الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الجمعة ৰ অনুবাদ
Verse 1
আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যি যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, যিজন অধিপতি, মহাপৱিত্ৰ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 2
তেৱেঁই উম্মীসকলৰ মাজত সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছে, যিজনে সিহঁতৰ ওচৰত তেওঁৰ আয়াতসমূহ তিলাৱাত কৰে, সিহঁতক পৱিত্ৰ কৰে আৰু সিহঁতক কিতাব ও হিকমতৰ শিক্ষা দিয়ে; যদিও ইতিপূৰ্বে সিহঁত ঘোৰ বিভ্ৰান্তিত আছিল;
Verse 3
আৰু সিহঁতৰ মাজৰ পৰা অন্যান্যসকলৰ প্ৰতিও, (এই ৰাছুলকেই প্ৰেৰণ কৰা হৈছে) যিসকলে এতিয়াও সিহঁতৰ লগত মিলিত হোৱা নাই আৰু আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Verse 4
এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা তাক সেয়া দান কৰে; আৰু আল্লাহ মহানুগ্ৰহৰ অধিকাৰী।
Verse 5
যিসকলক তাওৰাতৰ দায়িত্বভাৰ দিয়া হৈছিল, কিন্তু সিহঁতে ইয়াক বহন কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে- গাধৰ দৰে! যিয়ে বহু কিতাপৰ বোজা বহন কৰে। কিমান যে নিকৃষ্ট সেই সম্প্ৰদায়ৰ দৃষ্টান্ত যিহঁতে আল্লাহৰ আয়াতসমূহক মিছা বুলি অমান্য কৰে; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
Verse 6
কোৱা, হে ইয়াহুদীসকল! যদি তোমালোকে ভাবা যে, আন আন মানুহৰ বাহিৰে অকল তোমালোকেই আল্লাহৰ বন্ধু, তেন্তে তোমালোকে মৃত্যু কামনা কৰা যদি তোমালোকে সত্যবাদী।
Verse 7
কিন্তু সিহঁতৰ হাতে আগলৈ যি প্ৰেৰণ কৰিছে তাৰ কাৰণে সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক অৱগত।
Verse 8
কোৱা, যি মৃত্যুৰ পৰা তোমালোকে পলায়ন কৰা সেয়া নিশ্চয় তোমালোকৰ লগত সাক্ষাৎ কৰিব। তাৰ পিছত তোমালোকক প্ৰত্যাবৰ্তন কৰোৱা হ’ব গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী আল্লাহৰ ওচৰত। তেওঁ তোমালোকক জনাই দিব যি তোমালোকে আমল কৰিছিলা।
Verse 9
হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।
Verse 10
তাৰ পিছত ছালাত সমাপ্ত হ’লে তোমালোকে পৃথিৱীত প্ৰসাৰিত হৈ যোৱা আৰু আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।
Verse 11
আৰু সিহঁতে যেতিয়া ব্যৱসায় অথবা ক্ৰীড়া-কৌতুক দেখা পায় তেতিয়া সিহঁতে তোমাক থিয় অৱস্থাতেই ৰাখি সেইফালে ধাৱিত হয়। কোৱা, আল্লাহৰ ওচৰত যি আছে সেয়া ক্ৰীড়া-কৌতুক আৰু ব্যৱসায়-বাণিজ্যতকৈয়ো উৎকৃষ্ট; আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ জীৱিকাদাতা।
تقدم القراءة