الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা التكاثر ৰ অনুবাদ
Verse 1
ﮣﮤ
ﮥ
প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।
Verse 2
ﮦﮧﮨ
ﮩ
যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।
Verse 3
ﮪﮫﮬ
ﮭ
কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
Verse 4
ﮮﮯﮰﮱ
ﯓ
আকৌ কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
Verse 5
ﯔﯕﯖﯗﯘ
ﯙ
কেতিয়াও নহয়, যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন।
Verse 6
ﯚﯛ
ﯜ
নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবা।
Verse 7
ﯝﯞﯟﯠ
ﯡ
আকৌ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।
Verse 8
ﯢﯣﯤﯥﯦ
ﯧ
তাৰ পিছত সেইদিনা অৱশ্যই তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।
تقدم القراءة