الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা النجم ৰ অনুবাদ
Verse 1
ﭑﭒﭓ
ﭔ
শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়,
Verse 2
ﭕﭖﭗﭘﭙ
ﭚ
তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও নহয়,
Verse 3
ﭛﭜﭝﭞ
ﭟ
আৰু তেওঁ মনে সজা কথা নকয়।
Verse 4
ﭠﭡﭢﭣﭤ
ﭥ
এয়া কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,
Verse 5
ﭦﭧﭨ
ﭩ
তেওঁক শিক্ষা দিছে প্ৰবল শক্তিধৰ,
Verse 6
ﭪﭫﭬ
ﭭ
সৌন্দৰ্যপূৰ্ণ সত্তা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল,
Verse 7
ﭮﭯﭰ
ﭱ
আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত,
Verse 8
ﭲﭳﭴ
ﭵ
তাৰ পিছত তেওঁ নিকটৱৰ্তী হ’ল, এতেকে নিকটৱৰ্তী আহিল,
Verse 9
ﭶﭷﭸﭹﭺ
ﭻ
ফলত তেওঁৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।
Verse 10
ﭼﭽﭾﭿﮀ
ﮁ
তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া সেয়া অহী কৰিলে।
Verse 11
ﮂﮃﮄﮅﮆ
ﮇ
যি তেওঁ দেখিছে, তেওঁৰ অন্তৰে সেই সম্পৰ্কে মিছা কোৱা নাই;
Verse 12
ﮈﮉﮊﮋ
ﮌ
তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি?
Verse 13
ﮍﮎﮏﮐ
ﮑ
আৰু নিশ্চয় তেওঁ তেওঁক আৰু এবাৰ দেখিছিল।
Verse 14
ﮒﮓﮔ
ﮕ
ছিদৰাতুল মুনতাহাৰ ওচৰত,
Verse 15
ﮖﮗﮘ
ﮙ
যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।
Verse 16
ﮚﮛﮜﮝﮞ
ﮟ
যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল,
Verse 17
ﮠﮡﮢﮣﮤ
ﮥ
তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।
Verse 18
ﮦﮧﮨﮩﮪﮫ
ﮬ
নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ মহান নিদৰ্শনাৱলীৰ কিছুমান দেখিছিল;
Verse 19
ﮭﮮﮯ
ﮰ
এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা?
Verse 20
ﮱﯓﯔ
ﯕ
আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে?
Verse 21
ﯖﯗﯘﯙ
ﯚ
এয়া কি কথা, তোমালোকৰ বাবে পুত্ৰ আৰু আৰু আল্লাহৰ বাবে কন্যা সন্তান?
Verse 22
ﯛﯜﯝﯞ
ﯟ
তেনেহ’লে এয়া এটা অসঙ্গত বন্টন।
Verse 23
এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছে, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰেই অনুসৰণ কৰে, অথচ সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহিছে।
Verse 24
ﯼﯽﯾﯿ
ﰀ
মানুহে যি বিচাৰে সেইটোৱে সি পায় নে?
Verse 25
ﰁﰂﰃ
ﰄ
প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।
Verse 26
আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, সিহঁতৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাৰ বাবে অনুমতি দিয়াৰ পিছত।
Verse 27
নিশ্চয় যিহঁতে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে;
Verse 28
অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰ অনুসৰণ কৰে; আৰু নিশ্চয় অনুমান সত্যৰ মুকাবিলাত কোনো কামত নাহে।
Verse 29
এতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।
Verse 30
এইটোৱে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভাল জানে কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভাল জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।
Verse 31
আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিহঁতে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰষ্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,
Verse 32
যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপ আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।
Verse 33
ﯢﯣﯤ
ﯥ
তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে?
Verse 34
ﯦﯧﯨ
ﯩ
আৰু কিঞ্চিত দান কৰিলে আৰু বন্ধ কৰি দিলে?
Verse 35
ﯪﯫﯬﯭﯮ
ﯯ
তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে?
Verse 36
নে মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহীত কৰা হোৱা নাই?
Verse 37
ﯸﯹﯺ
ﯻ
আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)?
Verse 38
ﯼﯽﯾﯿﰀ
ﰁ
সেয়া হৈছে যে, কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব,
Verse 39
ﰂﰃﰄﰅﰆﰇ
ﰈ
আৰু এই যে, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,
Verse 40
ﰉﰊﰋﰌ
ﰍ
আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব---
Verse 41
ﰎﰏﰐﰑ
ﰒ
তাৰ পিছত তাক পূৰ্ণ প্ৰতিফল প্ৰদান কৰা হ’ব,
Verse 42
ﰓﰔﰕﰖ
ﰗ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,
Verse 43
ﰘﰙﰚﰛ
ﰜ
আৰু নিশ্চয় তেৱেঁই হহুৱায় আৰু তেৱেঁই কন্দুৱায়,
Verse 44
ﰝﰞﰟﰠ
ﰡ
আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে,
Verse 45
ﭑﭒﭓﭔﭕ
ﭖ
আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী,
Verse 46
ﭗﭘﭙﭚ
ﭛ
শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়,
Verse 47
ﭜﭝﭞﭟ
ﭠ
আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই,
Verse 48
ﭡﭢﭣﭤ
ﭥ
আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে,
Verse 49
ﭦﭧﭨﭩ
ﭪ
আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা নক্ষত্ৰৰ প্ৰতিপালক।
Verse 50
ﭫﭬﭭﭮ
ﭯ
আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে,
Verse 51
ﭰﭱﭲ
ﭳ
আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।
Verse 52
আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।
Verse 53
ﭿﮀ
ﮁ
আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল,
Verse 54
ﮂﮃﮄ
ﮅ
তাৰ পিছত সেইটো আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।
Verse 55
ﮆﮇﮈﮉ
ﮊ
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ সম্পৰ্কে সন্দেহ পোষণ কৰিবা?
Verse 56
ﮋﮌﮍﮎﮏ
ﮐ
অতীতত সতৰ্ককাৰীসকলৰ দৰেই এই নবীও এজন সতৰ্ককাৰী।
Verse 57
ﮑﮒ
ﮓ
কিয়ামত নিকটৱৰ্তী।
Verse 58
ﮔﮕﮖﮗﮘﮙ
ﮚ
আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।
Verse 59
ﮛﮜﮝﮞ
ﮟ
তোমালোকে এই কথাত বিস্ময় বোধ কৰিছা নেকি?
Verse 60
ﮠﮡﮢ
ﮣ
আৰু হাঁহি-ঠাট্ৰা কৰিছা! কন্দা নাই?
Verse 61
ﮤﮥ
ﮦ
আৰু তোমালোকে উদাসীন,
Verse 62
ﮧﮨﮩﮪ
ﮫ
এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰ ইবাদত কৰা।
تقدم القراءة