ترجمة معاني سورة المدّثر
 باللغة الأسامية من كتاب الترجمة الأسامية
            .
            
                                    من تأليف: 
                                             الشيخ رفيق الإسلام حبيب الرحمن
                                                            .
                                                
            
                                                                                                            ﰡ
                                                                                        
                    
                                                                                                                                        
                    
                                                                                                                                        
                    
                                                                                    আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ কৰা,
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।
                                                                         
                                                                                                                                        
                    
                                                                                    এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব,
                                                                         
                                                                                                                                        
                    
                                                                                    সেই দিনটো হ’ব এটা সংকটৰ দিন-
                                                                         
                                                                                                                                        
                    
                                                                                    যিটো কাফিৰসকলৰ বাবে সহজ নহয়।
                                                                         
                                                                                                                                        
                    
                                                                                    যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছো তাক মোৰ হাতত এৰি দিয়া। 
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু যাক মই প্ৰদান কৰিছো বিপুল ধন-সম্পদ, 
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু (প্ৰদান কৰিছো) নিত্যসঙ্গী পুত্ৰবোৰ।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু তাক প্ৰদান কৰিছো স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ-
                                                                         
                                                                                                                                        
                    
                                                                                    তথাপিও সি কামনা কৰে যে, মই তাক আৰু অধিক দিওঁ!
                                                                         
                                                                                                                                        
                    
                                                                                    কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।
                                                                         
                                                                                                                                        
                    
                                                                                    অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।
                                                                         
                                                                                                                                        
                    
                                                                                    নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।
                                                                         
                                                                                                                                        
                    
                                                                                    এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?
                                                                         
                                                                                                                                        
                    
                                                                                    আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?
                                                                         
                                                                                                                                        
                    
                                                                                    তাৰ পিছত সি লক্ষ্য কৰিলে।
                                                                         
                                                                                                                                        
                    
                                                                                    তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।
                                                                         
                                                                                                                                        
                    
                                                                                    তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।
                                                                         
                                                                                                                                        
                    
                                                                                    তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,
                                                                         
                                                                                                                                        
                    
                                                                                                                                        
                    
                                                                                    অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু কিহে তোমাক জনাব ছাক্বাৰ কি?
                                                                         
                                                                                                                                        
                    
                                                                                    ই একো অৱশিষ্ট নাৰাখিব আৰু এৰিও নিদিব।
                                                                         
                                                                                                                                        
                    
                                                                                    ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।
                                                                         
                                                                                                                                        
                    
                                                                                    ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছো; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপ আমি সিহঁতৰ সংখ্যা নিৰ্ধাৰণ কৰিছো যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায় আৰু যাতে কিতাবপ্ৰাপ্তসকলে আৰু মুমিনসকলে সন্দেহ পোষণ নকৰে; আৰু যাতে ইয়াৰ ফলত যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।
                                                                         
                                                                                                                                        
                    
                                                                                    কেতিয়াও নহয়, চন্দ্ৰৰ শপত,
                                                                         
                                                                                                                                        
                    
                                                                                    ৰাতিৰ শপত, যেতিয়া ইয়াৰ অৱসান ঘটে,
                                                                         
                                                                                                                                        
                    
                                                                                    প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়-
                                                                         
                                                                                                                                        
                    
                                                                                    নিশ্চয় জাহান্নাম মহাবিপদসমূহৰ অন্যতম,
                                                                         
                                                                                                                                        
                    
                                                                                    মানুহৰ বাবে সতৰ্ককাৰীস্বৰূপ-
                                                                         
                                                                                                                                        
                    
                                                                                    তোমালোকৰ মাজত যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।
                                                                         
                                                                                                                                        
                    
                                                                                    প্ৰত্যেক ব্যক্তি নিজ কৃতকৰ্মৰ বাবে দায়বদ্ধ,
                                                                         
                                                                                                                                        
                    
                                                                                    কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে,
                                                                         
                                                                                                                                        
                    
                                                                                    জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব,
                                                                         
                                                                                                                                        
                    
                                                                                                                                        
                    
                                                                                    কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে?
                                                                         
                                                                                                                                        
                    
                                                                                    সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো,
                                                                         
                                                                                                                                        
                    
                                                                                    ‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলো,
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলো।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলো,
                                                                         
                                                                                                                                        
                    
                                                                                    অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।
                                                                         
                                                                                                                                        
                    
                                                                                    এতেকে ছুপাৰিছকাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।
                                                                         
                                                                                                                                        
                    
                                                                                    এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে?
                                                                         
                                                                                                                                        
                    
                                                                                    সিহঁতে যেন ভীত-সন্ত্ৰস্ত হৈ পলায়নৰত বনৰীয়া গাধ।
                                                                         
                                                                                                                                        
                    
                                                                                    যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।
                                                                         
                                                                                                                                        
                    
                                                                                    বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।
                                                                         
                                                                                                                                        
                    
                                                                                    কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।
                                                                         
                                                                                                                                        
                    
                                                                                    কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।
                                                                         
                                                                                                                                        
                    
                                                                                    এতেকে যাৰ ইচ্ছা সি ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰক।
                                                                         
                                                                                                                                        
                    
                                                                                    আৰু আল্লাহৰ ইচ্ছাবিহীন কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।