الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الماعون ৰ অনুবাদ
Verse 1
ﭦﭧﭨﭩ
ﭪ
তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে?
Verse 2
ﭫﭬﭭﭮ
ﭯ
সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,
Verse 3
ﭰﭱﭲﭳﭴ
ﭵ
আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
Verse 4
ﭶﭷ
ﭸ
এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ,
Verse 5
ﭹﭺﭻﭼﭽ
ﭾ
যিসকলে নিজৰ ছালাতত অমনোযোগী,
Verse 6
ﭿﮀﮁ
ﮂ
যিসকলে আনক দেখুৱাবলৈহে কৰে,
Verse 7
ﮃﮄ
ﮅ
আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।
تقدم القراءة