত হৈছো, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।
Verse 84
ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিলো, তেওঁৰ দুখ-কষ্ট দূৰ কৰি দিলো, তেওঁক তেওঁৰ পৰিয়ালবৰ্গ ঘূৰাই দিলো আৰু প্ৰদান কৰিলো তেওঁলোকৰ লগতে তেওঁলোকৰ সমপৰিমাণ, আমাৰ ফালৰ পৰা বিশেষ ৰহমতস্বৰূপে আৰু ইবাদতকাৰী সকলৰ বাবে উপদেশস্বৰূপ।
Verse 85
আৰু স্মৰণ কৰা ইছমাঈল, ইদৰীছ আৰু জুল-কিফ্লক, তেওঁলোকৰ প্ৰত্যেকেই আছিল ধৈৰ্যশীল;
Verse 86
আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলো। নিশ্চয় তেওঁলোক আছিল সৎকৰ্মপৰায়ণ।
Verse 87
আৰু স্মৰণ কৰা জুন-নুনক, যেতিয়া তেওঁ ক্ৰোধ অৱস্থাত গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে, আমি তেওঁক নধৰিম। তাৰ পিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে, ‘তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলো’।
Verse 88
ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলো আৰু তেওঁক দুশ্চিন্তাৰ পৰা উদ্ধাৰ কৰিছিলো, আৰু এইদৰেই আমি মুমিনসকলক উদ্ধাৰ কৰো।
Verse 89
আৰু স্মৰণ কৰা যাকাৰিয়্যাক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘হে মোৰ ৰব! মোক অকলশৰীয়াকৈ (নিঃসন্তান) নাৰাখিবা, তুমিয়েইতো শ্ৰেষ্ঠ উত্তৰাধিকাৰী’।
Verse 90
ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলো আৰু তেওঁক দান কৰিছিলো ইয়াহইয়া, আৰু তেওঁৰ বাবে তেওঁৰ স্ত্ৰীক (গৰ্ভধাৰণৰ) যোগ্য কৰিছিলো। তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল।
Verse 91
আৰু স্মৰণ কৰা সেইজনী নাৰীক, যিয়ে নিজ লজ্জাস্থানৰ হিফাজত কৰিছিল, সেয়ে তাৰ মাজত আমি আমাৰ ৰূহ ফুৱাই দিলো। তেওঁক আৰু তেওঁৰ পুত্ৰক সৃষ্টিজগতৰ বাবে এটা নিদৰ্শন বনাই দিলো।
Verse 92
নিশ্চয় তোমালোকৰ এই জাতি প্ৰকৃততে এটাই জাতি আৰু ময়েই তোমালোকৰ ৰব, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।
Verse 93
কিন্তু সিহঁতে নিজৰ কাৰ্যকলাপৰ মাজত বিভেদ সৃষ্টি কৰিছে। প্ৰত্যেকেই আমাৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।
Verse 94
এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ’ব আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী।
Verse 95
আৰু আমি যি জনপদক ধ্বংস কৰিছো তাৰ বাবে নিষেধাজ্ঞা আছে যে, নিশ্চয় তাৰ অধিবাসীসকলে কেতিয়াও ঘূৰি নাহিব,
Verse 96
অৱশেষত যেতিয়া ইয়া’জুজ আৰু মা’জুজক মুক্তি দিয়া হ’ব আৰু সিহঁতে প্ৰতিটো উচ্চভূমিৰ পৰা দৌৰি আহিব।
Verse 97
আৰু অমোঘ প্ৰতিশ্ৰুত সময় নিকটৱৰ্তী হ’লে আকস্মিকভাৱে কাফিৰসকলৰ চকু স্থিৰ হৈ যাব, সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! অৱশ্যে আমি এই বিষয়ে উদাসীন আছিলো; বৰং আমি আছিলো যালিম’।
Verse 98
নিশ্চয় তোমালোকে আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন; তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা।
Verse 99
যদি সিহঁত ইলাহ হ’লেহেঁতেন তেন্তে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন; আৰু সিহঁত আটায়ে তাত স্থায়ী হ’ব,
Verse 100
তাত থাকিব সিহঁতৰ চিঞঁৰ-বাখৰ আৰু আৰ্তনাদ, সেই কাৰণে সিহঁতে তাত একোৱে শুনা নাপাব;
Verse 101
নিশ্চয় আমাৰ তৰফৰ পৰা যিসকলৰ বাবে পূৰ্বৰে পৰা কল্যাণ নিৰ্ধাৰিত আছে তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব।
Verse 102
তেওঁলোকে জাহান্নামৰ ক্ষিণ শব্দও শুনা নাপাব, আৰু তাত তেওঁলোকে মনঃপুত বস্তুৰ মাজত চিৰকাল থাকিব।
Verse 103
মহাভীতিয়েও তেওঁলোকক চিন্তিত নকৰিব আৰু ফিৰিস্তাসকলে তেওঁলোকক অভ্যৰ্থনা কৰিব এই বুলি, ‘এইটোৱে তোমালোকৰ সেই দিন, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল’।
Verse 104
সেইদিনা আমি আকাশসমূহক মেৰিয়াই পেলাম, যেনেকৈ মেৰিওৱা হয় লিখিত দলীল-পত্ৰ। যিদৰে আমি প্ৰথমে সৃষ্টিৰ সূচনা কৰিছিলো সেইদৰে পুনৰ সৃষ্টি কৰিম; এইটো আমাৰ কৃত প্ৰতিশ্ৰুতি, নিশ্চয় আমি সেয়া পালন কৰিমেই।
Verse 105
আৰু অৱশ্যে আমি ‘যিকৰ’ৰ পিছত যাবূৰত লিখি দিছো যে, ‘কেৱল মোৰ যোগ্য বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’।
Verse 106
ﮉﮊﮋﮌﮍﮎ
ﮏ
নিশ্চয় ইয়াত আছে ইবাদতকাৰী সম্প্ৰদায়ৰ বাবে পৰ্যাপ্ত বিষয়বস্তু।
Verse 107
ﮐﮑﮒﮓﮔ
ﮕ
আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছো।
Verse 108
কোৱা, ‘মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল একক ইলাহ। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী হ’বানে?’
Verse 109
তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তুমি কৈ দিয়া, ‘মই তোমালোকক যথাযথভাৱে জনাই দিছো আৰু তোমালোকক যি বিষয়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, মই নাজানো সেয়া নিকটৱৰ্তী নে দূৰৱৰ্তী।
Verse 110
‘নিশ্চয় তেওঁ প্ৰকাশ্য কথা সম্পৰ্কেও জানে আৰু তোমালোকে যি গোপন কৰা সেয়াও জানে।
Verse 111
‘আৰু মই নাজানো হয়তো এইটো (বিলম্ব) তোমালোকৰ বাবে এটা পৰীক্ষা আৰু কিছুসময়ৰ বাবে জীৱনোপভোগৰ সুযোগ’।
Verse 112
ৰাছুলে কৈছিল, ‘হে মোৰ ৰব! তুমি ন্যায়সঙ্গতভাৱে ফয়চালা কৰি দিয়া’, আৰু আমাৰ ৰব হৈছে দয়াময়, তোমালোকে যি সাব্যস্ত কৰিছা সেই বিষয়ে একমাত্ৰ সহায়স্থল কেৱল তেৱেঁই’।
تقدم القراءة