الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الفجر ৰ অনুবাদ
Verse 1
ﭤ
ﭥ
ফজৰৰ সময়ৰ শপত,
Verse 2
ﭦﭧ
ﭨ
শপত দহ ৰাতিৰ,
Verse 3
ﭩﭪ
ﭫ
শপত যোৰ আৰু বিযোৰৰ,
Verse 4
ﭬﭭﭮ
ﭯ
শপত ৰাতিৰ, যেতিয়া ই বিদায় লয়।
Verse 5
ﭰﭱﭲﭳﭴﭵ
ﭶ
ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে?
Verse 6
ﭷﭸﭹﭺﭻﭼ
ﭽ
তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?
Verse 7
ﭾﭿﮀ
ﮁ
ইৰাম গোত্ৰৰ লগত, যিহঁতে অধিকাৰী আছিল সুউচ্চ প্ৰসাদৰ?
Verse 8
ﮂﮃﮄﮅﮆﮇ
ﮈ
যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;
Verse 9
ﮉﮊﮋﮌﮍ
ﮎ
আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;
Verse 10
ﮏﮐﮑ
ﮒ
আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)
Verse 11
ﮓﮔﮕﮖ
ﮗ
যিসকলে দেশত সীমালঙ্ঘন কৰিছিল,
Verse 12
ﮘﮙﮚ
ﮛ
তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।
Verse 13
ﮜﮝﮞﮟﮠ
ﮡ
ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিলে।
Verse 14
ﮢﮣﮤ
ﮥ
নিশ্চয় তোমাৰ প্ৰতিপালক সতৰ্ক দৃষ্টি ৰাখে।
Verse 15
আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।
Verse 16
আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।
Verse 17
ﯞﯟﯠﯡﯢﯣ
ﯤ
কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,
Verse 18
ﯥﯦﯧﯨﯩ
ﯪ
আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উত্সাহিত নকৰা,
Verse 19
ﯫﯬﯭﯮ
ﯯ
আৰু তোমালোকে উত্তৰাধিকাৰৰ সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,
Verse 20
ﯰﯱﯲﯳ
ﯴ
আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা;
Verse 21
কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,
Verse 22
ﯽﯾﯿﰀﰁ
ﰂ
আৰু যেতিয়া তোমাৰ প্ৰতিপালক আগমন কৰিব আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে উপস্থিত হ’ব,
Verse 23
আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কোন কামত আহিব?
Verse 24
ﭜﭝﭞﭟ
ﭠ
(তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন,
Verse 25
ﭡﭢﭣﭤﭥ
ﭦ
সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।
Verse 26
ﭧﭨﭩﭪ
ﭫ
আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।
Verse 27
ﭬﭭﭮ
ﭯ
হে প্ৰশান্ত আত্মা!
Verse 28
ﭰﭱﭲﭳﭴ
ﭵ
তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,
Verse 29
ﭶﭷﭸ
ﭹ
আৰু মোৰ বান্দাসকলৰ অন্তৰ্ভূক্ত হৈ যোৱা,
Verse 30
ﭺﭻ
ﭼ
আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।
تقدم القراءة