ﯥ
                    ترجمة معاني سورة الواقعة
 باللغة الأسامية من كتاب الترجمة الأسامية
            .
            
    
                                    من تأليف: 
                                             الشيخ رفيق الإسلام حبيب الرحمن
                                                            .
                                                
            ﰡ
যেতিয়া কিয়ামত সংঘটিত হ’ব,
                                                                        (তেতিয়া) ইয়াৰ সংঘটনৰ অস্বীকাৰকাৰী কোনো নাথাকিব।
                                                                        
                                                                                                                
                                    ﮋﮌ
                                    ﰂ
                                                                        
                    ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;
                                                                        যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,
                                                                        আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,
                                                                        ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;
                                                                        আৰু তোমালোকে বিভক্ত হৈ পৰিবা তিনিটা দলত----
                                                                        এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যবান!
                                                                        আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!
                                                                        
                                                                                                                
                                    ﮫﮬ
                                    ﰉ
                                                                        
                    আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,
                                                                        
                                                                                                                
                                    ﮮﮯ
                                    ﰊ
                                                                        
                    তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--
                                                                        তেওঁলোক থাকিব নিয়ামতপূৰ্ণ জান্নাতসমূহত;
                                                                        বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
                                                                        আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
                                                                        সোণেৰে নিৰ্মিত আসনমূহত,
                                                                        সিহঁতে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
                                                                        সিহঁতৰ আশে-পাশে ঘুৰিফুৰিব চিৰ কিশোৰসকলে,
                                                                        প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,
                                                                        সেই সুৰা পান কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--
                                                                        আৰু (ঘুৰিফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,
                                                                        আৰু তেওঁলোকৰ ৰুচী অনুযায়ী চৰাইৰ মাংস লৈ।
                                                                        
                                                                                                                
                                    ﭫﭬ
                                    ﰕ
                                                                        
                    আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ, 
                                                                        যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,
                                                                        সিহঁতে যি আমল কৰিছিল তাৰ পুৰষ্কাৰস্বৰূপ।
                                                                        তাত সিহঁতে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,
                                                                        শুনিব কেৱল ছালাম আৰু ছালাম।
                                                                        আৰু সোঁফালৰ দল; কিমান যে ভাগ্যবান সোঁফালৰ দলটো!
                                                                        তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,
                                                                        
                                                                                                                
                                    ﮍﮎ
                                    ﰜ
                                                                        
                    আৰু থোকেৰে ভৰা কল গছ,
                                                                        
                                                                                                                
                                    ﮐﮑ
                                    ﰝ
                                                                        
                    আৰু সম্প্ৰসাৰিত ছাঁ,
                                                                        
                                                                                                                
                                    ﮓﮔ
                                    ﰞ
                                                                        
                    আৰু সদায় প্ৰবাহমান পানী,
                                                                        
                                                                                                                
                                    ﮖﮗ
                                    ﰟ
                                                                        
                    আৰু প্ৰচুৰ ফল-মূল,
                                                                        যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
                                                                        
                                                                                                                
                                    ﮞﮟ
                                    ﰡ
                                                                        
                    আৰু (সিহঁত থাকিব) সুউচ্চ শয্যাসমূহত;
                                                                        নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছো বিশেষৰূপত---
                                                                        
                                                                                                                
                                    ﮥﮦ
                                    ﰣ
                                                                        
                    তাৰ পিছত সিহঁতক কুমাৰী বনাইছো,
                                                                        
                                                                                                                
                                    ﮨﮩ
                                    ﰤ
                                                                        
                    নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,
                                                                        
                                                                                                                
                                    ﮫﮬ
                                    ﰥ
                                                                        
                    সোঁফালৰ লোকসকলৰ বাবে।
                                                                        সিহঁতৰ বেছিভাগেই হ'ব পূৰ্বৱৰ্তীলোকসলৰ মাজৰ পৰা,
                                                                        আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
                                                                        আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!
                                                                        সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,
                                                                        আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,
                                                                        যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
                                                                        নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,
                                                                        আৰু সিহঁত অবিৰাম লিপ্ত আছিল জঘন্য পাপ কামত।
                                                                        আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৰি মাটি আৰু হাড়ত পৰিণত হম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?
                                                                        
                                                                                                                
                                    ﰀﰁ
                                    ﰯ
                                                                        
                    আৰু আমাৰ পিতৃপুৰুষসকলকো (উঠোৱা হ’বনে)?
                                                                        কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--
                                                                        সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
                                                                        তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!
                                                                        নিশ্চয় আহাৰ কৰিবা যাক্কুম গছৰ পৰা,
                                                                        সেইটোৰেই তোমালোকে পেট ভৰাবা,
                                                                        তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---
                                                                        তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
                                                                        প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
                                                                        আমিয়েই তোমালোকক সৃষ্টি কৰিছো; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?
                                                                        তোমালোকে ভাবিছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?
                                                                        সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো?
                                                                        আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছো আৰু আমি অক্ষম নহওঁ--
                                                                        তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
                                                                        আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?
                                                                        তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?
                                                                        সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰো?
                                                                        আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰো, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;
                                                                        
                                                                                                                
                                    ﮨﮩ
                                    ﱁ
                                                                        
                    (এই বুলি) ‘নিশ্চয় আমি দায়গ্ৰস্ত হৈ পৰিলো’,
                                                                        ‘বৰং আমি বঞ্চিত হৈছো’।
                                                                        তোমালোকে যি পানী পান কৰা সেই সম্পৰ্কে কোৱাচোন,
                                                                        মেঘৰ পৰা সেইটো তোমালোকে নমাই আনা, নে আমি সেইটো বৰ্ষণ কৰো?
                                                                        আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰো। তথাপিও কিয় তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা?
                                                                        তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে কোৱাচোন,
                                                                        তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো?
                                                                        ইয়াক আমি কৰিছো এটা স্মাৰক আৰু মৰুভুমিতবাস কৰা লোকৰ প্ৰয়োজনীয় বস্তু।
                                                                        এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
                                                                        এতেকে মই শপত কৰিছো নক্ষত্ৰৰাজিৰ অস্তাচলৰ,
                                                                        আৰু নিশ্চয় এইটো এটা মহাশপত, যদি তোমালোকে জানিলাহেঁতেন-- 
                                                                        নিশ্চয় এইটো মহিমান্বিত কোৰআন,
                                                                        যিটো আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
                                                                        পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
                                                                        এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ পৰা অৱতীৰ্ণ।
                                                                        তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?
                                                                        আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা!
                                                                        এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,
                                                                        আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,
                                                                        আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকো, কিন্তু তোমালোকে দেখা নোপোৱা।
                                                                        এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,
                                                                        তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘুৰাই নান কিয়? যদি তোমালোকে সত্যবাদী!
                                                                        তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,
                                                                        তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
                                                                        আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,
                                                                        তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
                                                                        কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,
                                                                        তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,
                                                                        
                                                                                                                
                                    ﮬﮭ
                                    ﱝ
                                                                        
                    আৰু জাহান্নামৰ দহনেৰে;
                                                                        নিশ্চয় এইটো সুনিশ্চিত সত্য।
                                                                        এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।