الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الحديد ৰ অনুবাদ
Verse 1
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 2
আকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বময় কৰ্তৃত্ব তেওঁৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে; আৰু তেৱেঁই সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
Verse 3
তেৱেঁই আদি আৰু অন্ত; প্ৰকাশ্য (ওপৰত) আৰু গোপন (ওচৰত) আৰু তেৱেঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
তেৱেঁই আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ জানে যি ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যি ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ তোমালোকৰ লগত আছে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
Verse 5
আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব তেওঁৰেই আৰু আল্লাহৰ ফালেই সকলো বিষয় প্ৰত্যাবৰ্তিত হয়।
Verse 6
তেৱেঁই ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায়; আৰু তেৱেঁই অন্তৰৰ বিষয়সমূহ সম্পৰ্কে সম্যক অৱগত।
Verse 7
তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী কৰিছে তাৰ পৰা ব্যয় কৰা। এতেকে তোমালোকৰ মাজত যিসকলে ঈমান পোষণ কৰে আৰু (আল্লাহৰ পথত) ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহাপুৰষ্কাৰ।
Verse 8
আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস নকৰা কিয়? অথচ ৰাছুলে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিছে, আৰু আল্লাহেও তোমালোকৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছে, যদি তোমালোকে মুমিন হোৱা।
Verse 9
তেৱেঁই নিজ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে, তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনাৰ বাবে; আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময়, পৰম দয়ালু।
Verse 10
আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয়? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মীৰাছ কেৱল আল্লাহৰেই। তোমালোকৰ মাজত যিসকলে বিজয়ৰ আগত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে, তেওঁলোক (আৰু পৰবৰ্তীসকল) সমান নহয়। তেওঁলোক সিহঁততকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰবৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে। কিন্তু আল্লাহে উভয়ৰ বাবেই কল্যাণৰ প্ৰতিশ্ৰুতি দিছে; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
Verse 11
এনেকুৱা কোন আছে, যিয়ে আল্লাহক উত্তম ঋণ দিব? তেনেহ’লে তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰি দিব আৰু তাৰ বাবে আছে সন্মানজনক পুৰষ্কাৰ।
Verse 12
সেইদিনা তুমি মুমিন নৰ-নাৰীসকলক দেখিবলৈ পাবা যে, তেওঁলোকৰ সন্মুখত আৰু সোঁ ফালে তেওঁলোকৰ নূৰ দৌৰি আছে। (কোৱা হ’ব) ‘আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তোমালোক চিৰস্থায়ী হ’বা, এইটোৱেই মহাসফলতা’।
Verse 13
সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ঈমান্দাৰসকলক ক’ব, ‘তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা, যাতে তোমালোকৰ নূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰো’। কোৱা হ’ব, ‘তোমালোকে নিজৰ পিছফালে উভতি যোৱা আৰু নূৰৰ সন্ধান কৰাগৈ’। তাৰ পিছত উভয়ৰ মাজত স্থাপন হ’ব এটা প্ৰাচীৰ, য’ত এটা দুৱাৰ থাকিব, যাৰ ভিতৰত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি।
Verse 14
মুনাফিকসকলে মুমিনসকলক মাতি ক’ব, ‘আমি তোমালোকৰ লগত নাছিলোনে? তেওঁলোকে ক’ব, ‘হয়, কিন্তু তোমালোকে নিজেই নিজক বিপদগ্ৰস্ত কৰিছা আৰু তোমালোকে প্ৰতীক্ষা কৰিছিলা আৰু সন্দেহ কৰিছিলা আৰু মিছা আকাংক্ষাই তোমালোকক প্ৰতাৰিত কৰি ৰাখিছিল, আৰু অৱশেষত আল্লাহৰ নিৰ্দেশ আহি গ’ল, আৰু (অন্তিম সময়লৈকে) মহাপ্ৰতাৰকে তোমালোকক আল্লাহ সম্পৰ্কে প্ৰতাৰিত কৰিছিল’।
Verse 15
‘এতেকে আজি তোমালোকৰ পৰা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ’ব আৰু যিসকলে কুফৰী কৰিছিল সিহঁতৰ পৰাও নহয়। জাহান্নামেই তোমালোকৰ আবাসস্থল, এইটোৱেই তোমালোকৰ উপযুক্ত স্থান; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাবৰ্তনস্থল!
Verse 16
যিসকলে ঈমান আনিছে তেওঁলোকৰ হৃদয় আল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ বাবে তেওঁলোকৰ অন্তৰ পমি যোৱাৰ সময় হোৱা নাইনে? আৰু তেওঁলোকে যাতে সিহঁতৰ দৰে নহয়, যিহঁতক ইয়াৰ আগত কিতাব দিয়া হৈছিল-- তাৰ পিছত বহু কাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল; আৰু সিহঁতৰ অধিকাংশই ফাছিক্ব।
Verse 17
জানি থোৱা যে, আল্লাহেই পৃথিৱীক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰে। আমি নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰিছো যাতে তোমালোকে বুজিব পাৰা।
Verse 18
নিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে, তেওঁলোকক (ইয়াৰ পৰিবৰ্তে) বহু গুণ বৃদ্ধি কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰষ্কাৰ।
Verse 19
আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনে, তেওঁলোকেই নিজ প্ৰতিপালকৰ ওচৰত ছিদ্দীক্ব আৰু শ্বহীদ (বুলি বিবেচিত)। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰষ্কাৰ আৰু নূৰ; আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছে, সিহঁতেই জাহান্নামৰ অধিবাসী।
Verse 20
জানি থোৱা যে, নিশ্চয় পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য, আৰু তোমালোকৰ পাৰস্পাৰিক গৌৰৱ-অহংকাৰ, ধন-সম্পদ আৰু সন্তান-সন্ততিত প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে, যাৰ দ্বাৰা উৎপন্ন শস্য-সম্ভাৰে কৃষকসকলক আনন্দিত কৰে, তাৰ পিছত সেইবোৰ শুকাই যায়, তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা, অৱশেষত সেইবোৰ খেৰ-কুটাত পৰিণত হয়; আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত ও সন্তুষ্টি; আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।
Verse 21
তোমালোকে নিজ প্ৰতিপালকৰ ক্ষমা আৰু সেই জান্নাত লাভৰ প্ৰয়াসত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা, যাৰ প্ৰশস্ততা আকাশ আৰু পৃথিৱীৰ প্ৰশস্ততাৰ দৰে, যিটো প্ৰস্তুত কৰা হৈছে সেইসকল লোকৰ বাবে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনে। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা তাকেই এইটো প্ৰদান কৰে; আৰু আল্লাহ মহা অনুগ্ৰহশীল।
Verse 22
পৃথিৱীত আৰু তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপদ-আপদ নাই যিটো আমি সেয়া সংঘটিত হোৱাৰ আগতে এখন কিতাপত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ।
Verse 23
এইটো এই বাবে যে, যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিতাপ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা। কাৰণ আল্লাহে কোনো উদ্ধত আৰু অহংকাৰী ব্যক্তিক পছন্দ নকৰে।
Verse 24
যিহঁতে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত) নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।
Verse 25
নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছো, আৰু তেওঁলোকৰ লগত দিছো কিতাব আৰু ন্যায়ৰ মানদণ্ড, যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰে। আমি আৰু অৱতীৰ্ণ কৰিছো লোহা, য’ত আছে প্ৰচণ্ড শক্তি আৰু মানুহৰ বাবে আছে বহুবিধ কল্যাণ। এয়া এই বাবেই যে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে গায়েব অৱস্থাত তেওঁক আৰু তেওঁৰ ৰাছুলক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।
Verse 26
আৰু নিশ্চয় আমি নূহ আৰু ইব্ৰাহীমক ৰাছুলৰূপে প্ৰেৰণ কৰিছিলো আৰু আমি তেওঁলোকৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলো নবুওৱাত আৰু কিতাব। কিন্তু সিহঁতৰ কিছুমানেহে সৎপথ অৱলম্বন কৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।
ইয়াৰ পিছত আমি তেওঁলোকৰ অনুগামী হিচাপে আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলো আৰু মাৰয়াম পুত্ৰ ঈছাকো অনুগামী কৰিছিলো, আৰু তেওঁক আমি দিছিলো ইঞ্জিল আৰু তেওঁৰ অনুসাৰীসকলৰ অন্তৰত দিছিলো কৰুণা আৰু দয়া; আৰু বৈৰাগ্যবাদ—এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল। আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলো; অথচ এইটোও সিহঁতে যথাযথভাৱে পালন কৰা নাই। কিন্তু সিহঁতৰ মাজত যিসকলে ঈমান আনিছিল, সিহঁতক আমি সিহঁতৰ পুৰষ্কাৰ প্ৰদান কৰিছিলো; কিন্তু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।
Verse 28
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা। তেওঁ নিজ অনুগ্ৰহত তোমালোকক দ্বিগুণ পুৰষ্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকক প্ৰদান কৰিব নূৰ, যাৰ সহায়ত তোমালোকে চলিব পাৰিবা আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Verse 29
এয়া এই বাবেই যে, যাতে আহলে কিতাবসকলে জানিব পাৰে যে, আল্লাহৰ সামান্যতম অনুগ্ৰহতো সিহঁতৰ কোনো অধিকাৰ নাই; আৰু নিশ্চয় অনুগ্ৰহ আল্লাহৰেই হাতত, যাক ইচ্ছা তেওঁ তাক প্ৰদান কৰে, আৰু আল্লাহ মহা অনুগ্ৰহশীল।
تقدم القراءة