الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা الحجر ৰ অনুবাদ
Verse 1
আলিফ-লাম-ৰা, এইবোৰ হৈছে মহাগ্ৰন্থ আৰু সুস্পষ্ট কোৰআনৰ আয়াত।
Verse 2
কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুমিন হ’লেহেঁতেন!
Verse 3
এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, আৰু আশা-আকাংক্ষাই সিহঁতক গাফিল কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব।
Verse 4
আৰু আমি যি জনপদকেই ধ্বংস কৰিছো তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।
Verse 5
কোনো জাতিয়ে তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইও নিব নোৱাৰে।
Verse 6
আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি এজন উন্মাদ’।
Verse 7
যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত তেন্তে আমাৰ ওচৰত ফিৰিস্তা উপস্থিত নকৰা কিয়?
Verse 8
আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণবিহীন প্ৰেৰণ নকৰো, আৰু (ফিৰিস্তাসকল উপস্থিত হ’লে) তেতিয়া সিহঁত অৱকাশও নাপালেহেঁতেন।
Verse 9
নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।
Verse 10
অৱশ্যে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছো।
Verse 11
আৰু সিহঁতৰ ওচৰত এনে কোনো ৰাছুল আহা নাই যাক সিহঁতে উপহাস কৰা নাছিল।
Verse 12
ﮰﮱﯓﯔﯕ
ﯖ
এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰো,
Verse 13
ইহঁত কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।
Verse 14
আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰ খুলি দিলোহেঁতেন, আৰু সিহঁত তাত আৰোহণ কৰিলে হয়,
Verse 15
তথাপিও সিহঁত ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টি সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।
Verse 16
আৰু অৱশ্যে আমি আকাশত বৰুজসমূহ সৃষ্টি কৰিছো আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছো।
Verse 17
ﭙﭚﭛﭜﭝ
ﭞ
আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি সেইবোৰক সুৰক্ষিত কৰিছো;
Verse 18
কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাৰ পিছ লয়।
Verse 19
আৰু পৃথিৱী, ইয়াক আমি বিস্তৃত কৰিছো, তাত আমি স্থাপন কৰিছো পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছো সুপৰিমিতভাৱে,
Verse 20
আৰু তাত আমি জীৱিকাৰ ব্যৱস্থা কৰিছো তোমালোকৰ বাবে আৰু তোমালোক যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও।
Verse 21
আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ আৰু আমি সেয়া পৰিজ্ঞাত পৰিমাণেই অৱতীৰ্ণ কৰো।
Verse 22
আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰো, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰো, সেয়া তোমালোকক পান কৰিবলৈ দিওঁ; অথচ তোমালোক নিজে সেয়া ভাণ্ডাৰত সঞ্চয়কাৰী নহয়।
Verse 23
ﮕﮖﮗﮘﮙﮚ
ﮛ
আৰু আমিয়েই জীৱন দান কৰো আৰু মৃত্যু ঘটাওঁ আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী।
Verse 24
আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতক জানো আৰু অৱশ্যে সিহঁতকো জানো যিসকলে পশ্চাদগামী হৈছে।
Verse 25
নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Verse 26
আৰু অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা,
Verse 27
আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছো উত্তপ্ত অগ্নিশিখাৰ পৰা।
Verse 28
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছো;
Verse 29
এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,
Verse 30
ﯶﯷﯸﯹ
ﯺ
তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে,
Verse 31
কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে।
Verse 32
আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’?
Verse 33
সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰো’।
Verse 34
ﭦﭧﭨﭩﭪ
ﭫ
তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত;
Verse 35
ﭬﭭﭮﭯﭰﭱ
ﭲ
আৰু নিশ্চয় প্ৰতিদান দিৱস লৈকে তোৰ ওপৰত থাকিল অভিসম্পাত।
Verse 36
ﭳﭴﭵﭶﭷﭸ
ﭹ
সি ক’লে, ‘হে মোৰ ৰব! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিনলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।
Verse 37
ﭺﭻﭼﭽ
ﭾ
তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল,
Verse 38
ﭿﮀﮁﮂ
ﮃ
‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।
Verse 39
সি ক’লে, ‘হে মোৰ ৰব! তুমি যে মোক বিপথগামী কৰিলা সেই বাবে অৱশ্যে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি তুলিম আৰু অৱশ্যে আমি সিহঁতৰ আটাইকে বিপথগামী কৰিম,
Verse 40
ﮏﮐﮑﮒ
ﮓ
‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
Verse 41
ﮔﮕﮖﮗﮘ
ﮙ
আল্লাহে ক’লে, ‘এইটোৱে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।
Verse 42
‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’;
Verse 43
ﮦﮧﮨﮩ
ﮪ
‘নিশ্চয় জাহান্নাম সিহঁত সকলোৰে প্ৰতিশ্ৰুত স্থান’,
Verse 44
‘সেইটোৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ (চয়তানৰ অনুসাৰীসকলৰ বাবে) নিৰ্দিষ্ট অংশ আছে’।
Verse 45
ﯕﯖﯗﯘﯙ
ﯚ
নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।
Verse 46
ﯛﯜﯝ
ﯞ
তেওঁলোকক কোৱা হ’ব, ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।
Verse 47
আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব,
Verse 48
তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কৃতও কৰা নহ’ব।
Verse 49
মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই পৰম ক্ষমাশীল, পৰম দয়ালু,
Verse 50
ﯻﯼﯽﯾﯿ
ﰀ
আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি!
Verse 51
ﰁﰂﰃﰄ
ﰅ
আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা,
Verse 52
যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত উপস্থিত হৈ ক’লে, ‘ছালাম’, তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’।
Verse 53
তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছো’।
Verse 54
তেওঁ ক’লে, ‘বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’?
Verse 55
তেওঁলোকে ক’লে, ‘আমি সত্য সুসংবাদ দিছো; এতেকে আপুনি নিৰাশ নহ’ব’।
Verse 56
তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’?
Verse 57
ﭽﭾﭿﮀﮁ
ﮂ
তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’?
Verse 58
ﮃﮄﮅﮆﮇﮈ
ﮉ
তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে---
Verse 59
ﮊﮋﮌﮍﮎﮏ
ﮐ
কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম,
Verse 60
ﮑﮒﮓﮔﮕﮖ
ﮗ
কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছো যে, নিশ্চয় তাই পিছত অৱস্থানকাৰী সকলৰ অন্তৰ্ভুক্ত’।
Verse 61
ﮘﮙﮚﮛﮜ
ﮝ
তাৰ পিছত ফিৰিস্তাসকল যেতিয়া লূত পৰিয়ালৰ ওচৰত আহিল,
Verse 62
ﮞﮟﮠﮡ
ﮢ
তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’।
Verse 63
তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোৱে লৈ আহিছো যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছিল’;
Verse 64
ﮫﮬﮭﮮ
ﮯ
‘আৰু আমি আপোনাৰ ওচৰত সত্য সংবাদ লৈ আহিছো আৰু নিশ্চয় আমি সত্যবাদী’;
Verse 65
‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওঁক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওঁক’।
Verse 66
আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিলো যে, নিশ্চয় সিহঁতক উষাৰ লগে লগে সমূলি বিনাশ কৰা হ’ব।
Verse 67
ﯪﯫﯬﯭ
ﯮ
আৰু নগৰবাসী উল্লাসিত হৈ উপস্থিত হ’ল।
Verse 68
ﯯﯰﯱﯲﯳﯴ
ﯵ
তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’।
Verse 69
ﯶﯷﯸﯹ
ﯺ
‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’।
Verse 70
ﯻﯼﯽﯾﯿ
ﰀ
সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলো নে’?
Verse 71
ﭑﭒﭓﭔﭕﭖ
ﭗ
লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়ে কৰা)’।
Verse 72
ﭘﭙﭚﭛﭜ
ﭝ
তোমাৰ জীৱনৰ শপত! নিশ্চয় সিহঁত তেওঁলোকৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল।
Verse 73
ﭞﭟﭠ
ﭡ
ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞঁৰে সিহঁতক আহি ধৰিলে;
Verse 74
তাৰ পিছত আমি জনপদক ওলোটাই তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলো।
Verse 75
ﭫﭬﭭﭮﭯ
ﭰ
নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।
Verse 76
ﭱﭲﭳ
ﭴ
আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।
Verse 77
ﭵﭶﭷﭸﭹ
ﭺ
নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন।
Verse 78
ﭻﭼﭽﭾﭿ
ﮀ
আৰু আইকাহ বাসীসকলেও আছিল সীমালংঘনকাৰী,
Verse 79
ﮁﮂﮃﮄﮅ
ﮆ
সেই কাৰণে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছো, আৰু দুয়োটা জনপদ প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।
Verse 80
ﮇﮈﮉﮊﮋ
ﮌ
আৰু অৱশ্যে হিজৰবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰিছিল;
Verse 81
ﮍﮎﮏﮐﮑ
ﮒ
আমি সিহঁতক আমাৰ নিদৰ্শন প্ৰদান কৰিছিলো, কিন্তু সিহঁতে সেয়া উপেক্ষা কৰিছিল।
Verse 82
ﮓﮔﮕﮖﮗﮘ
ﮙ
আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।
Verse 83
ﮚﮛﮜ
ﮝ
তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিলে।
Verse 84
ﮞﮟﮠﮡﮢﮣ
ﮤ
এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত আহা নাছিল।
Verse 85
আকাশসমূহ আৰু পৃথিৱী লগতে এই দুয়োৰ মাজৰ কোনো বস্তুৱেই আমি যথাৰ্থতাৰ বাহিৰে সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।
Verse 86
ﯗﯘﯙﯚﯛ
ﯜ
নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহাস্ৰষ্টা, মহাজ্ঞানী।
Verse 87
আৰু আমি তোমাক প্ৰদান কৰিছো পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন।
Verse 88
আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছো তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা),
Verse 89
ﯵﯶﯷﯸﯹ
ﯺ
আৰু কোৱা, ‘নিশ্চয় মই প্ৰকাশ্য সতৰ্ককাৰী’।
Verse 90
ﯻﯼﯽﯾ
ﯿ
যিদৰে আমি অৱতীৰ্ণ কৰিছিলো বিভক্তকাৰী সকলৰ ওপৰত;
Verse 91
ﭑﭒﭓﭔ
ﭕ
যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।
Verse 92
ﭖﭗﭘ
ﭙ
এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম,
Verse 93
ﭚﭛﭜ
ﭝ
সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল।
Verse 94
ﭞﭟﭠﭡﭢﭣ
ﭤ
এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।
Verse 95
ﭥﭦﭧ
ﭨ
নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট,
Verse 96
যিসকলে আল্লাহৰ লগত আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই (ইয়াৰ পৰিণাম) সিহঁতে জানিব পাৰিব।
Verse 97
আৰু অৱশ্যে আমি এই কথা জানো যে, সিহঁতৰ কথাত তোমাৰ মন সংকুচিত হয়;
Verse 98
ﭻﭼﭽﭾﭿﮀ
ﮁ
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।
Verse 99
ﮂﮃﮄﮅﮆ
ﮇ
আৰু তোমাৰ মৃত্যু নাহা লৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।
تقدم القراءة