الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা المنافقون ৰ অনুবাদ
Verse 1
যেতিয়া মুনাফিকসকল তোমাৰ ওচৰত আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে, ‘নিশ্চয় আপুনি আল্লাহৰ ৰাছুল’; আৰু আল্লাহে জানে যে, তুমি নিশ্চয় তেওঁৰ ৰাছুল আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল মিছলীয়া।
Verse 2
সিহঁতে নিজৰ শপতবোৰক ঢালৰূপে ব্যৱহাৰ কৰে। ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!
Verse 3
এয়া এই বাবেই যে, সিহঁতে ঈমান আনাৰ পিছত কুফৰী কৰিছে। ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে; সেয়ে সিহঁত নুবুজা হৈছে।
Verse 4
আৰু তুমি যেতিয়া সিহঁতৰ প্ৰতি লক্ষ্য কৰিবা তেতিয়া সিহঁতৰ দেহৰ আকৃতি তোমাক মুগ্ধ কৰিব আৰু সিহঁতে যেতিয়া কথা কয় তুমি সিহঁতৰ কথা আগ্ৰহেৰে শুনি থাকা। সিহঁত বেৰত লগাই থোৱা কাঠৰ খুটাৰ দৰে; সিহঁতে যিকোনো শব্দক নিজৰ বিৰুদ্ধে ধাৰণা কৰে। সিহঁতেই শত্ৰু, এতেকে সিহঁতৰ বিষয়ে সতৰ্ক হোৱা; আল্লাহে সিহঁতক ধ্বংস কৰক! সিহঁতক ক’লৈ উভতাই নিয়া হৈছে!
Verse 5
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আহা, আল্লাহৰ ৰাছুলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব’, তেতিয়া সিহঁতে মূৰ জুকাৰি অস্বীকৃতি জনায়, আৰু তুমি সিহঁতক অহংকাৰ কৰি বিমুখ হৈ গুচি যোৱা দেখিবলৈ পাবা।
Verse 6
তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা, উভয়টো সিহঁতৰ বাবে সমান। আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। নিশ্চয় আল্লাহ ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Verse 7
সিহঁতে কয়, ‘তোমালোকে আল্লাহৰ ৰাছুলৰ সহচৰসকলৰ বাবে ব্যয় নকৰিবা, যাতে সিহঁত আঁতৰি যায়’। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰ আল্লাহৰেই, কিন্তু মুনাফিক্বসকলে নুবুজে।
Verse 8
সিহঁতে কয়, ‘আমি মদীনাত উভতি গ’লে নিশ্চয় তাৰ পৰা শক্তিশালীসকলে দুৰ্বলসকলক বহিষ্কাৰ কৰিব’। অথচ শক্তি-সন্মান কেৱল আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ। কিন্তু মুনাফিক্বসকলে সেয়া নাজানে।
Verse 9
হে ঈমান্দাৰসকল! তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা উদাসীন নকৰে; আৰু যিহঁত এনেকুৱা উদাসীন হ’ব সিহঁতেই ক্ষতিগ্ৰস্ত।
Verse 10
আৰু মই তোমালোকক যি জীৱিকা দান কৰিছো তোমালোকৰ ওচৰত মৃত্যু অহাৰ আগতে তাৰ পৰা ব্যয় কৰা, (কাৰণ মৃত্যু অহাৰ পিছত সি ক’ব) হে মোৰ প্ৰতিপালক! ‘মোক আৰু কিছু সময়ৰ বাবে অৱকাশ দিলে মই ছাদক্বা কৰিলোহেঁতেন আৰু সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন’!
Verse 11
আৰু যেতিয়া কাৰোবাৰ নিৰ্দিষ্ট সময় উপস্থিত হ’ব, তেতিয়া আল্লাহে তাক কেতিয়াও অৱকাশ নিদিব। তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
تقدم القراءة