الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الزخرف ৰ অনুবাদ
Verse 1
ﮀ
ﮁ
হা-মীম।
Verse 2
ﮂﮃ
ﮄ
শপত সুস্পষ্ট কিতাবৰ!
Verse 3
ﮅﮆﮇﮈﮉﮊ
ﮋ
নিশ্চয় আমি ইয়াক আৰবী (ভাষাত) কোৰআন (ৰূপে অৱতীৰ্ণ) কৰিছো, যাতে তোমালোকে বুজিব পাৰা।
Verse 4
নিশ্চয় ই আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।
Verse 5
তোমালোকে সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশ বাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিমনে?
Verse 6
ﮝﮞﮟﮠﮡﮢ
ﮣ
আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰত আমি বহুতো নবী প্ৰেৰণ কৰিছিলো।
Verse 7
আৰু যেতিয়াই সিহঁতৰ ওচৰত কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছে।
Verse 8
ফলত যিসকল ইহঁততকৈয়ো শক্তিত প্ৰবল আছিল সিহঁতকো আমি ধ্বংস কৰিছিলো, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।
Verse 9
আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে, তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘এইবোৰ সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ’,
Verse 10
তেৱেঁই পৃথিৱীক তোমালোকৰ বাবে শয্যা কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে, যাতে তোমালোকে সঠিক পথ পাব পাৰা;
Verse 11
আৰু তেৱেঁই আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰো নিৰ্জীৱ জনপদক। এইদৰেই তোমালোকক (পুনৰ্জীৱিত কৰি) উলিয়াই আনা হ’ব।
Verse 12
আৰু তেৱেঁই সকলোকে যোৰা যোৰা সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে এনেকুৱা নৌযান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যিবোৰত তোমালোকে আৰোহণ কৰা;
Verse 13
যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা, তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা, আৰু কবা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সমৰ্থ নাছিলো।
Verse 14
ﮀﮁﮂﮃ
ﮄ
‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।
Verse 15
আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰা তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।
Verse 16
তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ (নিজৰ বাবে) কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি?
Verse 17
অথচ যেতিয়া সিহঁতৰ কাৰোবাক সুসংবাদ দিয়া হয় (কন্যা সন্তান জন্ম হোৱা বুলি), যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়, তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে।
Verse 18
(সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি) যিবিলাক অলংকাৰেৰে লালিত-পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম?
Verse 19
আৰু সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী বুলি গণ্য কৰিছে; তেওঁলোকৰ সৃষ্টি সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য অৱশ্যে লিপিবদ্ধ কৰা হ’ব আৰু সিহঁতক সোধ-পোছ কৰা হ’ব।
Verse 20
সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনেসজা কথাহে কয়।
Verse 21
আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছো নেকি, যিটো সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে?
Verse 22
বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছো আৰু নিশ্চয় আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰি হিদায়তপ্ৰাপ্ত হম’।
Verse 23
আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছো তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় বিলাকে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।
Verse 24
তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, ‘তোমালোকে তোমালোকৰ পিতৃ-পুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতোকৈ উৎকৃষ্ট পথ লৈ আহোঁ তথাপিও (তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে)’? সিহঁতে কৈছে, ‘নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’।
Verse 25
ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লো। এতেকে চোৱা, অস্বীকাৰকাৰী বিলাকৰ পৰিণাম কেনেকুৱা হৈছিল!
Verse 26
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত।
Verse 27
ﮋﮌﮍﮎﮏ
ﮐ
‘কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে। এতেকে নিশ্চয় তেওঁ অতিশীঘ্ৰে মোক সৎপথত পৰিচালিত কৰিব’।
Verse 28
আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে তেওঁৰ উত্তৰসূৰীসকলৰ মাজত, যাতে সিহঁতে উভতি আহে।
Verse 29
বৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলো, অৱশেষত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল।
Verse 30
আৰু যেতিয়া সত্য সিহঁতৰ ওচৰত আহি পালে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখুন যাদু আৰু নিশ্চয় আমি ইয়াক প্ৰত্যাখ্যান কৰো’।
Verse 31
সিহঁতে আৰু ক’লে, ‘এই কোৰআন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’?
Verse 32
সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বন্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ যাতে ইজনে সিজনক অধিনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতোকৈ উৎকৃষ্ট।
Verse 33
যদি সকলো মানুহ একেটা মতালম্বী হোৱাৰ আশংকা নাথাকিলেহেঁতেন, তেন্তে যিসকলে ৰহমানৰ লগত কুফৰী কৰে, সিহঁতক আমি সিহঁতৰ ঘৰৰ বাবে ৰৌপ্য-নিৰ্মিত চাদ আৰু খটখটী দিলোহেঁতেন যাতে সিহঁতে আৰোহণ কৰে,
Verse 34
ﭑﭒﭓﭔﭕ
ﭖ
আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য’ত সিহঁতে আউজি বহে,
Verse 35
আৰু (অনুৰূপ দিলোহেঁতেন) সোণৰ নিৰ্মিতও; আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আৰু তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত কেৱল মুত্তাক্বীসকলৰ বাবেহে।
Verse 36
আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয় আমি তাৰ বাবে নিয়োজিত কৰো এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।
Verse 37
নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহ বিলাকে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাৱে।
Verse 38
অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহিব, তেতিয়া সি চয়তানক ক’ব, ‘হায়! মোৰ আৰু তোমাৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলেহেঁতেন!’ এতেকে এই সহচৰ কিমান যে নিকৃষ্ট!
Verse 39
আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে অন্যায় কৰিছিলা; নিশ্চয় তোমালোক আটায়ে শাস্তিত অংশীদাৰ।
Verse 40
তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক হিদায়ত দিব পাৰিবানে?
Verse 41
ﮜﮝﮞﮟﮠﮡ
ﮢ
এতেকে যদি আমি তোমাক লৈ যাওঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ লম;
Verse 42
অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছো, সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় আমি সিহঁতৰ ওপৰত পূৰ্ণ ক্ষমতাবান।
Verse 43
এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে সেয়া দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
Verse 44
নিশ্চয় এই কোৰআন তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।
Verse 45
সেয়ে তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকক সুধি চোৱা, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা এনে কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলো নেকি?
Verse 46
অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰআউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰত প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালকৰ এজন ৰাছুল’।
Verse 47
এতেকে যেতিয়া তেওঁ সিহঁতৰ ওচৰত আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ’ল তেতিয়া সিহঁতে সেয়া লৈ উপহাস কৰিবলৈ ধৰিলে।
Verse 48
আমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছো সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ শ্ৰেষ্ঠ। আমি সিহঁতক শাস্তিৰ মাধ্যমত কৰায়ত্ত কৰিছিলো, যাতে সিহঁতে উভতি আহে।
Verse 49
সিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে তুমি সেয়া প্ৰাৰ্থনা কৰা যিটো তেওঁ তোমাৰ লগত অঙ্গীকাৰ কৰিছে, নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।
Verse 50
তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা শাস্তি আঁতৰাই নিলো, তেতিয়াই সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰিলে।
Verse 51
আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয় নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে দেখা পোৱা নাইনে?
Verse 52
‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয় নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈয়ো প্ৰায় অক্ষম!
Verse 53
‘তেন্তে তেওঁক (মুছাক) সোণৰ গামখাৰু প্ৰদান কৰা নহল কিয়, অথবা তেওঁৰ লগত ফিৰিস্তাসকল দলবদ্ধভাৱে নাহিল কিয়’?
Verse 54
এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথা মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।
Verse 55
ﮨﮩﮪﮫﮬﮭ
ﮮ
তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলো আৰু সিহঁত আটাইকে ডুবাই মাৰিলো।
Verse 56
ﮯﮰﮱﯓ
ﯔ
ফলত আমি সিহঁতক পৰবৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলো।
Verse 57
আৰু যেতিয়াই মাৰইয়াম-পুত্ৰৰ উদাহৰণ দিয়া হয়, তেতিয়াই তোমাৰ সম্প্ৰদায়ৰ লোকে চিয়ঁৰ-বাখৰ কৰি হুলস্থুল লগাই দিয়ে।
Verse 58
আৰু সিহঁতে কয়, ‘আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা’? সিহঁতে কেৱল বাক-বিতণ্ডাৰ উদ্দেশ্যেহে তোমাৰ সন্মুখত তেওঁৰ কথা দাঙি ধৰে। বৰং সিহঁত এটা কাজিয়া-প্ৰিয় সম্প্ৰদায়।
Verse 59
তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলো আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে দৃষ্টান্ত বনাইছিলো।
Verse 60
আৰু যদি আমি ইচ্ছা কৰিলোহেঁতেন, তেন্তে তোমালোকৰ পৰিবৰ্তে ফিৰিস্তা সৃষ্টি কৰিলোহেঁতেন, যিসকলে পৃথিৱীত উত্তৰাধিকাৰী হ’লেহেঁতেন।
Verse 61
আৰু নিশ্চয় ঈছা কিয়ামতৰ নিশ্চিত নিদৰ্শন; সেয়ে তোমালোকে কিয়ামত সম্পৰ্কে সন্দেহ পোষণ নকৰিবা। তোমালোকে কেৱল মোৰেই অনুসৰণ কৰা। এইটোৱেই সৰল পথ।
Verse 62
চয়তানে যেন তোমালোকক কেতিয়াও বাধা প্ৰদান কৰিব নোৱাৰে। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
Verse 63
আৰু যেতিয়া ঈছাই স্পষ্ট প্ৰমাণাদি লৈ আহিলে, তেতিয়া তেওঁ ক’লে, ‘অৱশ্যে মই তোমালোকৰ ওচৰত হিকমতসহ আহিছো আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছা সেইবোৰ স্পষ্ট কৰিবলৈ আহিছো। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
Verse 64
‘নিশ্চয় আল্লাহ, তেৱেঁই মোৰ ৰব আৰু তোমালোকৰো ৰব। এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা; এইটোৱেই সৰল পথ’।
Verse 65
তথাপিও সিহঁতৰ মাজৰ কিছুমান দলে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে যালিমসকলৰ বাবে যন্ত্ৰণাদায়ক দিনৰ শাস্তিৰ দুৰ্ভোগ!
Verse 66
সিহঁতে কেৱল সিহঁতৰ অজানিতে আকস্মিকভাৱে কিয়ামত অহাৰ অপেক্ষাত আছে।
Verse 67
সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে।
Verse 68
হে মোৰ বান্দাসকল! আজি তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা।
Verse 69
ﮭﮮﮯﮰﮱ
ﯓ
যিসকলে আমাৰ আয়াতৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁলোক আছিল মুছলিম,
Verse 70
ﯔﯕﯖﯗﯘ
ﯙ
তোমালোক আৰু তোমালোকৰ স্ত্ৰীসকল আনন্দচিত্তে জান্নাতত প্ৰৱেশ কৰা।
Verse 71
সোণৰ থাল আৰু পানপাত্ৰ লৈ তেওঁলোকক প্ৰদক্ষিণ কৰা হ’ব, তাত মনে যি বিচাৰে আৰু যিটোৰে চকু তৃপ্ত হয় সেই সকলো থাকিব, আৰু তাত তোমালোকে স্থায়ী হ’বা।
Verse 72
এইটোৱেই জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, তোমালোকৰ আমলৰ ফলস্বৰূপে।
Verse 73
ﯴﯵﯶﯷﯸﯹ
ﯺ
তাত তোমালোকৰ বাবে আছে প্ৰচুৰ ফলমূল, তাৰ পৰা তোমালোকে খাবা।
Verse 74
ﭑﭒﭓﭔﭕﭖ
ﭗ
নিশ্চয় অপৰাধীবিলাক জাহান্নামৰ শাস্তিত স্থায়ী হ’ব;
Verse 75
ﭘﭙﭚﭛﭜﭝ
ﭞ
সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতে তাত হতাশ হৈ পৰিব।
Verse 76
ﭟﭠﭡﭢﭣﭤ
ﭥ
আৰু আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলো, কিন্তু সিহঁত নিজেই আছিল যালিম।
Verse 77
সিহঁতে চিয়ঁৰি চিয়ঁৰি ক’ব, ‘হে মালিক! তোমাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে থাকিব লাগিব’।
Verse 78
আল্লাহে ক’ব, ‘অৱশ্যে আমি তোমালোকৰ ওচৰত সত্য লৈ আহিছিলো, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।
Verse 79
ﭸﭹﭺﭻﭼ
ﭽ
সিহঁতে কোনো বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? নিশ্চয় আমিহে চূড়ান্ত সিদ্ধান্তকাৰী।
Verse 80
অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু মন্ত্ৰণা শুনিবলৈ নাপাওঁ? অৱশ্যে শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকল সিহঁতৰ ওচৰতে থাকি লিখে।
Verse 81
কোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলেহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতত ঘৃণাকাৰীসকলৰ অগ্ৰণী হ’লোহেঁতেন;
Verse 82
সিহঁতে যি আৰোপ কৰে তাৰ পৰা আকাশসমূহ, পৃথিৱীৰ প্ৰতিপালক আৰু অৰছৰ ৰব অতি পৱিত্ৰ-মহান।
Verse 83
এতেকে তুমি সিহঁতক এৰি দিয়া, সিহঁতে মগ্ন থাকক বেহুদা কথাত আৰু খেল-ধেমালিত মত্ত থাকক, সেইদিনৰ সন্মুখীন নোহোৱা লৈকে যিটো দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে।
Verse 84
তেৱেঁই সত্য ইলাহ আকাশত আৰু তেৱেঁই সত্য ইলাহ পৃথিৱীত। তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Verse 85
আৰু তেওঁ বৰকতময়, যাৰ কৰ্তৃত্বত আছে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তু। আৰু কিয়ামতৰ জ্ঞান কেৱল তেওঁৰ ওচৰতেই, আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।
Verse 86
আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও ছুপাৰিছৰ অধিকাৰী নহ’ব, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।
Verse 87
আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে?
Verse 88
আৰু তেওঁৰ (ৰাছুলৰ) এই বাণী যে, ‘হে মোৰ ৰব! নিশ্চয় ইহঁত এনেকুৱা সম্প্ৰদায় যিহঁতে ঈমান পোষণ নকৰিব’।
Verse 89
এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।
تقدم القراءة