الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা القلم ৰ অনুবাদ
Verse 1
ﮉﮊﮋﮌﮍ
ﮎ
নূন; কলমৰ শপত আৰু সিহঁতে যি লিখে তাৰ শপত!
Verse 2
ﮏﮐﮑﮒﮓ
ﮔ
তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহ যে, তুমি উন্মাদ নহয়।
Verse 3
ﮕﮖﮗﮘﮙ
ﮚ
আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰষ্কাৰ।
Verse 4
ﮛﮜﮝﮞ
ﮟ
আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।
Verse 5
ﮠﮡ
ﮢ
এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব--
Verse 6
ﮣﮤ
ﮥ
তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ?
Verse 7
নিশ্চয় তোমাৰ প্ৰতিপালক সম্যক অৱগত সিহঁতৰ বিষয়ে যিহঁতে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু তেওঁ হিদায়ত প্ৰাপ্তসকলৰ বিষয়েও সম্যক পৰিজ্ঞাত।
Verse 8
ﯓﯔﯕ
ﯖ
গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।
Verse 9
ﯗﯘﯙﯚ
ﯛ
সিহঁতে কামনা কৰে যে, তুমি আপোষকামী হোৱা, তেন্তে সিহঁতেও আপোষকামী হ'ব।
Verse 10
ﯜﯝﯞﯟﯠ
ﯡ
আৰু তুমি আনুগত্য নকৰিবা প্ৰত্যেক এনে ব্যক্তিৰ যিয়ে অধিক শপতকাৰী, লাঞ্ছিত,
Verse 11
ﯢﯣﯤ
ﯥ
পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজন চোগলখুৰী কৰি ফুৰে,
Verse 12
ﯦﯧﯨﯩ
ﯪ
কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালঙ্ঘনকাৰী, পাপিষ্ঠ,
Verse 13
ﯫﯬﯭﯮ
ﯯ
দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত;
Verse 14
ﯰﯱﯲﯳﯴ
ﯵ
এই বাবেই যে, সি আছিল ধন-সম্পদ আৰু সন্তান-সন্ততিৰ অধিকাৰী।
Verse 15
যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।
Verse 16
ﯾﯿﰀ
ﰁ
অতি শীঘ্ৰে আমি তাৰ শুৰত (নাকত) দাগ দিম।
Verse 17
নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছো, যেনেকৈ পৰীক্ষা কৰিছিলো উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব।
Verse 18
ﭜﭝ
ﭞ
আৰু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।
Verse 19
সেয়ে তোমাৰ প্ৰতিপালকৰ ওচৰৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুই) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।
Verse 20
ﭧﭨ
ﭩ
ফলত ই (জুই লাগি) কলাবৰ্ণৰ নিচিনা হৈ গ’ল।
Verse 21
ﭪﭫ
ﭬ
ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে,
Verse 22
‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা তেনেহ’লে পুৱতি নিশাই তোমালোকৰ বাগানলৈ যোৱা’।
Verse 23
ﭵﭶﭷ
ﭸ
তাৰ পিছত সিহঁতে যাবলৈ ধৰিলে, আৰু নিম্নস্বৰে এই কথা কৈ আছিল--
Verse 24
ﭹﭺﭻﭼﭽﭾ
ﭿ
যে ‘আজি তাত তোমালোকৰ ওচৰত যাতে কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।
Verse 25
ﮀﮁﮂﮃ
ﮄ
আৰু সিহঁতে পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তি লৈ সক্ষম অৱস্থাত (বাগানলৈ) যাত্ৰা কৰিলে।
Verse 26
ﮅﮆﮇﮈﮉ
ﮊ
তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় পথ হেৰুৱাইছো’।
Verse 27
ﮋﮌﮍ
ﮎ
‘বৰং আমি বঞ্চিত’।
Verse 28
সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’?
Verse 29
ﮗﮘﮙﮚﮛﮜ
ﮝ
সিহঁতে ক’লে, ‘আমি আমাৰ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰোঁ। নিশ্চয় আমি যালিম আছিলো’।
Verse 30
ﮞﮟﮠﮡﮢ
ﮣ
তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।
Verse 31
ﮤﮥﮦﮧﮨ
ﮩ
সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালঙ্ঘনকাৰী আছিলো’।
Verse 32
সম্ভৱতঃ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈয়ো উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। অৱশ্যে আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।
Verse 33
এইদৰেই হয় শাস্তি আৰু আখিৰাতৰ শাস্তি আৰু ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।
Verse 34
ﯡﯢﯣﯤﯥﯦ
ﯧ
নিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।
Verse 35
ﯨﯩﯪ
ﯫ
আমি মুছলিম (আনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি?
Verse 36
ﯬﯭﯮﯯ
ﯰ
তোমালোকৰ কি হৈছে, তোমালোকে এইটো কেনেকুৱা সিদ্ধান্ত কৰা?
Verse 37
ﯱﯲﯳﯴﯵ
ﯶ
তোমালোকৰ ওচৰত কোনো পুথি আছে নেকি য’ত তোমালোকে অধ্যয়ন কৰা--
Verse 38
ﯷﯸﯹﯺﯻ
ﯼ
যে, নিশ্চয় তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যি তোমালোকে পছন্দ কৰা?
Verse 39
অথবা তোমালোকৰ বাবে আমাৰ লগত কিয়ামত পৰ্যন্ত বলবৎ থকা এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা?
Verse 40
ﰊﰋﰌﰍ
ﰎ
তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ জিম্মাদাৰ কোন?
Verse 41
অথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।
Verse 42
সেইদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব;
Verse 43
সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।
Verse 44
এতেক এৰি দিয়া মোক আৰু সিহঁতক যিসকলে এই বাণী প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।
Verse 45
ﭪﭫﭬﭭﭮﭯ
ﭰ
আৰু মই সিহঁতক অৱকাশ দিম। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
Verse 46
তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে?
Verse 47
ﭹﭺﭻﭼﭽ
ﭾ
নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে!
Verse 48
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত আহ্বান কৰিছিল।
Verse 49
যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লেহেঁতেন।
Verse 50
ﮖﮗﮘﮙﮚ
ﮛ
তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভূক্ত কৰিলে।
Verse 51
আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায় যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ এজন উন্মাদ (বলিয়া)’।
Verse 52
ﮩﮪﮫﮬﮭ
ﮮ
অথচ এই কোৰআন কেৱল বিশ্ববাসীৰ বাবে উপদেশ।
تقدم القراءة