surah.translation .
من تأليف: الشيخ رفيق الإسلام حبيب الرحمن .

শপত বুৰূজবিশিষ্ট আকাশৰ,
শপত প্ৰতিশ্ৰুতিকৃত দিনৰ,
শপত দ্ৰষ্টা আৰু দৃষ্টৰ,
অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,
য’ত আছিল ইন্ধনপূৰ্ণ জুই।
যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;
আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।
আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত,
যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।
নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, আৰু সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত; এইটোৱে মহাসাফল্য।
নিশ্চয় তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী অতি কঠোৰ।
তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,
নিশ্চয় তেওঁ ক্ষমাশীল, অতিস্নেহশীল।
আৰছৰ অধিপতি, সন্মানিত।
তেওঁ যি বিচাৰে সেইটোৱে কৰে।
তোমাৰ ওচৰত সৈন্যবাহিনীৰ বৃত্তান্ত আহিছেনে?
ফিৰআউনৰ আৰু ছামূদৰ।
তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;
আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।
প্ৰকৃততে ই সন্মানিত কোৰআন,
সুৰক্ষিত ফলকত লিপিবদ্ধ।