الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা المائدة ৰ অনুবাদ
Verse 1
হে মুমিনসকল! তোমালোকে অঙ্গীকাৰসমূহ পূৰ্ণ কৰিবা। যিবোৰ তোমালোকৰ ওচৰত বৰ্ণিত হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাৱিবা। নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে।
হে মুমিনসকল! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পৱিত্ৰ মাহক, কুৰবানীৰ বাবে কা’বালৈ প্ৰেৰণ কৰা পশুক, ডিঙিত পৰিধান কৰোৱা চিহ্নবিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পৱিত্ৰ ঘৰৰ অভিমুখে ৰাৱানা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰক সহায়-সহযোগিতা কৰিবা আৰু পাপ কৰ্ম আৰু সীমালংঘনত এজনে আনজনৰ সহায়-সহযোগিতা নকৰিবা, আৰু আল্লাহৰ তাক্বৱা আৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে খোৱা জন্তু কিন্তু যিটো তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলী দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে। এই সকলোবোৰ মহাপাপ। আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈছে, সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা। আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলো। এতেকে যিয়ে পাপ কৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিলে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 4
মানুহে তোমাক প্ৰশ্ন কৰে, সিহঁতৰ বাবে কি কি হালাল কৰা হৈছে? কোৱা, ‘তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হৈছে, আৰু চিকাৰী জন্তু যিবোৰক তোমালোকে চিকাৰ প্ৰশিক্ষণ দিছা আৰু যিবোৰক তোমালোকে সেই শিক্ষা দিয়া যিটো আল্লাহে তোমালোকক শিকাইছে। এতেকে এনেকুৱা জন্তুৱে তোমালোকৰ বাবে যি ধৰি আনে সেয়া তোমালোকে খোৱা, অৱশ্যে তাৰ ওপৰত আল্লাহৰ নাম ল’বা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ অতি দ্ৰুত হিচাপ গ্ৰহণকাৰী।
আজি তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হ’ল আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ খাদ্যদ্ৰব্যও তোমালোকৰ বাবে হালাল কৰা হৈছে আৰু তোমালোকৰ খাদ্য দ্ৰব্য সিহঁতৰ বাবে হালাল কৰা হৈছে। মুমিনা সচ্চৰিত্ৰা নাৰী আৰু তোমালোকৰ আগত যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ সচ্চৰিত্ৰা নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে যদিহে তোমালোকে বিবাহৰ বাবত মোহৰ প্ৰদান কৰা, প্ৰকাশ্য ব্যভিচাৰ বা গোপন যৌনসঙ্গীনী হিচাপে নহয়। আৰু যিয়ে ঈমানৰ সৈতে কুফৰী কৰিব নিশ্চয় তাৰ আমল নিষ্ফল হ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।
হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰু গাঠি লৈকে ভৰি ধোৱা, আৰু যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু (পৱিত্ৰ হ’বলৈ) পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা কৰিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
Verse 7
আৰু স্মৰণ কৰা, তোমালোকৰ ওপৰত আল্লাহৰ নিয়ামত আৰু সেই অঙ্গীকাৰ যিটো তেওঁ তোমালোকৰ পৰা লৈছিল, যেতিয়া তোমালোকে কৈছিলা, ‘আমি শুনিলো আৰু মানি ল’লো’, আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
Verse 8
হে মুমিনসকল! আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা, কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত প্ৰৰোচিত নকৰে। তোমালোকে সুবিচাৰ কৰিবা, এইটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত।
Verse 9
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।
Verse 10
আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই প্ৰজ্বলিত জুইৰ আধিবাসী।
Verse 11
হে মুমিনসকল! তোমালোকৰ প্ৰতি আল্লাহৰ নিয়ামত স্মৰণ কৰা যেতিয়া এটা সম্প্ৰদায়ে তোমালোকৰ বিৰুদ্ধে সিহঁতৰ হাত প্ৰসাৰিত কৰিবলৈ মনস্থ কৰিছিল, তাৰ পিছত আল্লাহে সিহঁতৰ হাত তোমালোকৰ পৰা নিবৃত ৰাখিছিল। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে ভৰসা কৰা উচিত।
আৰু অৱশ্যে আল্লাহে বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল আৰু আমি সিহঁতৰ মাজৰ পৰা বাৰজন লোকক নেতা নিযুক্তি দি পঠিয়াইছিলো। আল্লাহে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ লগত আছো, যদি তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, আৰু আমাৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনা, তেওঁলোকক সন্মান সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা তেন্তে অৱশ্যে আমি তোমালোকৰ পাপসমূহ মোচন কৰিম আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ মাজত নদীসমূহ প্ৰবাহিত’। ইয়াৰ পিছতো যিয়ে কুফৰী কৰিব সি অৱশ্যে সৰল পথৰ পৰা আঁতৰি যাব।
Verse 13
তাৰ পিছত সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰাৰ কাৰণে সিহঁতক আমি অভিসম্পাত কৰিছো আৰু সিহঁতৰ হৃদয়ক কঠিন কৰি দিছো, সিহঁতে শব্দবোৰক নিজ স্থানৰ পৰা বিকৃত কৰে আৰু সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰ একাংশ সিহঁতে পাহৰি গৈছে। তুমি সদায় সিহঁতৰ কিছুসংখ্যকৰ বাহিৰে অধিকাংশকেই বিশ্বাসঘাতকতা কৰোঁতে দেখিবলৈ পাবা, সেয়ে সিহঁতক ক্ষমা কৰা আৰু উপেক্ষা কৰা। নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণকাৰী সকলক ভাল পায়।
Verse 14
আৰু যিসকলে কয়, ‘আমি নাছাৰা’, সিহঁতৰো আমি অঙ্গীকাৰ গ্ৰহণ কৰিছিলো; তাৰ পিছত সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছিল। ফলত আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ জাগৰুক কৰি ৰাখিছো। সিহঁতে যি কৰিছিল সেয়া আল্লাহে অচিৰেই সিহঁতক জনাই দিব।
Verse 15
হে কিতাবীসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছি ভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। অৱশ্যে আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি আৰু স্পষ্ট কিতাব তোমালোকৰ ওচৰত আহিছে।
Verse 16
যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে।
অৱশ্যে সিহঁতে কুফৰী কৰিছে যিসকলে কয় যে, ‘মাৰইয়ামৰ পুত্ৰ মছিহেই আল্লাহ’। কোৱা, ‘যদি আল্লাহে মছিহ ইবনে মাৰইয়ামক আৰু তেওঁৰ মাকক আৰু পৃথিৱীৰ মাজত যি আছে সেই সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁক বাধা দিবলৈ কাৰ শক্তি আছে’? আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সৃষ্টি কৰে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
Verse 18
ইয়াহূদী আৰু নাছাৰাসকলে কয়, ‘আমি আল্লাহৰ পুত্ৰ আৰু তেওঁৰ প্ৰিয়পাত্ৰ’। কোৱা, ‘তেন্তে কিয় তেওঁ তোমালোকক তোমালোকৰ গুণাহৰ কাৰণে শাস্তি দিয়ে? বৰং তোমালোক সিহঁতৰেই অন্তৰ্গত মানুহ যিসকলক তেওঁ সৃষ্টি কৰিছে। যাক ইচ্ছা তেওঁ ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা তেওঁ শাস্তি দিয়ে, আকাশসমূহ আৰু পৃথিৱীত লগতে এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব আল্লাহৰেই, আৰু প্ৰত্যাৱৰ্তন তেওঁৰ ওচৰতেই।
Verse 19
হে কিতাবীসকল! ৰাছুল প্ৰেৰণৰ এটা বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল আহিছে। তেওঁ তোমালোকৰ ওচৰত স্পষ্ট ব্যাখ্যা কৰিছে, যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, ‘আমাৰ ওচৰত কোনো সুসংবাদবাহী আৰু সাৱধানকাৰী অহা নাছিল’। অৱশ্যে তোমালোকৰ ওচৰত সুসংবাদদাতা আৰু সাৱধানকাৰী আহিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
Verse 20
আৰু স্মৰণ কৰা, যেতিয়া মুছাই নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকৰ মাজৰ পৰাই নবী বনাইছিল আৰু তোমালোকক ৰজা-বাদশ্বাহ বনাইছিল আৰু সৃষ্টিজগতৰ কাকো যিটো দান কৰা নাছিল সেইটো তোমালোকক প্ৰদান কৰিছিল’।
Verse 21
‘হে মোৰ সম্প্ৰদায়! আল্লাহে তোমালোকৰ বাবে যিটো পৱিত্ৰ ভূমি লিখি দিছে তাত তোমালোকে প্ৰৱেশ কৰা আৰু পশ্চাপসৰণ নকৰিবা, এনে কৰিলে তোমালোকে ক্ষতিগ্ৰস্ত হৈ প্ৰত্যাবৰ্তন কৰিবা’।
Verse 22
সিহঁতে ক’লে, ‘হে মুছা! নিশ্চয় তাত এটা শক্তিশালী সম্প্ৰদায় আছে আৰু সিহঁত তাৰ পৰা ওলাই নোযোৱালৈকে আমি কেতিয়াও তাত প্ৰৱেশ নকৰিম। এতেকে সিহঁত তাৰ পৰা ওলাই গ'লে নিশ্চয় আমি তাত প্ৰৱেশ কৰিম’।
Verse 23
যিসকলে ভয় কৰিছিল সিহঁতৰ মাজৰ দুজনে, যি দুজনৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছিল, সিহঁতে ক’লে, ‘তোমালোকে সিহঁতৰ মুকাবিলা কৰি দুৱাৰত প্ৰৱেশ কৰা, প্ৰৱেশ কৰিলেই তোমালোকে বিজয় লাভ কৰিবা আৰু যদি তোমালোকে মুমিন হোৱা, তেনেহ’লে আল্লাহৰ ওপৰতেই ভৰসা কৰা’।
Verse 24
সিহঁতে ক’লে, ‘হে মুছা! সিহঁত যেতিয়া লৈকে তাত থাকিব আমি কেতিয়াও তাত প্ৰৱেশ নকৰিম, এতেকে তুমি আৰু তোমাৰ প্ৰতিপালকে গৈ যুদ্ধ কৰাগৈ। নিশ্চয় আমি ইয়াতেই বহি থাকিম’।
Verse 25
তেওঁ ক’লে, ‘হে মোৰ ৰব! মই আৰু মোৰ ভাতৃৰ বাহিৰে আন কাৰো ওপৰত মোৰ অধিকাৰ নাই, এতেকে তুমি আমাৰ আৰু ফাছিক্ব সম্প্ৰদায়ৰ মাজত বিচ্ছেদ কৰি দিয়া’।
Verse 26
আল্লাহে ক’লে, ‘তেনেহ’লে ইয়াক চল্লিশ বছৰলৈকে সিহঁতৰ ওপৰত নিষেধ কৰা হ’ল, সিহঁতে পৃথিৱীত উদ্ভ্ৰান্ত হৈ ঘুৰি ফুৰিব, গতিকে তুমি ফাছিক্ব সম্প্ৰদায়ৰ বাবে দুখ নকৰিবা’।
Verse 27
আৰু তুমি আদমৰ দুই পুত্ৰৰ কাহিনীটো সিহঁতক যথাযথভাৱে বৰ্ণনা কৰি শুনোৱা। যেতিয়া সিহঁত উভয়ে কুৰবানী কৰিছিল, ফলত এজনৰ পৰা কবুল কৰা হৈছিল আৰু আনজনৰ পৰা কবুল কৰা হোৱা নাছিল। সি ক’লে, ‘নিশ্চয় মই তোমাক হত্যা কৰিম’। আনজনে ক’লে, ‘নিশ্চয় আল্লাহে কেৱল মুত্তাক্বীসকলৰ পৰাই কবুল কৰে’।
Verse 28
‘মোক হত্যা কৰাৰ বাবে তুমি তোমাৰ হাত প্ৰসাৰিত কৰিলেও তোমাক হত্যা কৰাৰ বাবে মই তোমাৰ প্ৰতি মোৰ হাত প্ৰসাৰিত নকৰিম; নিশ্চয় মই সৃষ্টিজগতৰ ৰব আল্লাহক ভয় কৰো’।
Verse 29
‘নিশ্চয় মই বিচাৰো তুমি মোৰ আৰু তোমাৰ পাপ লৈ উভতি যোৱা ইয়াৰ ফলত তুমি জুইৰ অধিবাসী হোৱা আৰু এইটোৱেই হৈছে যালিমসকলৰ প্ৰতিদান’।
Verse 30
অৱশেষত তাৰ ভায়েকক হত্যা কৰিবলৈ তাৰ নফছে তাক বশ কৰিলে। ফলত সি তাক হত্যা কৰিলে আৰু এইদৰে সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ল।
Verse 31
তাৰ পিছত আল্লাহে এটা কাউৰী পঠালে, যিটোৱে তাৰ ভায়েকৰ মৃতদেহ কেনেকৈ গোপন কৰিব লাগে সেইটো দেখুৱাৰ বাবে মাটি খুচৰিবলৈ ধৰিলে। সি ক’লে, ‘হায়! মই এই কাউৰীটোৰ দৰেও হ’ব নোৱাৰিলোনে যে মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰো? ফলত সি অনুতপ্ত হ’ল।
Verse 32
এই কাৰণেই বনী ইছৰাঈলৰ বাবে এই বিধান দিছিলো যে, হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। নিশ্চয় সিহঁতৰ ওচৰত আমাৰ ৰাছুলসকল স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ইয়াৰ পিছতো সিহঁতৰ অধিকাংশই পৃথিৱীত সীমালংঘন কৰিছিল।
Verse 33
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু পৃথিৱীত ধ্বংসাত্মক কাম কৰি ফুৰে সিহঁতৰ শাস্তি কেৱল এইটোৱেই যে, সিহঁতক হত্যা কৰা হ’ব অথবা ক্ৰুছবিদ্ধ কৰা হ’ব নাইবা বিপৰীত দিশৰ পৰা হাত ভৰি কাটি পেলোৱা হ’ব বা সিহঁতক দেশৰ পৰা নিৰ্বাসিত কৰা হ’ব। পৃথিৱীত এইটোৱেই সিহঁতৰ লাঞ্ছনা আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহা শাস্তি।
Verse 34
কিন্তু সিহঁতৰ বাহিৰে, যিসকলে তোমালোকৰ আয়ত্তত অহাৰ পূৰ্বেই তাওবা কৰিছে। এতেকে জানি থোৱা যে, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 35
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ নৈকট্য অন্বেষণ কৰা আৰু তেওঁৰ পথত জিহাদ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।
Verse 36
নিশ্চয় যিসকলে কুফৰী কৰিছে, পৃথিৱীত যি আছে সেই সকলো যদি সিহঁতৰ হয় লগতে ইয়াৰ সমপৰিমাণ আৰু থাকে, যাতে সিহঁতে ইয়াৰ মাধ্যমত কিয়ামতৰ দিনা শাস্তিৰ পৰা ৰক্ষাৰ বাবে মুক্তিপণ দিব পাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ’ব আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
Verse 37
সিহঁতে জুইৰ পৰা ওলাব খুজিব, কিন্তু সিহঁতে তাৰ পৰা ওলাব নোৱাৰিব আৰু সিহঁতৰ বাবে আছে চিৰস্থায়ী শাস্তি।
Verse 38
চোৰ পুৰুষ আৰু চোৰ নাৰীৰ সিহঁত উভয়ৰে হাত কাটি দিয়া, এয়া সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তিস্বৰূপ; আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 39
এতেকে সীমালংঘন কৰাৰ পিছত কোনোবাই তাওবা কৰিলে আৰু নিজকে সংশোধন কৰিলে নিশ্চয় আল্লাহে তাৰ তাওবা কবুল কৰিব; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 40
তুমি নাজানা নেকি যে, আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই? যাক ইচ্ছা তেওঁ শাস্তি দিয়ে আৰু যাক ইচ্ছা তেওঁ ক্ষমা কৰি দিয়ে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
হে ৰাছুল! তুমি সিহঁতৰ বাবে চিন্তিত নহ’বা যিসকলে কুফৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘ঈমান আনিছো’, অথচ সিহঁতৰ অন্তৰে ঈমান আনা নাই- আৰু যিসকলে ইয়াহুদী, সিহঁত (সকলোৱেই) মিছা কথা শুনিবলৈ অধিক তৎপৰ, অন্যান্য কওমৰ প্ৰতি, যিসকলে তোমাৰ ওচৰত অহা নাই সিহঁতে কাণ পাতি থাকে। শব্দসমূহ যথাযথ সুবিন্যস্ত থকাৰ পিছতো সিহঁতে সেইবোৰৰ অৰ্থ বিকৃত কৰে। সিহঁতে কয়, ‘যদি তোমালোকক এনেকুৱা বিধান দিয়ে তেনেহ’লে গ্ৰহণ কৰিবা আৰু যদি এনেকুৱা বিধান নিদিয়ে তেনেহ’লে বৰ্জন কৰিবা’। আল্লাহে যাক ফিতনাত পেলাব বিচাৰে তাৰ বাবে আল্লাহৰ ওচৰত তোমাৰ কৰিবলৈ একো নাই। ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ হৃদয়ক আল্লাহে বিশুদ্ধ কৰিব নিবিচাৰে; সিহঁতৰ বাবে আছে পৃথিৱীত লাঞ্ছনা আৰু আখিৰাতত আছে মহাশাস্তি।
Verse 42
সিহঁত মিছা শুনিবলৈ বৰ আগ্ৰহশীল আৰু অবৈধ সম্পদ খাবলৈ অত্যন্ত আসক্ত; এতেকে সিহঁতে যদি তোমাৰ ওচৰত আহে তেন্তে সিহঁতৰ বিচাৰ মীমাংসা কৰিবা অথবা সিহঁতক উপেক্ষা কৰিবা। তুমি যদি সিহঁতক উপেক্ষা কৰা তেন্তে সিহঁতে তোমাৰ একো ক্ষতি কৰিব নোৱাৰিব আৰু তুমি যদি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা তেন্তে সিহঁতৰ মাজত ন্যায় বিচাৰ কৰিবা; নিশ্চয় আল্লাহে ন্যায়পৰায়ণকাৰী সকলক ভালপায়।
Verse 43
আৰু সিহঁতে কেনেকৈ তোমাক ফয়চালাকাৰী বনায়? অথচ সিহঁতৰ ওচৰত আছে তাওৰাত, য’ত আছে আল্লাহৰ বিধান, তথাপিও সিহঁতে ইয়াৰ পিছত মুখ ঘূৰাই লয় আৰু সিহঁত মুমিনো নহয়।
নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলো, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদিসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ ওপৰত সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নলবা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই কাফিৰ।
Verse 45
আৰু আমি সিহঁতৰ ওপৰত তাত অত্যাৱশ্যক কৰি দিছিলো যে, প্ৰাণৰ পৰিবৰ্তে প্ৰাণ, চকুৰ পৰিবৰ্তে চকু, নাকৰ পৰিবৰ্তে নাক, কাণৰ পৰিবৰ্তে কাণ, দাঁতৰ পৰিবৰ্তে দাঁত আৰু আঘাতৰ পৰিবৰ্তে অনুৰূপ আঘাত। তাৰ পিছত কোনোবাই সেয়া ক্ষমা কৰিলে তাৰ বাবে সেয়া কাফফাৰা হ’ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই যালিম।
Verse 46
আৰু আমি সিহঁতৰ পিছতেই মাৰইয়ামৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলো, তাৰ সন্মুখত তাওৰাতৰ পৰা যি অৱশিষ্ট আছিল তাৰ সত্যতা প্ৰতিপন্নকাৰীৰূপে। আমি তাক ইঞ্জীল প্ৰদান কৰিছিলো, তাত আছে হিদায়ত আৰু জ্যোতি, আৰু সেয়া আছিল তাৰ সন্মুখত অৱশিষ্ট তাওৰাতৰ সত্যতা প্ৰতিপন্নকাৰী আৰু মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশস্বৰূপ।
Verse 47
ইঞ্জীলৰ অনুসাৰীসকলে আল্লাহে অৱতীৰ্ণ কৰা বিধান অনুযায়ী ফয়চালা কৰা উচিত। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই ফাছিক্ব।
আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছো। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগীতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।
Verse 49
আৰু তুমি সিহঁতৰ মাজত আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী বিচাৰ নিষ্পত্তি কৰা আৰু সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা আৰু সিহঁতৰ বিষয়ে সতৰ্ক হোৱা, যাতে আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে সিহঁতে ইয়াৰ কোনো বিষয়ৰ পৰা তোমাক বিচ্যুত কৰিব নোৱাৰে। যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা যে, আল্লাহে সিহঁতক কেৱল সিহঁতৰ কিছুমান গুণাহৰ বাবে শাস্তি দিব বিচাৰে আৰু মানুহৰ মাজত বহুতেই ফাছিক্ব।
Verse 50
সিহঁতে জাহিলিয়্যাতৰ বিধি-বিধান কামনা কৰে নেকি? দৃঢ় বিশ্বাসী সম্প্ৰদায়ৰ বাবে বিধান প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ’ব পাৰে?
Verse 51
হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু নাছাৰাসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা, সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু। আৰু তোমালোকৰ কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি নিশ্চয় সিহঁতৰেই এজন। নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Verse 52
এতেকে যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতক তুমি অতিসোনকালে সিহঁতৰ লগত মিলিত হওঁতে দেখিবলৈ পাবা। সিহঁতে কয়, ‘আমি আশংকা কৰিছো যে, কোনো এটা বিপদে আমাক আক্ৰান্ত কৰিব’। তাৰ পিছত এনেকুৱাও হ’ব পাৰে যে, আল্লাহে (তোমালোকক) বিজয় দান কৰিব অথবা তেওঁৰ পৰা এনেকুৱা কিবা প্ৰদান কৰিব যাতে সিহঁতে সিহঁতৰ অন্তৰত যি গোপন ৰাখিছিল সেই বাবে লজ্জিত হয়।
Verse 53
আৰু মুমিনসকলে ক’ব, ‘ইহঁতেই আল্লাহৰ নামত দৃঢ়ভাৱে শপত কৰিছিল নেকি যে, নিশ্চয় সিহঁতে তোমালোকৰ লগত আছে’? সিহঁতৰ আমলসমূহ নিষ্ফল হৈছে, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে।
Verse 54
হে মুমিনসকল! তোমালোকৰ মাজৰ কোনোবাই দ্বীনৰ পৰা উভতি গ’লে নিশ্চয় আল্লাহে এনেকুৱা এটা সম্প্ৰদায় আনিব যিসকলক তেওঁ ভালপায় আৰু সিহঁতেও তেওঁক ভালপায়; সিহঁত মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি অতি কঠোৰ হ’ব; সিহঁতে আল্লাহৰ পথত জিহাদ কৰিব আৰু কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনালৈ ভ্ৰুক্ষেপ নকৰিব। এইটো আল্লাহৰ অনুগ্ৰহ, যাক ইচ্ছা তাকেই তেওঁ এইটো দান কৰে আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।
Verse 55
তোমালোকৰ বন্ধু কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুল আৰু মুমিনসকল- যিসকলে বিনীত হৈ ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে।
Verse 56
আৰু যিয়ে আল্লাহক আৰু তেওঁৰ ৰাছুলক লগতে মুমিনসকলক বন্ধুৰূপে গ্ৰহণ কৰে তেন্তে নিশ্চয় আল্লাহৰ দলেই বিজয়ী।
Verse 57
হে মুমিনসকল! তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছে সিহঁতৰ মাজত যিসকলে তোমালোকৰ দ্বীনক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে সিহঁতক আৰু কাফিৰসকলক তোমালোকে বন্ধুৰূপে গ্ৰহণ নকৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যদি তোমালোকে প্ৰকৃত মুমিন।
Verse 58
আৰু যেতিয়া তোমালোকে ছালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে- এইটো এই বাবে যে, সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নবুজে।
Verse 59
কোৱা, ‘হে কিতাবীসকল! একমাত্ৰ এই কাৰণেই তোমালোকে আমাৰ লগত শত্ৰুতা পোষণ কৰা নেকি যে, আমি আল্লাহৰ প্ৰতি আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু যি আমাৰ পূৰ্বে অৱতীৰ্ণ হৈছে তাত ঈমান আনিছো আৰু নিশ্চয় তোমালোকৰ অধিকাংশই ফাছিক্ব’।
Verse 60
কোৱা, ‘মই তোমালোকক ইয়াতকৈয়ো নিকৃষ্ট পৰিণামৰ সংবাদ দিম নে যিটো আল্লাহৰ ওচৰত আছে? যাৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু যাৰ ওপৰত তেওঁ ক্ৰোধান্বিত হৈছে। যিসকলৰ মাজৰ পৰা কিছুমানক বান্দৰ আৰু কিছুমানক গাহৰি বনাইছিল আৰু (সিহঁতৰ কিছুমানে) তাগুতৰ উপাসনা কৰিছিল। সিহঁতেই অৱস্থানৰ দিশৰ পৰা নিকৃষ্ট আৰু সৰল পথৰ পৰা আটাইতকৈ বেছি বিচ্যুত’।
Verse 61
আৰু সিহঁতে যেতিয়া তোমালোকৰ ওচৰত আহে তেতিয়া কয়, আমি ঈমান আনিছো, অথচ সিহঁত কুফৰী লৈ প্ৰৱেশ কৰিছে আৰু এইটো লৈয়ে ওলাই গৈছে। আৰু সিহঁতে যি গোপন কৰে, আল্লাহে সেই সম্পৰ্কে ভালদৰেই জানে।
Verse 62
সিহঁতৰ মাজৰ বহুতকে তুমি দেখিবলৈ পাবা পাপকৰ্মত, সীমালংঘনত আৰু অবৈধ ভক্ষণত তৎপৰ; সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!
Verse 63
ৰাব্বানীসকল আৰু পণ্ডিতসকলে সিহঁতক বেয়া কথা কোৱাৰ পৰা আৰু অবৈধ ভক্ষণৰ পৰা কিয় নিষেধ নকৰে? ইহঁতে যি কৰি আছে নিশ্চয় এয়া কিমান যে নিকৃষ্ট!
আৰু ইয়াহুদীসকলে কয়, ‘আল্লাহৰ হাত ৰুদ্ধ’। দৰাচলতে সিহঁতৰ হাতেই ৰুদ্ধ কৰা হৈছে আৰু সিহঁতে যি কয় সেই বাবে সিহঁত অভিশপ্ত, বৰং আল্লাহৰ উভয় হাতেই প্ৰসাৰিত; যেনেকৈ ইচ্ছা তেওঁ দান কৰে। তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া নিশ্চয় সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফৰী বৃদ্ধি কৰিব। আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ ঢালি দিছো। যেতিয়াই সিহঁতে যুদ্ধৰ জুই লগায় তেতিয়াই আল্লাহে সেয়া নুমাই দিয়ে আৰু সিহঁতে পৃথিৱীত বিপৰ্যয় কৰি ফুৰে; আৰু আল্লাহে বিপৰ্যয়কাৰীসকলক ভাল নাপায়।
Verse 65
আৰু যদি কিতাবীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেনেহ’লে আমি সিহঁতৰ পাপসমূহ অৱশ্যে মুচি দিলোহেঁতেন আৰু সিহঁতক সূখময় জান্নাতত প্ৰৱেশ কৰালোহেঁতেন।
Verse 66
আৰু সিহঁতে যদি তাওৰাত, ইঞ্জীল আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠিত কৰিলেহেঁতেন, তেনেহ’লে সিহঁতে অৱশ্যে সিহঁতৰ ওপৰৰ পৰা আৰু ভৰিৰ তলৰ পৰা আহাৰাদী লাভ কৰিলেহেঁতেন। সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকল হৈছে মধ্যপন্থী, আৰু সিহঁতৰ অধিকাংশই যি কৰে সেয়া কিমান যে নিকৃষ্ট!
Verse 67
হে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা; আৰু যদি তুমি এনে নকৰা তেন্তে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।
Verse 68
কোৱা, ‘হে কিতাবীসকল! তাওৰাত, ইঞ্জীল আৰু যি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠা নকৰালৈকে তোমালোকে কোনো ভিত্তিৰ ওপৰত নহয়। আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফৰী বৃদ্ধি কৰিব। এতেকে তুমি কাফিৰ সম্প্ৰদায়ৰ বাবে নিৰাশ নহ’বা’।
Verse 69
নিশ্চয় যিসকলে ঈমান আনিছে, আৰু যিসকল ইয়াহুদী আৰু ছাবেয়ী লগতে নাছাৰাসকলৰ মাজত যিসকলে আল্লাহ আৰু শেষ দিৱসৰ ওপৰত ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।
Verse 70
অৱশ্যে আমি বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ লৈছিলো আৰু সিহঁতৰ ওচৰত বহুতো ৰাছুল প্ৰেৰণ কৰিছিলো। যেতিয়াই কোনো ৰাছুলে সিহঁতৰ ওচৰত এনে কিবা লৈ আহিছে যিটো সিহঁতৰ প্ৰবৃত্তিৰ বিপৰীত তেতিয়াই সিহঁতে ৰাছুলসকলৰ কাৰোবাৰ ওপৰত মিথ্যাৰোপ কৰিছে আৰু কাৰোবাক হত্যা কৰিছে।
Verse 71
আৰু সিহঁতে ভাৱিছিল যে, সিহঁতৰ কোনো বিপৰ্যয় নহ’ব, ফলত সিহঁত অন্ধ আৰু বধিৰ হৈ গৈছিল। তাৰ পিছতো আল্লাহে সিহঁতৰ তাওবা কবুল কৰিছিল। তথাপিও সিহঁতৰ বহুতেই অন্ধ আৰু বধিৰ হৈছিল। আৰু সিহঁতে যি আমল কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
Verse 72
যিসকলে কয়, ‘মছিহ ইবনে মাৰইয়ামেই হৈছে আল্লাহ’, অৱশ্যে সিহঁতে কুফৰী কৰিছে। অথচ মছিহে কৈছে, ‘হে ইছৰাঈলৰ সন্তানসকল! তোমালোকে সেই আল্লাহৰ ইবাদত কৰা যিজন মোৰ ৰব আৰু তোমালোকৰো ৰব’। নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।
Verse 73
সিহঁতে অৱশ্যে কুফৰী কৰিছে- যিসকলে কয়, ‘আল্লাহ হৈছে তিনিৰ মাজত তৃতীয়’, অথচ এক আল্লাহৰ বাহিৰে আন কোনো ইলাহ নাই; আৰু সিহঁতে যি কয় তাৰ পৰা সিহঁতে বিৰত নাথাকিলে সিহঁতৰ মাজত যিসকলে কুফৰী কৰিছে, সিহঁতৰ ওপৰত অৱশ্যে কষ্টদায়ক শাস্তি আপতিত হ’ব।
Verse 74
কি হ’ল সিহঁতে আল্লাহৰ ফালে উভতি নাহিবনে আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰিবনে? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 75
মাৰইয়ামৰ পুত্ৰ মছীহ কেৱল এজন ৰাছুল। তেওঁৰ পূৰ্বে বহুতো ৰাছুল অতীত হৈছে আৰু তেওঁৰ মাক আছিল অত্যন্ত সত্যবাদী। তেওঁলোক দুজনেই খোৱা-বোৱা কৰিছিল। চোৱা, আমি সিহঁতৰ বাবে আয়াতসমূহ কেনেকৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰো, তথাপিও চোৱা, সিহঁত কেনেকৈ সত্যবিমুখ হয়।
Verse 76
কোৱা, তোমালোকে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো ক্ষতি বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে? আৰু আল্লাহেই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Verse 77
কোৱা, ‘হে কিতাবীসকল! তোমালোকে সত্যৰ বাহিৰে নিজ দ্বীনৰ বিষয়ে সীমালংঘন নকৰিবা আৰু ইয়াৰ পূৰ্বে যিবোৰ সম্প্ৰদায় পথভ্ৰষ্ট হৈছে আৰু বহুতকে পথভ্ৰষ্ট কৰিছে লগতে সৰল পথৰ পৰা বিচ্যুত হৈছে সিহঁতৰ অনুসৰণ নকৰিবা’।
Verse 78
বনী ইছৰাঈলৰ মাজত যিসকলে কুফৰী কৰিছিল সিহঁতে দাঊদ আৰু মাৰইয়ামৰ পুত্ৰ ঈছাৰ মুখত অভিশপ্ত হৈছিল। সেয়া এই কাৰণে যে, সিহঁত অবাধ্যতা কৰিছিল আৰু সিহঁতে সীমালংঘন কৰিছিল।
Verse 79
সিহঁতে ইজনে সিজনক বেয়া কামৰ পৰা নিষেধ কৰা নাছিল, সিহঁতে যি কৰিছে সেয়া কিমান যে নিকৃষ্ট!
Verse 80
সিহঁতৰ মাজৰ বহুতকে তুমি কাফিৰসকলৰ লগত বন্ধুত্ব কৰোঁতে দেখিবা। সিহঁতৰ অন্তৰে সিহঁতৰ বাবে যি পেচ কৰিছে (সিহঁতে কৰা কামসমূহ) সেয়া কিমান যে নিকৃষ্ট! সেই কাৰণে আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁত শাস্তিতেই স্থায়ী হ’ব।
Verse 81
আৰু সিহঁতে আল্লাহ আৰু নবীৰ প্ৰতি লগতে তেওঁৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিলেহেঁতেন, কিন্তু সিহঁতৰ বেছিভাগেই ফাছিক্ব।
Verse 82
তুমি অৱশ্যে মুমিনসকলৰ বাবে মানুহৰ মাজত শত্ৰুতাত অধিক কঠোৰ পাবা ইয়াহুদীসকলক আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক। আৰু মুমিনসকলৰ বাবে বন্ধুত্বৰ দিশত আটাইতকৈ ওচৰত পাবা সেইসকল লোকক যিসকলে কয়, ‘আমি নাছাৰা’, এয়া এই কাৰণে যে, সিহঁতৰ মাজত বহুতো পণ্ডিত আৰু সংসাৰবিৰাগী আছে আৰু সিহঁতে নিশ্চয় অহংকাৰ নকৰে।
Verse 83
আৰু ৰাছুলৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া যেতিয়া সিহঁতে শুনে, তেতিয়া সিহঁতে যি সত্য উপলব্ধি কৰে তাৰ বাবে তুমি সিহঁতৰ চকু অশ্ৰু বিগলিত দেখিবা। সিহঁতে কয়, ‘হে আমাৰ ৰব! আমি ঈমান আনিছো, সেয়ে তুমি আমাক সাক্ষ্য দানকাৰীসকলৰ তালিকাভুক্ত কৰা’।
Verse 84
‘আৰু আমাৰ কি হৈছে, আমি কিয় আল্লাহৰ প্ৰতি আৰু যি সত্য আমাৰ ওচৰত আহিছে তাৰ প্ৰতি বিশ্বাস স্থাপন নকৰিম? অথচ আমি প্ৰত্যাশা কৰো যে, আমাৰ প্ৰতিপালকে আমাক পূণ্যবান সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত কৰিব’।
Verse 85
সেয়ে সিহঁতৰ এই কথাৰ কাৰণে আল্লাহে সিহঁতৰ বাবে পুৰষ্কাৰ নিৰ্দিষ্ট কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত স্থায়ী হ’ব; আৰু এইটো মুহছীনসকলৰ পুৰষ্কাৰ।
Verse 86
আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতেই জাহান্নামী।
Verse 87
হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে উৎকৃষ্ট যিবোৰ বস্তু হালাল কৰিছে সেইবোৰক তোমালোকে হাৰাম নকৰিবা আৰু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক পছন্দ নকৰে।
Verse 88
আৰু আল্লাহে তোমালোকক যি হালাল আৰু উৎকৃষ্ট জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।
তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকৰ দোষ নধৰিব, কিন্তু যিবোৰ শপত তোমালোকে ইচ্ছাকৃতভাৱে কৰা সেইবোৰৰ বাবে তেওঁ তোমালোকৰ দোষ ধৰিব। এতেকে ইয়াৰ কাফফাৰা হৈছে, দহজন মিছকীনক মধ্যম ধৰণৰ খাদ্য প্ৰদান কৰা যিবোৰ তোমালোকে নিজ পৰিয়ালত খোৱা, অথবা সিহঁতক বস্ত্ৰ দান কৰিবা নাইবা এজন দাস মুক্ত কৰিবা। যাৰ সামৰ্থ নাই সি তিনি দিন ছিয়াম পালন কৰিব। তোমালোকে শপত কৰিলে এইটোৱে তোমালোকৰ শপতৰ কাফফাৰা। তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বৰ্ণনা কৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
Verse 90
হে মুমিনসকল! মদ, জুৱা, মূৰ্তিপূজাৰ বেদী আৰু ভাগ্য নিৰ্ণয় কৰা তীৰ এইবোৰ কেৱল ঘৃণাৰ বস্তু, চয়তানৰ কাম। সেয়ে তোমালোকে এইবোৰ বৰ্জন কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।
Verse 91
চয়তানে তোমালোকৰ মাজত মদ আৰু জুৱাৰ দ্বাৰা শত্ৰুতা ও বিদ্বেষ সঞ্চাৰ কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৰণত লগতে ছালাতত বাধা প্ৰদান কৰিব বিচাৰে। তথাপিও তোমালোকে বিৰত নেথাকিবানে?
Verse 92
আৰু তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে সাৱধানতা অৱলম্বন কৰা; তথাপিও যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা যে, আমাৰ ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে প্ৰচাৰ কৰা।
Verse 93
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নাই, যদি তেওঁলোকে তাক্বৱা অৱলম্বন কৰে, ঈমান আনে আৰু সৎকৰ্ম কৰে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ঈমান আনে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ইহছান কৰে। তেন্তে (জানি থোৱা) আল্লাহে মুহছীনসকলক পছন্দ কৰে।
Verse 94
হে ঈমান্দাৰসকল! আল্লাহে তোমালোকক অৱশ্যে পৰীক্ষা কৰিব চিকাৰৰ এনেকুৱা বস্তুৰ দ্বাৰা যিবোৰ তোমালোকৰ হাতৰ আৰু বল্লমৰ আওতাত থাকে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে তেওঁক নেদেখাকৈয়ে ভয় পায়। সেয়ে ইয়াৰ পিছতো কোনোবাই সীমালংঘন কৰিলে তাৰ বাবে কষ্টদায়ক শাস্তি আছে।
হে ঈমান্দাৰসকল! তোমালোকে ইহৰামত থকা অৱস্থাত চিকাৰ (জন্তু) হত্যা নকৰিবা, আৰু যদি তোমালোকৰ মাজত কোনোবাই সেয়া ইচ্ছাকৃতভাৱে হত্যা কৰে তেন্তে সি যিটো হত্যা কৰিছে তাৰ বিনিময় হৈছে অনুৰূপ গৃহপালিত জন্তু, যাৰ ফয়চালা কৰিব তোমালোকৰ মাজৰ দুজন ন্যায়বিচাৰক লোকে- কুৰবানীৰ জন্তু হিচাপে কা’বালৈ পৌঁচাব লাগিব নাইবা ইয়াৰ কাফফাৰা হ’ব দৰিদ্ৰক খাদ্য দান কৰা অথবা সেই অনুপাতে ছিয়াম পালন কৰা, যাতে সি নিজ কৃতকৰ্মৰ ফল ভোগ কৰিব পাৰে। আগতে যি হৈছে আল্লাহে সেয়া ক্ষমা কৰিছে। কিন্তু কোনোবাই যদি সেয়া আকৌ কৰে তেন্তে আল্লাহে তাৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
Verse 96
তোমালোকৰ বাবে সাগৰৰ চিকাৰ আৰু সেয়া ভক্ষণ কৰা হালাল কৰা হৈছে, তোমালোকৰ আৰু পৰ্যটকসকলৰ ভোগৰ বাবে। তোমালোকে যেতিয়ালৈকে ইহৰামত থাকিবা তেতিয়ালৈকে তোমালোকৰ বাবে স্থলৰ চিকাৰ কৰা হাৰাম; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব।
Verse 97
আল্লাহে পৱিত্ৰ কাবা ঘৰক, পৱিত্ৰ মাহক, হাদঈ আৰু গলাৱদ্ধ জন্তুকো মানুহৰ কল্যাণৰ বাবে নিৰ্ধাৰিত কৰিছে। এইটো এই বাবে যে, যাতে তোমালোকে জানিব পাৰা, নিশ্চয় আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সেয়া জানে আৰু নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
Verse 98
জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ, আৰু আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
Verse 99
ৰাছুলৰ দায়িত্ব কেৱল প্ৰচাৰ কৰা; আৰু তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।
Verse 100
কোৱা, অপৱিত্ৰ আৰু পৱিত্ৰ সমান নহয়, যদিও অপৱিত্ৰৰ আধিক্য তোমাক মুগ্ধ কৰে। সেয়ে, হে বোধসম্পন্ন ব্যক্তিসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।
Verse 101
হে মুমিনসকল! তোমালোকে এনে কোনো বিষয়ে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে সেয়া তোমালোকক কষ্ট দিব। আৰু কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত তোমালোকে যদি তেনেকুৱা কোনো প্ৰশ্ন কৰা তেন্তে সেয়া তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’ব। আল্লাহে সেইবোৰ ক্ষমা কৰিছে আৰু আল্লাহ ক্ষমাশীল, সহনশীল।
Verse 102
তোমালোকৰ আগতেও এটা সম্প্ৰদায়ে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল; তাৰ পিছত সিহঁতে ইয়াৰ কাৰণে কাফিৰ হৈ গৈছিল।
Verse 103
বাহীৰাহ, ছায়েবাহ, অছীলাহ আৰু হাম আল্লাহে প্ৰৱৰ্তন কৰা নাই; কিন্তু কাফিৰসকলে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰে আৰু সিহঁতৰ অধিকাংশই নুবুজে।
Verse 104
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেইপিনে আৰু ৰাছুলৰ পিনে আহা’, তেতিয়া সিহঁতে কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছো সেইটোৱেই আমাৰ বাবে যথেষ্ট’। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎপথ প্ৰাপ্তও নাছিল, (তথাপিও অনুসৰণ কৰিবনে?)
Verse 105
হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। আল্লাহৰ পিনেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, তাৰ পিছত তোমালোকে যি কৰিছিলা সেই সম্বন্ধে তেওঁ তোমালোকক অৱহিত কৰিব।
হে মুমিনসকল! তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া অছিয়ত কৰাৰ সময়ত তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; অথবা যদি তোমালোক ভ্ৰমণত থাকোতে তোমালোকক মৃত্যুৰ বিপদ আহি ধৰে তেন্তে আন মানুহৰ (অমুছলিমসকলৰ) পৰা দুজন মানুহক সাক্ষী মনোনীত কৰিবা। যদি তোমালোকৰ সন্দেহ হয় তেন্তে উভয়কে ছালাতৰ পিছত অপেক্ষাত ৰাখিবা। তাৰ পিছত সিহঁতে আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমি ইয়াৰ বিনিময়ত কোনো মূল্য গ্ৰহণ নকৰিম যদিও সি আমাৰ কোনো আত্মীয়ই নহওঁক কিয় আৰু আমি আল্লাহৰ সাক্ষী গোপন নকৰিম, (যদি আমি এনেকুৱা কৰো তেন্তে) নিশ্চয় আমি পাপিষ্ঠসকলৰ অন্তৰ্ভূক্ত হম’।
Verse 107
কিন্তু যদি এইটো প্ৰকাশ হয় যে, সিহঁত দুজন অপৰাধত লিপ্ত হৈছে তেন্তে যিসকলৰ স্বাৰ্থহানী হৈছে সিহঁতৰ মাজৰ পৰা নিকটতম দুজন সিহঁত দুজনৰ স্থলাভিষিক্ত হ’ব আৰু আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমাৰ সাক্ষ্য অৱশ্যে সিহঁতৰ সাক্ষ্যৰ পৰা অধিক সত্য আৰু আমি সীমালংঘন কৰা নাই, (আৰু যদি আমি এনেকুৱা কৰি থাকো তেন্তে) অৱশ্যে আমি যালিমসকলৰ অন্তৰ্ভূক্ত হম’।
Verse 108
এই পদ্ধতিয়েই অতি নিকটতম যে, সিহঁতে সাক্ষ্য সঠিকভাৱে উপস্থাপন কৰিব অথবা সিহঁতে (মিছা সাক্ষ্য প্ৰদানকাৰীসকলে) ভয় কৰিব যে, সিহঁতৰ (নিকটাত্মীসকলৰ) শপতৰ পিছত (পূৰ্বোক্ত) শপত প্ৰত্যাখ্যান কৰা হ’ব। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু শুনা, আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নকৰে।
Verse 109
(স্মৰণ কৰা) যিদিনা আল্লাহে ৰাছুলসকলক একত্ৰিত কৰিব আৰু সুধিব, ‘তোমালোকক কি উত্তৰ দিয়া হৈছিল’? তেওঁলোকে ক’ব, ‘এই বিষয়ে আমাৰ কোনো জ্ঞান নাই, তুমিয়েইতো গায়েব সম্পৰ্কে সৰ্বজ্ঞানী’।
স্মৰণ কৰা, যেতিয়া আল্লাহে ক’ব, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতি আৰু তোমাৰ মাকৰ প্ৰতি মোৰ নিয়ামত স্মৰণ কৰা, যেতিয়া ৰুহুল কুদুছ প্ৰদান কৰি মই তোমাক শক্তিশালী কৰিছিলো আৰু তুমি দোলনাত থকা অৱস্থাত লগতে পৰিণত বয়সতো মানুহৰ লগত কথা ক’ব পাৰিছিলা, তোমাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীল শিক্ষা দিছিলো, তুমি বোকা মাটিৰে মোৰ অনুমতিক্ৰমত চৰাইৰ দৰে আকৃতি গঠণ কৰিছিলা আৰু তাত ফুঁ মাৰিছিলা, ফলত মোৰ অনুমতিক্ৰমে সেইটো চৰাই হৈ গৈছিল, জন্মান্ধ আৰু কুষ্ঠ ৰোগীসকলক তুমি মোৰ অনুমতিক্ৰমে নিৰাময় কৰিছিলা আৰু তুমি মোৰ অনুমতিক্ৰমে মৃতক জীৱিত কৰিছিলা, আৰু স্মৰণ কৰা, যেতিয়া মই তোমাৰ পৰা বনী ইছৰাঈলক বিৰত ৰাখিছিলো, যেতিয়া তুমি সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিলা তেতিয়া সিহঁতৰ মাজত যিসকলে কুফৰী কৰিছিল সিহঁতে কৈছিল, ‘এয়া স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।
Verse 111
আৰু স্মৰণ কৰা, যেতিয়া মই হাৱাৰীসকলৰ মনত ইলহাম কৰিছিলো যে, ‘তোমালোকে মোৰ প্ৰতি আৰু মোৰ ৰাছুলৰ প্ৰতি ঈমান আনা’, সিহঁতে কৈছিল, ‘আমি ঈমান আনিলো আৰু তুমি সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।
Verse 112
স্মৰণ কৰা, যেতিয়া হাৱাৰীসকলে কৈছিল, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতিপালকে আমালৈ আকাশৰ পৰা খাদ্য বস্তুৰে ভৰা দস্তৰখান প্ৰেৰণ কৰিবলৈ সক্ষমনে? তেওঁ কৈছিল, ‘আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যদি তোমালোকে মুমিন হোৱা’।
Verse 113
সিহঁতে কৈছিল, ‘আমি তাৰ পৰা খাব বিচাৰো আৰু আমাৰ হৃদয়ে প্ৰশান্তি লাভ কৰিব, আৰু যাতে আমি জানিব পাৰো যে, তুমি কোৱা কথাবোৰ সত্য আৰু আমি এই বিষয়ে সাক্ষী হ’ব বিচাৰো’।
Verse 114
মাৰইয়ামৰ পুত্ৰ ঈছাই ক’লে, ‘হে আল্লাহ (তুমি) আমাৰ ৰব! আমাৰ বাবে আকাশৰ পৰা দস্তৰখান অৱতীৰ্ণ কৰা; এইটো আমাৰ আৰু আমাৰ পূৰ্বৱৰ্তী লগতে পৰবৰ্তী সকলোৰে বাবে হ’ব আনন্দোৎসৱ স্বৰূপ আৰু এয়া হ'ব তোমাৰ ফালৰ পৰা এটা নিদৰ্শন। আমাক জীৱিকা দান কৰা, তুমিয়েইতো শ্ৰেষ্ঠ জীৱিকাদাতা’।
Verse 115
আল্লাহে ক’লে, ‘নিশ্চয় মই তোমালোকৰ ওচৰত সেয়া অৱতীৰ্ণ কৰিম, কিন্তু ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰা কোনোবাই কুফৰী কৰিলে তাক মই এনেকুৱা শাস্তি বিহিম যিটো শাস্তি সৃষ্টিজগতৰ আন কাকো নিদিওঁ’।
আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানা, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’।
Verse 117
‘তুমি মোক যি আদেশ কৰিছিলা তাৰ বাহিৰে মই সিহঁতক একো কোৱা নাই, সেয়া হৈছে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা যিজন মোৰ ৰব আৰু তোমালোকৰো ৰব; আৰু যিমান দিনলৈকে মই সিহঁতৰ মাজত আছিলো সিমান দিনলৈকে মই সিহঁতৰ কাৰ্যকৰ্মৰ সাক্ষী আছিলো, কিন্তু যেতিয়া তুমি মোক উঠাই আনিলা তেতিয়া তুমিয়েইতো আছিলা সিহঁতৰ কৃতকৰ্মৰ তত্ত্বাৱধায়ক আৰু তুমিয়েই সকলো বস্তুৰ পৰ্যবেক্ষক।
Verse 118
যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁততো তোমাৰেই বান্দা, আৰু যদি সিহঁতক ক্ষমা কৰি দিয়া তেন্তে তুমিতো মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 119
আল্লাহে ক’ব, ‘এইটোৱে সেই দিন, যিদিনা সত্যবাদীসকলে সিহঁতৰ সত্যৰ বাবে উপকৃত হ’ব, সিহঁতৰ বাবে আছে জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত। সিহঁতে তাত চিৰস্থায়ী হ’ব, আল্লাহ সিহঁতৰ প্ৰতি সন্তুষ্ট আৰু সিহঁতেও আল্লাহৰ প্ৰতি সন্তুষ্ট, এইটোৱেই মহাসফলতা।
Verse 120
আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰ মাজত যি আছে সেই সকলোৰে ৰাজত্ব আল্লাহৰেই আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
تقدم القراءة