سورة الواقعة

الترجمة الأسامية

الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الواقعة ৰ অনুবাদ

الترجمة الأسامية

Verse 1
যেতিয়া কিয়ামত সংঘটিত হ’ব,
Verse 2
(তেতিয়া) ইয়াৰ সংঘটনৰ অস্বীকাৰকাৰী কোনো নাথাকিব।
Verse 3
ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;
Verse 4
যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,
Verse 5
আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,
Verse 6
ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;
Verse 7
আৰু তোমালোকে বিভক্ত হৈ পৰিবা তিনিটা দলত----
এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যবান!
আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!
Verse 10
আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,
Verse 11
তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--
Verse 12
তেওঁলোক থাকিব নিয়ামতপূৰ্ণ জান্নাতসমূহত;
Verse 13
বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
Verse 14
আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
Verse 15
সোণেৰে নিৰ্মিত আসনমূহত,
Verse 16
সিহঁতে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
Verse 17
সিহঁতৰ আশে-পাশে ঘুৰিফুৰিব চিৰ কিশোৰসকলে,
প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,
সেই সুৰা পান কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--
Verse 20
আৰু (ঘুৰিফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,
Verse 21
আৰু তেওঁলোকৰ ৰুচী অনুযায়ী চৰাইৰ মাংস লৈ।
Verse 22
আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,
Verse 23
যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,
Verse 24
সিহঁতে যি আমল কৰিছিল তাৰ পুৰষ্কাৰস্বৰূপ।
তাত সিহঁতে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,
Verse 26
শুনিব কেৱল ছালাম আৰু ছালাম।
আৰু সোঁফালৰ দল; কিমান যে ভাগ্যবান সোঁফালৰ দলটো!
Verse 28
তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,
Verse 29
আৰু থোকেৰে ভৰা কল গছ,
Verse 30
আৰু সম্প্ৰসাৰিত ছাঁ,
Verse 31
আৰু সদায় প্ৰবাহমান পানী,
Verse 32
আৰু প্ৰচুৰ ফল-মূল,
Verse 33
যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
Verse 34
আৰু (সিহঁত থাকিব) সুউচ্চ শয্যাসমূহত;
Verse 35
নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছো বিশেষৰূপত---
Verse 36
তাৰ পিছত সিহঁতক কুমাৰী বনাইছো,
Verse 37
নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,
Verse 38
সোঁফালৰ লোকসকলৰ বাবে।
Verse 39
সিহঁতৰ বেছিভাগেই হ'ব পূৰ্বৱৰ্তীলোকসলৰ মাজৰ পৰা,
Verse 40
আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!
Verse 42
সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,
Verse 43
আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,
Verse 44
যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,
আৰু সিহঁত অবিৰাম লিপ্ত আছিল জঘন্য পাপ কামত।
আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৰি মাটি আৰু হাড়ত পৰিণত হম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?
Verse 48
আৰু আমাৰ পিতৃপুৰুষসকলকো (উঠোৱা হ’বনে)?
Verse 49
কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--
সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!
নিশ্চয় আহাৰ কৰিবা যাক্কুম গছৰ পৰা,
Verse 53
সেইটোৰেই তোমালোকে পেট ভৰাবা,
Verse 54
তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---
Verse 55
তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
Verse 56
প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
Verse 57
আমিয়েই তোমালোকক সৃষ্টি কৰিছো; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?
Verse 58
তোমালোকে ভাবিছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?
সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো?
আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছো আৰু আমি অক্ষম নহওঁ--
তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?
Verse 63
তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?
সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰো?
আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰো, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;
Verse 66
(এই বুলি) ‘নিশ্চয় আমি দায়গ্ৰস্ত হৈ পৰিলো’,
Verse 67
‘বৰং আমি বঞ্চিত হৈছো’।
Verse 68
তোমালোকে যি পানী পান কৰা সেই সম্পৰ্কে কোৱাচোন,
মেঘৰ পৰা সেইটো তোমালোকে নমাই আনা, নে আমি সেইটো বৰ্ষণ কৰো?
আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰো। তথাপিও কিয় তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা?
Verse 71
তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে কোৱাচোন,
তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো?
ইয়াক আমি কৰিছো এটা স্মাৰক আৰু মৰুভুমিতবাস কৰা লোকৰ প্ৰয়োজনীয় বস্তু।
Verse 74
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
এতেকে মই শপত কৰিছো নক্ষত্ৰৰাজিৰ অস্তাচলৰ,
আৰু নিশ্চয় এইটো এটা মহাশপত, যদি তোমালোকে জানিলাহেঁতেন--
Verse 77
নিশ্চয় এইটো মহিমান্বিত কোৰআন,
Verse 78
যিটো আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
Verse 79
পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
Verse 80
এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ পৰা অৱতীৰ্ণ।
Verse 81
তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?
Verse 82
আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা!
Verse 83
এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,
Verse 84
আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,
আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকো, কিন্তু তোমালোকে দেখা নোপোৱা।
এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,
Verse 87
তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘুৰাই নান কিয়? যদি তোমালোকে সত্যবাদী!
তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,
Verse 89
তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,
Verse 93
তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,
Verse 94
আৰু জাহান্নামৰ দহনেৰে;
নিশ্চয় এইটো সুনিশ্চিত সত্য।
Verse 96
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
تقدم القراءة