ترجمة معاني سورة القمر
 باللغة الأسامية من كتاب الترجمة الأسامية
            .
            
                                    من تأليف: 
                                             الشيخ رفيق الإسلام حبيب الرحمن
                                                            .
                                                
            
                                                                                                            ﰡ
                                                                                        
                    
                                                                                    কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদু’। 
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু সিহঁতৰ ওচৰত সংবাদসমূহ আহি পাইছে, য’ত আছে সতৰ্কবাণী,
                                                                         
                                                                                                                                        
                    
                                                                                    এটা পৰিপূৰ্ণ হিকমত, কিন্তু ভীতিপ্ৰদৰ্শন সিহঁতৰ কোনো কামত আহা নাই।
                                                                         
                                                                                                                                        
                    
                                                                                    এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,
                                                                         
                                                                                                                                        
                    
                                                                                    অপমানিত অৱনমিত নয়নেৰে সেইদিনা সিহঁতে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেন সিহঁত বিক্ষিপ্ত ফৰিঙহে,
                                                                         
                                                                                                                                        
                    
                                                                                    সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-সন্ত্ৰস্ত অৱস্থাত গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো বৰ কঠিন দিন’।
                                                                         
                                                                                                                                        
                    
                                                                                    ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ এজন বলিয়া’, আৰু তেওঁক ভীতি প্ৰদৰ্শন কৰা হৈছিল।
                                                                         
                                                                                                                                        
                    
                                                                                    তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।
                                                                         
                                                                                                                                        
                    
                                                                                    ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলো,
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলো; ফলত গোটেই পানী মিলিত হ’ল এটা পৰিকল্পনা অনুসাৰে। 
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু আমি তাক (নূহক) কাঠ আৰু পেৰেক নিৰ্মিত নৌযানত আৰোহণ কৰালো।
                                                                         
                                                                                                                                        
                    
                                                                                    যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰষ্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছো; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী?
                                                                         
                                                                                                                                        
                    
                                                                                    এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
                                                                         
                                                                                                                                        
                    
                                                                                    আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল? 
                                                                         
                                                                                                                                        
                    
                                                                                    নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলো প্ৰচণ্ড শীতল ধুমুহা নিৰবিচ্ছিন্ন অমঙ্গল দিনত,
                                                                         
                                                                                                                                        
                    
                                                                                    সেই ধুমুহাই মানুহক উৎখাত কৰিছিল, যেন সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ড।
                                                                         
                                                                                                                                        
                    
                                                                                    এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
                                                                         
                                                                                                                                        
                    
                                                                                    ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেহ’লে আমি পথভ্ৰষ্টতাত আৰু উন্মত্ততাত পতিত হম।
                                                                         
                                                                                                                                        
                    
                                                                                    আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি এজন মিছলীয়া, দাম্ভিক’।
                                                                         
                                                                                                                                        
                    
                                                                                    অহাকালি নিশ্চয় সিহঁতে গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।
                                                                         
                                                                                                                                        
                    
                                                                                    নিশ্চয় আমি সিহঁতৰ বাবে পৰীক্ষাস্বৰূপ উট পঠাই আছো, এতেকে তুমি সিহঁতৰ বিষয়ে অপেক্ষা কৰা আৰু ধৈৰ্যধাৰণ কৰা।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ অংশত উপস্থিত হ’ব।
                                                                         
                                                                                                                                        
                    
                                                                                    তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।
                                                                         
                                                                                                                                        
                    
                                                                                    এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল? 
                                                                         
                                                                                                                                        
                    
                                                                                    নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলো এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালী সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ গ’ল।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
                                                                         
                                                                                                                                        
                    
                                                                                    লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।
                                                                         
                                                                                                                                        
                    
                                                                                    নিশ্চয় আমি সিহঁতৰ ওপৰত শীল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলো, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো ৰাতিৰ শেষাংশত,
                                                                         
                                                                                                                                        
                    
                                                                                    আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধান বাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু নিশ্চয় সিহঁতে লূতৰ পৰা তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলো (আৰু ক’লো), মোৰ শাস্তি আৰু সাৱধান বাণীৰ সোৱাদ লোৱা।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু নিশ্চয় পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত বিৰামহীন শাস্তি নামি আহিছিল।
                                                                         
                                                                                                                                        
                    
                                                                                    ‘এতেকে মোৰ শাস্তি আৰু সাৱধান বাণীৰ পৰিণাম ভোগ কৰা’।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো সতৰ্ককাৰী আহিছিল;
                                                                         
                                                                                                                                        
                    
                                                                                    সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিলে, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিলো।
                                                                         
                                                                                                                                        
                    
                                                                                    তোমালোকৰ মাজৰ কাফিৰসকল সেইসকল কাফিৰতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে?
                                                                         
                                                                                                                                        
                    
                                                                                    নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজয় দল’?
                                                                         
                                                                                                                                        
                    
                                                                                    এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠ দেখুৱাই পলায়ন কৰিব,
                                                                         
                                                                                                                                        
                    
                                                                                    বৰং কিয়ামত সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্তকৰ;
                                                                         
                                                                                                                                        
                    
                                                                                    নিশ্চয় অপৰাধীসকল বিভ্ৰান্তি আৰু শাস্তিত আছে।
                                                                         
                                                                                                                                        
                    
                                                                                    যিদিনা সিহঁতক নাক চোঁচৰাই টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ স্পৰ্শ ভোগ কৰা’।
                                                                         
                                                                                                                                        
                    
                                                                                    নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছো।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু আমাৰ আদেশ কেৱল এটা কথা, চকুৰ পলকৰ দৰে।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছো; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে?
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু সকলো সৰু-বৰ কথা লিখিত আছে।
                                                                         
                                                                                                                                        
                    
                                                                                    নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত,
                                                                         
                                                                                                                                        
                    
                                                                                    যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।