الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা عبس ৰ অনুবাদ
Verse 1
ﭑﭒ
ﭓ
তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘুৰাই ল’লে,
Verse 2
ﭔﭕﭖ
ﭗ
তেওঁৰ ওচৰত অন্ধ ব্যক্তিজন অহাৰ কাৰণে।
Verse 3
ﭘﭙﭚﭛ
ﭜ
কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব,
Verse 4
ﭝﭞﭟﭠ
ﭡ
অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।
Verse 5
ﭢﭣﭤ
ﭥ
আৰু যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাৱে,
Verse 6
ﭦﭧﭨ
ﭩ
তুমি তাৰ প্ৰতি মনোযোগ দিছা।
Verse 7
ﭪﭫﭬﭭ
ﭮ
অথচ সি পৰিশুদ্ধ নহ’লে তোমাৰ কোনো দায়িত্ব নাই,
Verse 8
ﭯﭰﭱﭲ
ﭳ
আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিলে,
Verse 9
ﭴﭵ
ﭶ
আৰু সি (আল্লাহক) ভয়ো কৰে,
Verse 10
ﭷﭸﭹ
ﭺ
তাৰ প্ৰতি তুমি উদাসীন হ’লা।
Verse 11
ﭻﭼﭽ
ﭾ
কেতিয়াও নহয়, নিশ্চয় এইটো উপদেশ বাণী,
Verse 12
ﭿﮀﮁ
ﮂ
গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,
Verse 13
ﮃﮄﮅ
ﮆ
এইটো মৰ্যদা সম্পন্ন ছহীফাত লিপিবদ্ধ।
Verse 14
ﮇﮈ
ﮉ
সমুন্নত, পৱিত্ৰ,
Verse 15
ﮊﮋ
ﮌ
লেখক বা দূতসকলৰ হাতত।
Verse 16
ﮍﮎ
ﮏ
(যিসকল) মহাসন্মানিত, পূণ্যবান।
Verse 17
ﮐﮑﮒﮓ
ﮔ
মানুহ ধ্বংস হওঁক, কিমান যে অকৃতজ্ঞ!
Verse 18
ﮕﮖﮗﮘ
ﮙ
তেওঁ তাক কি বস্তুৰ পৰা সৃষ্টি কৰিছে?
Verse 19
ﮚﮛﮜﮝ
ﮞ
শুক্ৰবিন্দুৰ পৰা, তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে,
Verse 20
ﮟﮠﮡ
ﮢ
তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে;
Verse 21
ﮣﮤﮥ
ﮦ
তাৰ পিছত তাক মৃত্যু প্ৰদান কৰিলে আৰু কবৰস্থ কৰিলে।
Verse 22
ﮧﮨﮩﮪ
ﮫ
আকৌ যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।
Verse 23
ﮬﮭﮮﮯﮰ
ﮱ
কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰ্ণ কৰা নাই।
Verse 24
ﯓﯔﯕﯖ
ﯗ
এতেকে মানুহে নিজ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।
Verse 25
ﯘﯙﯚﯛ
ﯜ
নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,
Verse 26
ﯝﯞﯟﯠ
ﯡ
তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ;
Verse 27
ﯢﯣﯤ
ﯥ
তাৰ পিছত আমি তাত উত্পন্ন কৰোঁ শস্য;
Verse 28
ﯦﯧ
ﯨ
আঙুৰ আৰু শাক-পাচলি,
Verse 29
ﯩﯪ
ﯫ
যায়তুন আৰু খেজুৰ গছ,
Verse 30
ﯬﯭ
ﯮ
ঘন গছ-গছনি বিশিষ্ট উদ্যান,
Verse 31
ﯯﯰ
ﯱ
ফল-মূল আৰু তৃণ-ঘাঁহ,
Verse 32
ﯲﯳﯴ
ﯵ
এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুৰ জীৱনোপকৰণৰ বাবে।
Verse 33
ﯶﯷﯸ
ﯹ
এতেকে যেতিয়া তীক্ষ্ন শব্দ আহিব,
Verse 34
ﯺﯻﯼﯽﯾ
ﯿ
সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,
Verse 35
ﰀﰁ
ﰂ
আৰু তাৰ মাক-বাপেকৰ পৰা,
Verse 36
ﰃﰄ
ﰅ
তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,
Verse 37
ﰆﰇﰈﰉﰊﰋ
ﰌ
সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।
Verse 38
ﰍﰎﰏ
ﰐ
সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,
Verse 39
ﰑﰒ
ﰓ
হাঁহিৰে ভৰা, আনন্দত উত্ফুল্ল,
Verse 40
ﰔﰕﰖﰗ
ﰘ
আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব,
Verse 41
ﭑﭒ
ﭓ
ক’লা আৱৰণে আৱৰি ধৰিব।
Verse 42
ﭔﭕﭖﭗ
ﭘ
এওঁলোকেই কাফিৰ, অত্যন্ত পাপী।
تقدم القراءة